বচন (Proposition) 

বচনঃ

    বচনৰ সংজ্ঞা, গঠন, গুণ, পৰিমাণ, সম্বন্ধ আৰু নিশ্চয়তা অনুসৰি বচনৰ পৌৰাণিক শ্ৰেণীবিভাগ, বচনৰ চতুবৰ্গীয় শ্ৰণীবিভাগজন।

Definition of proposition, structure of proposition, classification of proposition  according to quality, quantity, relation and modality. Four fold scheme if proposition- A, E, I, O,

    তৰ্কবিজ্ঞানক সাধাৰণতে অনিমানৰ বি৫ান বুলি অভিহিত কৰা হয়। যুক্তি বা অনুমানেই তৰ্কবিজ্ঞানৰ মুখ্য আলোচ্য বিষয়। যুক্তি বা অনুমানৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে কিছুমান আনুষংগিক বিষয় যেনে- বচন, বচনৰ সংজ্ঞা, ইয়াৰ বিভিন্ন অংশ আদিৰ বিয়েও জানি লোৱা দৰকাৰ। যিহেতু এই আনুষংগিক বিষয়বোৰ অনিমান বা যুক্তিৰ লগত জড়িত হৈ আছে সেয়েহে এইবোৰৰ স্পষ্ট ধাৰণা অবিহনে অনুমান অসম্ভৱ হৈ পৰে।

অৱধাৰণ আৰু বচন (Judgement and Proposition)ঃ

    দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বোলে।

    অৱধাৰণ এটা মানসিক প্রক্রিয়া। এই প্রক্রিয়াৰ দ্বাৰা প্রত্যয় বা ধাৰণাৰ (ideas or concepts) মাজত সম্বন্ধ স্থাপন কৰা হয়। যেনে— সকলাে কাউৰী হয় ক’লা’, ‘কোনাে মানুহ নহয় পূর্ণ ইয়াত প্ৰথমটোৰ ক্ষেত্ৰত ‘কাউৰী আৰু ক'লা’ এই দুটা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হৈছে অর্থাৎ ‘ক’লা’ এই গুণটোক সকলাে কাউৰীৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত মানুহ আৰু ‘পূর্ণতা’ এই দুটা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰা হৈছে। অর্থাৎ সকলাে মানুহ সম্পর্কে পূর্ণতা গুণটোক অস্বীকাৰ কৰা হৈছে। 

    গতিকে দুটা ধাৰণা বা প্রত্যয়ৰ মাজত সম্বন্ধ স্থাপন অর্থাৎ এটা ধাৰণাক আনটো ধাৰণা সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰাৰ মানসিক প্রক্রিয়াই অৱধাৰণ৷ অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্রকাশিত হয় তেতিয়া তাক বচন বােলে।


বচনৰ সংজ্ঞা (Definition of Proposition)ঃ

    পৰম্পৰাগত তৰ্কবিজ্ঞান বুলিলে ঘাইকৈ আমি এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলৰ তৰ্কবিজ্ঞানমূলক চিন্তা পদ্ধতি আৰু নীতি-নিয়মসমূহৰ ওপৰত প্রতিষ্ঠিত তর্কশাস্ত্রকে বুজো। পৰম্পৰাগত তর্কবিজ্ঞানীসকলৰ মতে, বচন হ’ল দুটা পদৰ মাজৰ এক সম্বন্ধৰ উক্তি। প্রত্যেক বচনতে তিনিটা অংশ থাকে। দুটা পদ আৰু এই পদ দুটাৰ মাজত থকা সম্বন্ধসূচক চিন। রচনৰ এই অংশ তিনিটাক যথাক্রমে উদ্দেশ্য, সংযােজক আৰু বিধেয় বােলে। উদাহৰণ স্বৰূপে ‘গাখীৰ হয় বগা। ইয়াত গাখীৰ আৰু বগা এই পদ দুটাৰ মাজত থকা সম্বন্ধটোক উল্লেখ কৰা হৈছে।

Type Himanku Bora