বচনৰ গঠন (Structure of Proposition)ঃ

    বচন এটা গঠন কৰিবলৈ হ'লে তিনিটা অংশৰ প্রয়ােজন হয়। উদ্দেশ্য, সংযােজক আৰু বিধেয়। উদ্দেশ্য আৰু বিধেয় এই অংশ দুটাক পদ বুলি কোৱা হয় কিয়নাে পদ হ’বলৈ হ'লে বচনত উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত হ'বই লাগিব। আনহাতে, সংযােজক পদ হ’ব নােৱাৰে কাৰণ সংযােজক কেতিয়াও বচনত উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত নহয়। সংযোজক হ’ল পদ দুটাৰ মাজৰ সম্বন্ধ উল্লেখ কৰা শব্দ বা চিন। 

উদ্দেশ্য (Subject)ঃ বচনৰ যি অংশটোৱে কাৰােবাৰ বিষয়ে কোৱা কথাৰ নির্দেশ কৰে তাক উদ্দেশ্য বােলে। অর্থাৎ বচনত যি পদ সম্পর্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বােলে। 

বিধেয় (Predicate)ঃ বচনৰ যি অংশটোৱে উদ্দেশ্য সম্বন্ধে নির্দেশ কৰে তাক বিধেয় বােলে। অৰ্থাৎ বচনত উদ্দেশ্য সম্পৰ্কে যি স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে।

সংযােজক (Copula)ঃ যি শব্দই বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো স্থাপন কৰে তাক সংযােজক বােলে। অর্থাৎ সংযােজক হ’ল পদ দুটাৰ মাজৰ সম্বন্ধসূচক চিন। উদাহৰণ স্বৰূপে- 

(1) কিছুমান মানুহ হয় জ্ঞানী। 

(2) কিছুমান মানুহ নহয় জ্ঞানী। 
    
    প্রথম উদাহৰণটোত মানুহৰ বিষয়ে কোৱা হৈছে, গতিকে বচনটোত ই উদ্দেশ্য পদ। জ্ঞানী বিধেয় পদ কাৰণ উদ্দেশ্য পদ ‘কিছুমান মানুহ সম্পর্কে জ্ঞানীৰ কথা স্বীকাৰ কৰা হৈছে। হয়’ সংযােজক কাৰণ হয়’ শব্দটোৱে মানুহ আৰু জ্ঞানীৰ মাজত এক সদর্থক সম্পর্ক স্থাপন কৰিছে। 

    দ্বিতীয় উদাহৰণটোত ‘মানুহৰ বিষয়ে কোৱা হৈছে। গতিকে বচনটোত ই উদ্দেশ্য পদ। জ্ঞানী বিধেয় পদ কাৰণ উদ্দেশ্য পদ ‘কিছুমান মানুহ সম্পর্কে জ্ঞানী এই বিধেয় পদটোক অস্বীকাৰ কৰা হৈছে। নহয়’ সংযােজক। নহয়’ শব্দটোৱে কিছুমান মানুহ আৰু জ্ঞানীৰ মাজত এক নঞর্থক সম্পর্ক স্থাপন কৰিছে।



