নিগমন অনুমানৰ বৈশিষ্ট্যঃ

(a) সিদ্ধান্তটো এক বা একাধিক আশ্ৰয়বাক্য়ৰ পৰা নিঃসৃত হয়।

(b) সিদ্ধান্তটো আশ্ৰয়বাক্যত নিহিত হৈ থাকে আৰু আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয়।

(c) সিদ্ধান্তটো সমান  আশ্ৰয়বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। অৱশ্যে ই আশ্ৰয়বাক্যৰ সমান ব্যাপক হ'ব পাৰে।

(d) সিদ্ধান্তটো আশ্ৰয়বাক্যত নিহিত হৈ থাকে বাবে আশ্ৰয়বাক্য সত্য হ'লে সিদ্ধান্তও সত্য হ'ব।

(e) নিগমন অনুমানৰ উদ্দেশ্য হৈছে যুক্তিৰ আকাৰতচ সত্যতা বা বৈধতা বা সংলগ্নতা (Consistency) নিৰ্ণয় কৰা। ই অনুমানৰ বস্তুগত সত্যতাৰ লগত জড়িত নহয়। সিদ্ধান্তটো অনুমানৰ নীতি-নিয়ম অনুসৰি আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্ষভাৱে নিঃসৃত হ'লেই অনুমনটো আকাৰগতভাৱে বৈধ হ'ব। অৱশ্যে আশ্ৰয়বাক্যবোৰ বস্তুগতভাৱে সত্য হ'ব।



আগমন অনুমানৰ বৈশিষ্টঃ

(a) সিদ্ধান্ত সদায় একাধিক আশ্ৰয়বাক্যৰ পৰা নিঃসৃত হয়।

(b) সিদ্ধান্তটো আশ্ৰয়বাক্যত নিহিত হৈ নাথাকে বাবে সিদ্ধান্ত আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত নহয়।

(c) সিদ্ধান্ত আশ্ৰয়বাক্যতকৈ বেছি ব্যাপক অৰ্থাৎ সিদ্ধান্তই আশ্ৰয়বাক্যক অতিক্ৰম কৰি যায়।

(d) সিদ্ধান্তই আশ্ৰয়বাক্যক অতিক্ৰম কৰে বাবে আশ্ৰয়বাক্যৰ সত্যতাৰ পৰা পৰা সিদ্ধান্তৰ সত্যতা প্ৰমাণিত নহয়, অৰ্থাৎ সিদ্ধান্তৰ সত্যতাত সংশয় থাকে।

(e) আগমন অনুমানৰ সিদ্ধান্তই সত্য প্ৰমাণ কৰিবল নোৱাৰিলেও ই সত্য আৱিষ্কাৰত সহায়ক হয়।

আগমন আৰু আগমন অনুমানৰ পাৰ্থক্যঃ

(1) নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় আৰু আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয়। 

(2) নিগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়। আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যত নিহিত হৈ নাথাকে। সেয়েহে ইয়াত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত নহ'বও পাৰে। 

(3) নিগমন অনুমানত সিদ্ধান্ত কেতিয়াও আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নােৱাৰে। কিন্তু আগমন অনুমানত সিদ্ধান্ত সদায় আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব। 

(4) নিগমন অনুমানত সিদ্ধান্তই আশ্রয়বাক্যক অতিক্ৰম কৰি যাব নােৱাৰে। সেয়েহে ইয়াত আশ্রয়বাক্য সত্য হলে সিদ্ধান্তও সত্য হব। আগমন অনুমানত সিদ্ধান্তই আশ্রয়বাক্যক অতিক্ৰম কৰি যায়। সেয়েহে ইয়াত আশ্রয়বাক্য সত্য হলে সিদ্ধান্ত সত্য হ’বনে মিথ্যা হ’ব সেইটো নিশ্চিত নহয়। নিগমন অনুমানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীত হােৱাৰ যিটো প্রক্রিয়া, সেই প্রক্রিয়া হৈছে সামান্যৰ পৰা বিশেষলৈ যােৱাৰ প্রক্রিয়া। আনহাতে, আগমন অনুমানত সেই প্রক্রিয়া হৈছে বিশেষৰ পৰা সামান্যলৈ যােৱাৰ প্রক্রিয়া। দুয়ােটা ক্ষেত্রতে সেয়েহে যুক্তিৰ গঠন পদ্ধতি বেলেগ বেলেগ। তথাপি সত্যতা লাভৰ ক্ষেত্ৰত এটা আনটোৰ পৰিপূৰক। কাৰণ নিগমন অনুমান জ্ঞানৰ আকাৰগত সত্যতাৰ লগত জড়িত আৰু আগমন অনুমান বস্তুগত সত্যতাৰ লগত জড়িত। আকাৰগত আৰু বস্তুগত উভয় সত্যতাই একক সত্যতাৰেই ৰূপ। গতিকে নিগমন আৰু আগমন সত্যতা লাভৰ ক্ষেত্ৰত এটা আনটোৰ পৰিপূৰক। 

    যিহেতু আমাৰ আলােচনাৰ বিষয়বস্তু নিগমন অনুমান, গতিকে পৰৱর্তী পর্যায়ত আমি কেৱল নিগমন অনুমানৰ বিষয়েহে আলােচনা কৰিম।

Type Himanku Bora