সাধাৰণ বাক্যত বচনলৈ পৰিৱৰ্তন

    তৰ্কবিজ্ঞান হ'ল ভাষাৰে প্ৰকাশিত চিন্তাৰ বিজ্ঞান। এই ভাষাৰ মূল ভিত্তি হ'ল বচনসমূহ। কিন্তু বহু সময়ত আমি আমাৰ চিন্তাসমূহ সাধাৰণ বাক্যৰ দ্বাৰাই প্ৰকাশ কৰো, যি কিছুমান ক্ষেত্ৰত আমাৰ বাবে অস্পষ্ট আৰু অবোধগম্য হৈ পৰে। আমি সাধাৰণতে ব্যৱহাৰ কৰা বাক্যবোৰৰ সকলোতে 'পৰিমাণক',ত 'উদ্দেশ্য', 'বিধেয়' এই অংশকেইটা স্পষ্ট ৰূপত নাথাকে। সেয়েহে সাধাৰণ বাক্যসমূহক সম্ভৱপৰ ক্ষেত্ৰত এইদৰে যুক্তিপূৰ্ণ বচনৰ স্পষ্ট ৰূপ দিয়াই হ'ল তৰ্কবিজ্ঞানৰ উদ্দেশ্য। বাক্যক এইদৰে বচনৰ ৰূপ দিয়াকে বচন সৰলীকৰণ বুলি কোৱা হয়।

    তৰ্কবিজ্ঞানসন্মত বচনসমূহৰ স্পষ্ট ৰূপ বা আকাৰ কেইটা হৈছে- A, E, I আৰু O। আমি সাদাৰণতে ব্যৱহাৰ কৰা বাক্যবোৰৰ অৰ্থ স্পষ্ট আৰু সহজে বুজিব পৰাকৈ গঢ়ি তোলাই হৈছে বচনৰ সৰলীকৰণৰ লক্ষ্য। উদাহৰণ স্বৰূপে এটা বাক্য লোৱা হ'ল-

    'মানুহ মৰণশীল'।

    এই বাক্যটোৰ অৰ্থ হৈছে- 'সকলো মানুহ মৰণশীল'। ইয়াক তৰ্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰিলে হ'ব-

    'সকলো মানুহ হয় মৰণশীল'। ইয়াত 'সকলো' পৰিমাণক, 'মানুহ' উদ্দেশ্য, 'হয়' সংযোজক আৰু 'মৰণশীল' বিধেয়। 

    এইদৰে বাক্যত বচনলৈ নিয়াৰ ক্ষেত্ৰত মনকৰিবলগীয়া কথাকেইটা হৈছে-

(1) বাক্যবোৰ তৰ্কবিজ্ঞান সন্মত A, E, I আৰু O বচনৰ যিকোনো এটা ৰীপলৈ নিব লাগিব।

(2) পৰিবৰ্তন কৰিবলগীয়া বাক্য আৰু পৰিবৰ্তনীয় বচনৰ অৰ্থ একেই থাকিব লাগিব।

(3) বাক্যত উল্লেখ নাথাকিলেও বচনৰ ক্ষেত্ৰত পৰিমাণক, উদ্দেশ্য, সংযোজক, বিধেয় স্পষ্ত ৰূপত ক্ৰম অনুসৰি লিখিব লাগে।

(4) নঞৰ্থক বাক্যত থকা নঞৰ্থক শব্দ বা চিহ্নটো বচনৰ  ক্ষেত্ৰত সদায় সংযোজকৰ লগত লিখিব লাগিব, ই বিধেয়ৰ লগত হ'ব নালাগিব। উদাহৰণ স্বৰূপে- 'সিংহই ঘাঁহ নাখায়'। এই বাক্যটোৰ বচনাত্মক ৰূপ হ'ব এনেদণৰ-'কোনো সিংহ নহয়ট এনে যি ঘাঁহ খায়।

(5) পৰিমাণক স্পষ্ট ৰূপত উল্লেখ নথকা বাক্যসমূহৰ ক্ষেত্ৰত বাক্যটোৱে প্ৰকাশ কৰা অর্থটোলৈ লক্ষ্য কৰি পৰিমাণ নির্দেশক শব্দ ব্যৱহাৰ কৰিব লাগে। যেনে— ‘ গােটেইবােৰ ছাত্র শ্ৰেণীত উপস্থিত নাই। ইয়াৰ অর্থ হ’ল— ‘কিছুমান ছাত্র উপস্থিত আছে আৰু কিছুমান নাই। কিন্তু প্রদত্ত বাক্যটো নঞর্থক হােৱা বাবে আমি নঞর্থক ৰূপত গ্রহণ কৰিব লাগিব। সেইবাবে ইয়াৰ বচনাত্মক ৰূপ হ’ব এনেধৰণৰ কিছুমান ছাত্র নহয় এনে যি শ্ৰেণীত উপস্থিত আছে’ (O)। 