সংযৌজকৰ স্বৰূপ (Nature of Copula)ঃ

    বচনত উদ্দেশ্য আৰু বিধেয় পদ দুটাৰ মাজৰ সম্বন্ধ স্থাপন কৰা শব্দটোক সংযোজক বোলে।

    তৰ্কবিজ্ঞানত সংযোজনত সংযোজকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সংযোজকৰ স্বৰূপ প্ৰসংগত তৰ্কবিদসকলে মত পোষণ কৰে যে কেৱল ভূ-ধাতুহে বচনত সংযােজক হিচাপে ব্যৱহাৰ হ’ব পাৰে। অন্য কোনাে ধাতু বা ক্রিয়া হ’ব নােৱাৰে। অকল ভূ-ধাতুৱেহে পদ দুটাৰ মাজত থকা সম্বন্ধক স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে। যিহেতু আন ধাতুবােৰ প্রায় ক্ষেত্রতে বিধেয়ৰ লগত সংযুক্ত হৈ থাকে সেয়েহে পদ দুটাৰ মাজত থকা সম্বন্ধক আন ধাতুববাৰে স্পষ্টভাৱে প্ৰকাশ কৰিব নােৱাৰে। গতিকে অকল ভূ-ধাতুহে এই গুৰুত্বপূর্ণ ভূমিকাত সমর্থ হয়। বিভিন্ন কালত ‘ভূ’ ধাতুৰ বিভিন্ন ৰূপ পােৱা যায়। বর্তমান কালত হও’, ‘হােৱা’, ‘হয়’, অতীত কালত ‘হৈছিলাে’, ‘হৈছিলা’ আৰু ভৱিষ্যত কালত ‘হম’, ‘হ’বা’, ‘হ’ব’। কাল সম্পর্কে যদিও বিভিন্ন দার্শনিকৰ মাজত মতানৈক্য থকা দেখিবলৈ পােৱা যায়, সংযােজক কিন্তু বর্তমান কালৰ হােৱা উচিত কাৰণ বচন এটা অতীত কালত থাকিলেও আমি বর্তমান সময়তহে তাক প্রকাশ কৰিছাে। যদি সংযােজকটোক বর্তমান কালত ৰাখাে তেতিয়াহে বচনৰ কালৰ এক সত্যতা সংৰক্ষিত হ’ব। বচন অতীতত কালৰে হওক বা ভৱিষ্যৎ কালৰে হওক আমি তাক তর্কশাস্ত্রসন্মত বচনলৈ ৰূপান্তৰিত কৰিলে বচনটোৰ কালক তাত ৰাখিব লাগে। উদাহৰণ স্বৰূপে, ‘শ্রীকৃষ্ণ বসুদেৱৰ পুত্ৰ আছিল। অতীত কালৰ এই বচনটো আমি তর্কবিজ্ঞানসম্মত বচনলৈ পৰিৱৰ্তন কৰিলে এনেকুৱা হ’ব— 'শ্রীকৃষ্ণ হয় এনে এজন যি বসুদেৱৰ পুত্ৰ আছিল। লীনা কাইলৈ স্কুললৈ যাব। ভৱিষ্যৎ কালৰ এই বচনটো তর্কশাস্ত্রসম্মত ৰূপত এনেকুৱা হ’ব লীনা হয় এনে যি কাইলৈ স্কুললৈ যাব’। বচনৰ সংযােজকটো সদর্থকো হ’ব পাৰে, নঞর্থকো হ'ব পাৰে। সংযােজকৰ সদর্থকতা আৰু নঞর্থকতাই বচনটো সদর্থক হ’বনে নঞর্থক হ'ব তাক নির্ণয় কৰে। সংযােজক সদর্থক হলে বচনটো সদর্থক আৰু সংযােজক নঞর্থক হলে বচনটো নঞর্থক হ'ব। 

    কেতিয়াবা বচনত সংযােজকটো উহ্য থকা দেখিবলৈ পােৱা যায়। পৃথিৱীখন ঘূৰণীয়া এই বচনটোত উদ্দেশ্য আৰু বিধেয়ৰ সংযােগকাৰী শব্দটো উপস্থিত থকা নাই। তর্কবিজ্ঞানসন্মত ৰূপত সজালে এই বচনটোৰ আকাৰ হ’ব পৃথিৱীখন হয় ঘৰণীয়া’। আকৌ কেতিয়াবা বচনটো ক্রম অনুযায়ী নাথাকে। উদাহৰণ স্বৰূপে ‘তেওঁ সাধু নহয়। তেওঁ সাধু নহয় এই বচনটোক আমি সত্য বুলি ক'ব নােৱাৰাে। কিয়নাে বচনৰ নিয়ম অনুযায়ী সংযােজকটো সদায় পদ দুটাৰ মাজতহে থাকিব লাগে। কিন্তু দেখা গৈছে যে সংযােজকটো পদ দুটাৰ পিছতহে আছে। সেয়েহে বচনটো তর্কশাস্ত্রসম্মত ৰূপত হ’ব ‘তেওঁ নহয় সাধু। 

    সংক্ষেপে সংযােজকৰ প্রকৃতি উল্লেখ কৰা হ’ল— 

(i) সংযােজক পদ নহয়। দুটা পদৰ মাজত থকা এক সম্বন্ধ সূচক চিন মাত্র। 

(ii) সংযােজক সদায় ভূ-ধাতুৰহে হ'ব লাগে। 

(iii) ভূ-ধাতুৰৰ কেৱল নিত্য বর্তমান কালৰ ৰূপহে সংযােজক হিচাপে ব্যৱহাৰ হ’ব পাৰে। 

(iv) সংযােজক সদর্থকো হ’ব পাৰে, নঞর্থকো হ’র পাৰে। 

(v) তর্কবিজ্ঞানসন্মত বচনত ‘ সংযােজক’টো স্পষ্টভাৱে আৰু ক্ৰম অনুযায়ী প্ৰকাশিত হ'ব লাগে।

Type Himanku Bora