মুকুল বৰাৰ গীত | Mukul Boruah Assamese Song | মুকুল বৰা অসমীয়া গীত সমূহ
আই তোক কিবেৰে পূজিম
আই তোক কিহেৰে পূজিমে
আই তোক চৰণে দুখানি
আই অ’ কিহেৰে পূজিমে তোক
আই অ’ কিহিৰে দি পূজিমে তোক
আই তোৰ মৰমী কোলাতে
আই অ’ জনমে লভিলো
আই তোৰ কিহেৰে সুজিমে ধাৰ
আই অ’ জীৱন দি সুজিমে ধাৰা ।।
আই অ’ আই
শ্যামলী কোলাতে
পাহাৰে ভৈয়ামে
খেলিলো কতনা খেলা
আই মোৰ মৰমৰবোৰ মিগৰি
আই অ’ নৈ হৈ বাগৰে
আই অ’ শান্তি সাগৰলৈ বুলি
আই অ’ মহামিলনলে’ বুলি ।।
0 Comments