(6) বাক্যক বচনলৈ ৰূপান্তৰিত কৰাৰ পিছত বচনটোৰ সোঁফালে বা বাওঁফালে- A, E, I আৰু 0 এইকেইটা বচন চিহ্নৰ যিটো প্রযােজ্য সেইটো লিখিব লাগে। 

(7) বাক্যক বচনলৈ নিয়াৰ ক্ষেত্ৰত প্রয়ােজন সাপেক্ষে বিধেয়ৰ আগত এনে যি’ অথবা ‘এনে যিয়ে’ আদি শব্দৰ ব্যৱহাৰে বচনটোক অধিক শুৱলা আৰু স্পষ্ট ৰূপত প্রকাশ কৰিবলৈ সহায় কৰে। 

    উদাহৰণ স্বৰূপে- ‘প্রত্যেক মানুহেই ভুল কৰে ইয়াক শুৱলা আৰু স্পষ্ট ৰূপত প্রকাশ কৰিলে এনেধৰণৰ- 

সকলাে মানুহ হয় এনে যিয়ে ভুল কৰে। আমি সাধাৰণতে ব্যৱহাৰ কৰা বাক্যবােৰ A, E, I আৰু 0 বচন কোনটো ৰূপত প্রকাশ কৰিব লাগিব তাৰ বাবে কিছুমান নিয়ম গ্রহণ কৰিলে আমাৰ বাবে সহজ হয়। এই নিয়মসমূহ তলত দিয়া ধৰণৰ-

 1. সকলাে, প্রত্যেক, সমগ্র, সমস্ত, যিকোনাে, যিয়ে আদি শব্দৰে আৰম্ভ হােৱা সদর্থক। বাক্যবােৰক A বচনলৈ ৰূপান্তৰ কৰিব লাগে। যেনে— 

(a) সকলাে মানুহেই দ্বিপদী। 

    A— সকলাে মানুহ হয় এনে যি দ্বিপদী। 

(b) প্রত্যেক সিংহই মাংসহাৰী 

    A— সকলাে সিংহ হয় এনে যি মাংসহাৰী। 

(c) সমগ্র ফলেই হয় খাদ্যপ্রাণযুক্ত। 

    A— সকলাে ফল হয় এনে যি খাদ্যপ্রাণযুক্ত। 

(d) যিকোনাে লােকেই শিষ্টাচাৰ বুজি পায়। 

    A— সকলাে মানুহ হয় এনে যিসকলে শিষ্টাচাৰ বুজি পায়। 

(e) যিয়ে কাঠােল দাঙিব পাৰিব তেঁৱেই বলবান। 

    A— সকলাে কাঠােল দাঙিব পৰা লোেক হয় এনে যিসকল বলবান। 

    আনহাতে সকলাে, সমস্ত, সমগ্র, যিকোনাে, যিয়ে, প্রত্যেক আদি শব্দৰে আৰম্ভ হােৱা নঞর্থক বাক্যবােৰ 0 বচনলৈ ৰূপান্তৰ কৰিব লাগে। উদাহৰণ স্বৰূপে— 

(i) সকলাে খবৰেই সত্য নহয়। 

    0— কিছুমান খবৰ নহয় সত্য। 

(ii) সমগ্ৰ ভাৰতবাসী হিন্দু নহয়। 

    0— কিছুমান ভাৰতবাসী নহয় হিন্দু। 

(iii) যিকোনাে মানুহেই সৎ নহয়। 

    0— কিছুমান মানুহ নহয় সৎ। 

2. কোনাে কোনাে, কিছুমান, কেইটামান, ভালেমান, অধিকাংশ, বহুতাে, প্রায় সকলাে আদি শব্দৰে আৰম্ভ হােৱা বাক্যবােৰ সদর্থক হলে I বচনলৈ আৰু নঞর্থক হলে 0 বচনলৈ পৰিবৰ্তন কৰিব লাগে। 

