বাধাজনক আটক অৱস্থা

    সাধাৰণতে এগৰাকী ব্যক্তিক কিবা এটা দোষ কৰাৰ খবৰ পােৱাৰ পিছত গ্রেপ্তাৰ কৰা হয় । কিন্তু এই ক্ষেত্ৰত ব্যতিক্রমো আছে । কেতিয়াবা এজন ব্যক্তিক কিবা বে- আইনী কার্যত জৰিত বুলি অনুমানৰ ভিত্তিটো গ্রেপ্তাৰ কৰা হয় আৰু কিছুসময়ৰ বাবে আটক কৰি ৰখা হয় ওপৰত উল্লেখ কৰা প্রক্রিয়া অনুসৰণ নকৰাকৈ । ইয়াকেই বাধাজনক আটক অৱস্থা বুলি জনা যায় । ইয়াৰ অৰ্থ এইটোৱেই যে যদি চৰকাৰে ভাৱে যে এজন ব্যক্তি ৰাষ্ট্রৰ আইন - কানুন অথবা শান্তি সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে সেই ব্যক্তি জনক আটক বা গ্রেপ্তাৰ কৰিব পাৰে । এই বাধাজনক অৱস্থাৰ সময় কেৱল মাত্র তিনিমাহলৈহে বৃদ্ধি কৰিব পাৰি । তিনিমাহৰ পিছত এনেকুৱা ঘটনাবােৰ পুনৰ পৰীক্ষাৰ বাবে পৰামৰ্শকাৰী গােটৰ আগত উত্থাপন কৰা হয় । 

    এইটোলৈ চাই , বাধাজনক আটক অবস্থাক সমাজ বিৰােধী আৰু ধ্বংসকাৰী উপাদান সমূহৰ লগত সম্পর্কলৈ অহাৰ এটা শক্তিশালী মাধ্যম যেন বােধ হয় । কিন্তু এই ব্যৱস্থাটো প্রায়ে চৰকাৰৰ দ্বাৰা অপব্যৱহৃত হয় । বহু জনসাধাৰণে ভাৱে যে এইখন জনসাধাৰণৰ  বিৰুদ্ধে অপ-ব্যৱহাৰ হ'ব নােৱাৰে যুক্তি সংগত কাৰণত । মুঠতে জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বতন্ত্রতা আৰু বাধাজনক আটক অৱস্থা ব্যৱহাৰৰ মাজত এটা স্পষ্ট উত্তেজনা আছে ।

Type Sumit Patar

Class 11Political Science