মৌচম গগৈ গীত | Moucham Gogoi Assamese Song | মৌচম গগৈ অসমীয়া গীত সমূহ 



দুচকুতে হাঁহে তোমাৰ কিয়

 

 

দুচকুতে হাঁহে তোমাৰ কিয় জানা

বিচাৰি ফুৰে যেন কিবা ঠিকনা ।

মই বিচাৰো কিনো তুমি জানো জানা

তোমাৰ হিয়াতে জিৰাব দিয়ানা

মন পিছলে তোমাক দেখিলে

কি কৰো এবাৰ কোৱা ?

 

ইকাতি-সিকাতি কৰি ওৰে ৰাতি

ভাবো তামোৰে কথাকে মই ।

বলিয়া যৌৱনৰ আশাবোৰ পূৰামেই

তোমাকে নিজৰ কৰি লৈ ।

তোমাকে নিজৰ কৰি লৈ

দুচকুত হাঁহে তোমাৰ....।

 

মনৰে বাকৰিত ওলামেই পাপৰি

তোমাৰে পৰশ পাবলৈ ।

লাজে নে ভয়তে বেয়া পোৱা তুমি

মোলৈ ওবাৰ চাবলে ।।

 

 

দুচকু মেলিবৰে পৰা

 

 

দুচকু মেলিবলে পৰা

তুমিয়েই দি আছা ধৰা

মোৰ প্ৰিয়া

তুমি জানো মোৰ নোহোৱা

 

যেতিয়া মই ভাবো তোমাক

এন্ধাৰতো নামে জোনাক

মোৰ উশাহত প্ৰতি পল

মাথোঁ থাকা তুমি

 

যদিও দূৰণিতে থাকো

নিতে সপোনত তোমাকে দেখোঁ

তুমি পাহৰি গলেও

মৰম নাজাব কমি

দুচকু মেলিব...

 

দিশাহাৰা হৈ যদি হাৰো

যদি তোমাক কাষত বিচাৰো

দিবানে প্ৰেৰণা মোক

মেলি তোমাৰ দুহাত

 

মই ভবাবোৰ তুমি তুমি ভাবানে

ভাবি বাৰু কিবা পোৱানে

মই আজীৱন ৰৈ থাকিম জানা

তোমাৰে আশাত

দুচকু মেলিবৰেপৰা তুমিয়েই...।।

 

 

কলিজা ফালি দেখুৱালে

 

কলিজা ফালি দেখুৱালে

তাতে তোমাৰ ছবি পাবা ।

তোমালে মৰম কিমান আছে

দিলে চাগে তুমি ল’বা ।

কলিজা ফালি দেখুৱালে

তাতে তোমাৰ ছবি পাবা ।

তোমিওতো

মনে মনে

মোৰে কথা ভাবা

বুকুৰে হৈ

আছা আমঠু যে

তুমি মনৰ ভিতৰলে এবাৰ চোৱা জুমি

কলিজা ফালি...।।

পিৰীতিৰে জখলা বগাই |

লওঁ দিয়া মৰমবোৰ ভগাই

বুকুতে বুকু থৈ ।

তোমিওতো মনে মনে

মোৰে কথা ভাবা

বুকুৰে হৈ

আছা আমঠু যে

তুমি মনৰ ভিতৰলে এবাৰ...

সাঁচতীয়া আশাবোৰ জগাই

দু-দুবাহুতে দু-পাখি লগাই

উৰি যাম তোমাকে লৈ ।

সাঁচতীয়া...।

তোমিওতো...।

বুকুৰে হৈ...।।

 

 

 

মৰমী তুমি দূৰে দূৰে নৰবা

 

মৰমী তুমি দূৰে দূৰে নৰবা

মোৰ হিয়া ভাঙি তুমি ৰং নাচাবা

তোমাৰ হিয়াখন কিয় এনেকুৱা

শিলৰ দৰে কঠুৱা

কিয়নো মনৰ কথা নুবুজা

কিয়নো মনৰ কথা নোকোৱা

মৰমী তুমি দূৰে....।

 

তুমি হাঁহিলে ফুলে পাহি মেলে

তোমাৰ খোজত কঁহুৱা হালে-জালে

এডেও-দুডেও কৰি যোৱাগৈ আঁতৰি

তোমাৰ অবিহনে কটাও উজাগৰী

কিয়নো মনৰ কথা নুবুজা

কিয়নো মনৰ কথা নোকোৱা

 

মনৰে সৰগত তুমি মোৰ লগৰী

দুদিন নেদেখিলে যাবানে পাহৰি

তুমি পাহৰিলে আঁতৰি থাকিলে

কি দৰে থাকিম মই অকলে অকলে

কিয়নো মনৰ কথা নুবুজা

কিয়নো মনৰ কথা নোকোৱা

মৰমী তুমি...।।

 

 

ৰুমালতে মোৰে নাম

 

ৰুমালতে মোৰে নাম চিলাই চিলাই

বিছনাতে পৰি চাগে বাগৰ সলাই

বহি তাঁতৰ পাতত ভাবে মোৰ মোৰে কথাই

পদূলিলে ওলাই চাগে ঘনাই ঘনাই

 

তেজে ৰঙালী হাত কাটি আঙুলি

তামোল কাটোতে মোৰ কথাকে ভাবি

লে কৰবালে বাটত উজুতি খাবি

সেয়ে মোৰে কথা ভাবি ভাবি নাজাবি

 

তোলৈ কিমান মৰম বুজনে তই

ৰাতিয়ে দিনে ভাবি থাকো মই

ৰুমালতে মোৰে...।

 

ৰাতি সপোনতে দেখি মোক তই

ভাল নালাগে জানো লগৰীয়াক কৈ

আনিম লগৰী কৰি ভাবি থাকো মই

নাপাওঁ আহৰি নাই যাবলে সময়

 

তোৰ পৰা আঁতৰি থাকো কেনেকৈ

বিৰহতে উৰো মই উৰো চগা হৈ

ৰুমালতে মোৰে...।।