উদাহৰণ স্বৰূপে— 

(i) কোনাে কোনাে লােকে সামৰিক শাসন সমর্থন কৰে।

    I— কিছুমান লােক হয় এনে যি সামৰিক শাসন সমর্থন কৰে। 

(ii) ভালেমান ছাত্রই প্রথম বিভাগ পাব। 

    I— কিছুমান ছাত্র হয় এনে যি প্রথম বিভাগ পাব। 

(iii) অধিকাংশ চৰায়েই উৰিব পাৰে। 

    I— কিছুমান চৰাই হয় এনে যি উৰিব পাৰে। 

(iv) অধিকাংশ সদস্যই সভাত উপস্থিত নাই। 

    O— কিছুমান সদস্য নহয় এনে যিসকল সভাত উপস্থিত আছে। 

(v) এই পুথিভঁৰালৰ প্রায় সকলাে কিতাপেই ইংৰাজী ভাষাৰ নহয়। 

    O— কিছুমান কিতাপ এই পুথিভঁৰালৰ নহয় ইংৰাজী ভাষাৰ। 

3. যিবােৰ বাক্যত সর্বত্র, সর্বদা, অৱশ্যে, সম্পূৰ্ণৰূপে আদি শব্দ যুক্ত হয় আৰু সদর্থক হয়, তেনে বাক্যক A বচনলৈ ৰূপান্তৰ কৰিব লাগে। আনহাতে, নঞর্থক হলে 0 বচনলৈ ৰূপান্তৰ কৰিব লাগে। 

উদাহৰণ স্বৰূপে—

(i) এই জিলাৰ বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে চৰকাৰী।

    A— সকলো এই জিলাৰ বিদ্যালয় হয় এনে যি চৰকাৰী।

(ii) উদ্যোগপতিসকল অৱশ্যেই বিত্তবান।

    A—সকলো সাধু লোক হয় আদৰণীয়।

(iii) সাধু লোক সৰ্বদা আদৰণীয়।

    A— সকলো সাধু লোক হয় আদৰণীয়।

(iv) মানুহবোেৰ সম্পূৰ্ণৰূপে শুদ্ধ নহয়। 

    O— কিছুমান মানুহ নহয় সম্পূর্ণ শুদ্ধ। 

(v) দুর্নীতিপৰায়ণসকল সর্বদা সুখী নহয়। 

    O— কিছুমান দুর্নীতিপৰায়ণ নহয় সুখী। 

4. বেছিভাগ, প্ৰায়েই, অধিকাংশ ক্ষেত্ৰত, কেতিয়াবা আদি শব্দযুক্ত সদর্থক বাক্যসমূহ I বচনলৈ নিব লাগে। আনহাতে, নঞর্থক বাক্যসমূহ 0 বচনলৈ নিব লাগে। উদাহৰণ স্বৰূপে 

(i) বেছিভাগ ছাত্রই শিষ্টাচাৰী নহয়। 

    O— কিছুমান ছাত্র নহয় শিষ্টাচাৰী। 

(ii) সাধাৰণতে মানুহ বিবেকবান হয়। 

    I— কিছুমান মানুহ হয় বিবেকবান। 

(iii) অধিকাংশ ক্ষেত্ৰত উৰাবাতৰি সঁচা নহয়। 

    O— কিছুমান উৰাবাতৰি নহয় সঁচা। 

(iv) প্রায় মানুহেই বিনােদন ভাল পায়। 

    I— কিছুমান মানুহ হয় এনে যি বিনােদন ভাল পায়। 

5. কেৱল, অকল, একমাত্র আদি শব্দযুক্ত বাক্যবােৰক বচনলৈ ৰূপান্তৰ কৰােতে A, E আৰু I তিনিটা প্ৰকাৰলৈ নিব পাৰি। এনে শব্দযুক্ত বচনবােৰক ঐকান্তিক বা ব্যৱর্তক বচন বােলে। এনে বাক্যক পৰিৱৰ্তন কৰােতে তলত দিয়া কথা কেইটা মন কৰিব লাগে। 

(i) A বচনলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে আশ্রয়। বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ স্থান সিদ্ধান্তত পৰিৱৰ্তন কৰা হয়। 

(ii) E বচনলৈ পৰিৱৰ্তন কৰােতে আশ্রয় বাক্যৰ উদ্দেশ্যৰ বিৰুদ্ধ পদটো সিদ্ধান্তৰ উদ্দেশ্য ৰূপে ব্যৱহাৰ কৰা হয় আৰু সংযােজক নঞর্থক ৰূপত প্ৰকাশ কৰা হয়। 

