অন্য়ান্য স্বাধীনতা 

তুমি দেখিবলৈ পাবা যে স্বাধীনতাৰ অধিকাৰৰ অধীনত কিছুমান অন্যান্য অধিকাৰাে আছে । এই অধিকাৰবােৰ কিন্তু চৰম নহয় । ইয়াৰ প্রত্যেকৰে ওপৰতেই চৰকাৰে কিছুমান সীমাবদ্ধতা জাপি দিছে । 

    উদাহৰণ স্বৰূপে কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতাৰ ওপৰত ৰাজহুৱা নিয়ম শান্তি আৰু নৈতিকতাৰ দৰে সীমাবদ্ধতা আছে । সমবেত হােৱাৰ স্বাধীনতাও শান্তিপূর্ণভাৱে আৰু অস্ত্র - শস্ত্র বিহীনভাৱেহে উপভােগ কৰিব পাৰি । পাঁচজন বা তাতকৈ বেছি মানুহ সমবেত হােৱাটো বে - আইনী বুলি ঘােষণা কৰি চৰকাৰে কিছুমান দিশৰ ওপৰত সীমাবদ্ধতা আনিব পাৰে । এনেকুৱা ক্ষমতা প্রশাসনৰ দ্বাৰা অতি সহজেই অপব্যৱহৃত হয় । চৰকাৰে এখন আইনৰ বা নীতিৰ বিৰুদ্ধে মানুহৰ অকৃত্রিম বিৰােধক সন্মতি দিবলৈ অস্বীকাৰ কৰিব পাৰে । তথাপি , যদি জনসাধাৰণে নিজৰ অধিকাৰ সম্পর্কে সচেতন আৰু সতর্ক প্ৰহৰী হয় আৰু প্রশাসনৰ তেনেকুৱা কাৰ্য্যৰ বিৰুদ্ধে

মই অনুভৱ কৰো যে মৌলিক অধিকাবোৰৰ বেছিভাগই এজন পুলিচ কনিষ্টবলৰ দৃষ্টিভংগিৰে প্ৰস্তুত কৰা হৈছিল।  তুমি দেখিবা যে খুউব কম অধিকাৰকহে অনুমতি দিয়া হৈছে আৰু প্ৰায় অপৰিবৰ্তনীয় চৰ্ত অনুসৰণ কৰা হৈছে  । প্ৰায় প্ৰত্যেটোৰ  অনুচ্ছেদতেই এটা চৰ্ত পালন কৰা হৈছে যিটোৱে অধিকাৰক প্ৰায় সম্পূৰ্ণৰূপে কাঢ়ি লৈ যায় ।  মৌলিক অধিকাৰ সম্পৰ্কে আমাৰ ধাৰণা কি হোৱা উচিত ?... আমি ইয়াৰ প্ৰত্যেটোৰ অধিকাৰকেই সংলগ্ন কৰিব বিচাৰো যিখিনি আমাৰ জনসাধাৰণে পাব বিচাৰে ।

সোমনাথ লাহিড়ী 

Born: 1 September 1909, West Bengal

Died: 1984

Party: Communist Party of India

    বিৰোধ কৰিবলৈ আৰম্ভ কৰে , তেতিয়া তেনেকুৱা ধৰণৰ অপব্যৱহাৰ নোহোৱাৰ হব। সাংবিধানিক সভাৰ, কিছুমান সদস্যই অধিকাৰৰ সীমাবদ্ধতাৰ বিষয়ে তেওঁলোকৰ অসন্তোষ প্ৰকাশ কৰিছিল। 

Type Sumit Patar

Class 11 Political Science