মৌলিক অধিকাৰ ক্ষেত্ৰ বা ক্ষমতা 

মৌলিক ক্ষমতা বা অধিকাৰ ক্ষেত্ৰ মানে, উচ্চতম ন্যায়লয়ে কিছুমান গোচৰ পোনপটীয়াকৈ বিচাৰ কৰিব পাৰে। ওপৰত উল্লেখ কৰা চিত্ৰ অনুসৰি যুক্তৰাষ্ট্ৰীয় সম্পৰ্কৰ সৈতে জড়িত গোচৰসমূহৰ উচ্চতম ন্যায়লয়ৰ মৌলিক ক্ষমতাৰ অৰ্ন্তভূক্ত। এই ক্ষমতা জৰিয়তে উচ্চতম ন্যায়লয়ে এজন আম্পয়াৰৰ ভূমিকা পালন কৰি যুক্তৰাষ্ট্ৰীয় বিবাদবোৰ সমাধান কৰে। যিকোনো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ আৰু এক বা একাধিক ৰাজ্য চৰকাৰৰ মাজত আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত বিবাদ সূত্ৰপাত হোৱাটো নিশ্চিত। এই ধৰণৰ বিবাদবোৰ বিচাৰ কৰি নিষ্পত্তি কৰাৰ ক্ষমতা কেৱল উচ্চতম ন্যায়লয়ৰ হাতত ন্যস্ত কৰা হৈছে। কেৱল উচ্চতম ন্যায়লয়ৰহে এই ক্ষমতা আছে বাবে ইয়াক মৌলিক ক্ষমতা বুলি কোৱা হয়। উচ্চ ন্যায়ালয় বা নিম্ন আদালতৰ এই ক্ষমতা নাই। উচ্চতম ন্যায়ালয়ে যুক্তৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাৰ উপৰিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাংবিধানিক ক্ষমতা ব্য়াখ্যা কৰে। 

Type Sumit Patar

 Class Political Science 11





Post ID : DABP005208