(iii) I লৈ পৰিৱৰ্তন কৰিলে কিছুমান শব্দৰে বাক্য আৰম্ভণি কৰিব লাগে। 

উদাহৰণ স্বৰূপে— 

(a) কেৱল হাইস্কুল উত্তীর্ণসকলেই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ হ’ব পাৰে। 

A— সকলাে উচ্চতৰ মাধ্যমিক ছাত্র হয় এনে যি হাইস্কুল উত্তীর্ণ। 

E— কোনাে হাইস্কুল অনুত্তীর্ণ নহয় উচ্চতৰ মাধ্যমিকৰ ছাত্র। 

I— কিছুমান হাইস্কুল উত্তীর্ণ লােক হয় উচ্চতৰ মাধ্যমিকৰ ছাত্র। 

(b) একমাত্র সৈনিকসকলেই দেশখনক শত্ৰুৰ পৰা ৰক্ষা কৰে। 

A— সকলাে শত্ৰুৰ পৰা দেশ ৰক্ষা কৰা লােক হয় এনে যিসকল সৈনিক। 

E— কোনাে অসৈনিক নহয় এনে যিসকল দেশ ৰক্ষা কৰা লােক।

I— কিছুমান সৈনিক হয় দেশ ৰক্ষা কৰা লােক।

6. বাহিৰে, বাদে আদি শব্দযুক্ত বাক্যবােৰৰ ক্ষেত্ৰত যদি বাদ দিয়া অংশটো নির্দিষ্টকৈ দেখুওৱা হয় তেন্তে বচনটো সামান্য ৰূপলৈ নিয়া হয়। আনহাতে, বাদ দিয়া অংশটোৰ স্পষ্ট উল্লেখ নাথাকিলে বচনটোৰ বিশেষ ৰূপ দিয়া হয়। উদাহৰণ স্বৰূপে 

(i) মনােজৰ বাহিৰে সকলাে অতিথিয়ে নিমন্ত্রণ ৰক্ষা কৰিলে। 

A— মনােজৰ বাহিৰে সকলাে অতিথি হয়। এনে যি নিমন্ত্রণ ৰক্ষা কৰিলে। 

(ii) এজনক বাদ কৰি সকলাে অতিথিয়ে নিমন্ত্রণ ৰক্ষা কৰিলে। 

I— কিছুমান অতিথি হয় এনে যি নিমন্ত্রণ ৰক্ষা কৰিলে। 

(iii) পাৰাৰ বাহিৰে সকলাে ধাতুৱেই গােটা। 

A— পাৰাৰ বাহিৰে সকলাে ধাতু হয়। গােটা। 

7. কম, কমেই, কদাচিৎ, কাচিৎ আদি শব্দযুক্ত বাক্যবােৰক নঞর্থক বুলি ধৰা হয়। সেইবাবে এনেবােৰ সদর্থক বাক্যক বচনলৈ পৰিৱর্তন। কৰােতে নঞর্থক (O) ৰূপ দিয়া হয়। আনহাতে, এনে শব্দযুক্ত নঞর্থক বাক্যবােৰক বিশেষ সদর্থক (I) ৰূপ দিয়া হয়। 

(i) কমেই মানুহ অন্ধবিশ্বাস মুক্ত। 

O— কিছুমান মানুহ নহয় অন্ধবিশ্বাস মুক্ত। 

(ii) জ্ঞানী লােকে কদাচিৎ অসত্য নকয়। 

I— কিছুমান জ্ঞানী লােক হয় এনে যি অসত্য কয়। 

8. ‘কোনাে নহয়’, ‘কেতিয়াও নহয়’, ‘ক’তাে নহয়’, ‘কোনাে উপায়ে নহয়’, ‘কোনাে ক্ষেত্ৰতে নহয় ’ আদি শব্দযুক্ত নঞর্থক বাক্যসমূহক E বচনলৈ ৰূপান্তৰিত কৰিব লাগে। উদাহৰণ স্বৰূপে 

(i) নিঃস্বার্থ লােক ক’তাে নাই।

E— কোনাে লােক নহয় নিঃস্বার্থ। 

(ii) মানুহ কেতিয়াও সম্পূৰ্ণৰূপে সুখী নহয় । 

E— কোনাে মানুহ নহয় সুখী। 

(iii) মৰুভূমিত কেতিয়াও বৰষুণ নহয়। 

E— কোনাে মৰুভূমি নহয় এনে যত বৰষুণ হয়। 

9. বিশিষ্ট বচনৰ ক্ষেত্ৰত যদি উদ্দেশ্যটো নির্দিষ্ট বিশিষ্ট পদ হয় আৰু বাক্যটো সদর্থক হয়। তেন্তে A বচনলৈ আৰু নঞর্থক হলে E বচনলৈ ৰূপান্তৰ কৰিব লাগে। আনহাতে, উদ্দেশ্যটো অনির্দিষ্ট পদ হলে সদর্থক বাক্যক I বচনলৈ আৰু নঞর্থক বাক্যক 0 বচনলৈ ৰূপান্তৰ কৰিব লাগে। উদাহৰণ স্বৰূপে 

(i) শংকৰদেৱ ৰাজনীতিবিদ নহয়। 

E— শংকৰদেৱ নহয় ৰাজনীতিবিদ। 

(ii) মাজুলী পৃথিৱীৰ সর্ববৃহৎ নদী দ্বীপ। 

A— মাজুলী হয় পৃথিৱীৰ সর্ববৃহৎ নদ্বী দ্বীপ। 

(ii) এজন বিখ্যাত মানুহ আজিৰ সভাৰ সভাপতি। 

I— কিছুমান বিখ্যাত মানুহ হয় আজিৰ সভাৰ সভাপতি। 

(iv) এজন মানুহে আমিষ আহাৰ নাখায়। 

O— কিছুমান মানুহ নহয় এনে যি আমিষ আহাৰ খায়।

10. কিছুমান ইচ্ছাববাধক, প্রশ্নবােধক বা আদেশসূচক বাক্য আছে যাৰ অন্তর্নিহিত অর্থ স্পষ্ট হৈয়ে থাকে, সেইবােৰৰ অর্থ অনুসৰি উপযুক্ত বচনলৈ ৰূপান্তৰ কৰিব লাগে। যেনে— 

(i) অসন্তুষ্ট মানুহৰ সুখ ক'ত? 

E— কোনাে অসন্তুষ্ট মানুহ নহয় এনে যাৰ সুখ আছে। 

(ii) ভগৱানে সকলােৰে মংগল কৰক। 

A— ভগৱানে সকলােৰে মংগল কৰাটো হয় কাম্য। 

(iii) যা, মংগল সাধিব খুজিছ যদি ভাল কাম 

A— মংগলৰ বাবে হয় ভাল কাম কৰণীয়। 

(iv) বাঃহু কি সুন্দৰ বাগিচা। 

A— বাগিচাখন হয় সুন্দৰ। 

11. যিবােৰ বাক্যত পৰিমাণক, স্থান, কাল আদি স্পষ্ট ৰূপত নাথাকে, তেনে বাক্যক অর্থ অনুসৰি ৰূপ দিব লাগে আৰু পৰিমাণক, উদ্দেশ্য আদি স্পষ্ট ৰূপত লিখিব লাগে। উদাহৰণ স্বৰূপে' 

(i) মানুহ অমৰ নহয়। 

E— কোনাে মানুহ নহয় অমৰ। 

(ii) কমলাবােৰ পকা নহয়। 

O— কিছুমান কমলা নহয় পকা। 

(iii) সন্ধ্যা লাগিছে। 

A— সময়টো হয় সন্ধ্যা। 

(iv) বতাহ বলিছে। 

A— বতৰটো হয় বতাহপূর্ণ।

পাঠৰ মূলকথাঃ

1. বাক্যৰ উপাদান শব্দবোৰক ক্ৰম অনুসৰি পৰিমাণক, উদ্দেশ্য, সংযোজক, বিধেয় এইদৰে শৃংখলাবদ্ধ স্পষ্ট ৰূপ দিয়াকে বচনৰ সৰলীকৰণ বুলিব পাৰি।

2. বাক্যক সৰলীকৰণ ৰূপ দিওঁতে A, E, I আৰু O বচনলৈ ৰূপান্তৰিত কৰা হয়। 

3. বাক্যৰ সৰলীকৰণৰ উদ্দেশ্য হ'ল বাক্যৰ অৰ্থ স্পষ্ট আৰু সহজবোধ্য কৰি তোলা।

4. বাক্যক বচনলৈ ৰূপান্তৰিত কৰাৰ পিছত A, E, I, O) এই বচন চিহ্নি কেইটাৰে চিহ্নিত কৰা প্ৰয়োজন।

Type Himanku Bora