ৰাজ্যসভা

সংসদৰ দুয়োখন সদনৰ প্ৰতিনিধিত্ব ভিত্তি বেলেগ বেলেগ। ৰাজ্যসভাই ভাৰতৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে।  এইখন সদনত পৰোক্ষভাৱে নিৰ্বাচন কৰা হয়। এখন ৰাজ্যৰ অধিবাসীৰসকলে ৰাজ্যিক বিধানসভালৈ প্ৰতিনিধিত্ব নিৰ্বাচন কৰে। ৰাজ্যিক নিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধিত্বৰ ৰাজ্যসভাৰ সদস্যসকলক  নিৰ্বাচিত  কৰে। 

    দ্বিতীয় সদনত প্ৰতিনিধিত্ব বাবে আমি দুটা নীতিৰ বিষয়ে ভাবি চাব পাৰো। এটা হৈছে আকাৰ আৰু জনসংখ্যা নিৰ্বিশেষ ৰাষ্ট্ৰখন সকলো অংশৰ বাবে সমান প্ৰতিনিধত্ব ব্যৱস্থা কৰা । আমি ইয়াক সুসম প্ৰতিনিধিত্ব বুলি কব পাৰো। আনহাতে ৰাষ্ট্ৰখনৰ বিভিন্ন অংশৰ  বাবে জনসংখ্যা অনুসৰি প্ৰতিনিধিত্ব  ব্যৱস্থা কৰিব পৰা যায়। এই দ্বিতীয় পদ্ধতিটোৰ অৰ্থ হৈছে যে দ্বিতীয়  সদনত কমং জনসংখ্যা  থকা অঞ্চলতকৈ বেছি জনসংখ্যা থকা অঞ্চলৰ প্ৰতিনিধিৰ সংখ্যা বেছিকৈ থাকিব।

    আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ছিনেটত প্ৰত্যেক  ৰাজ্যৰ পৰা সমান প্ৰনিধি থাকে । ইয়াৰদ্বাৰা সকলো ৰাজ্যৰ সমতা নিশ্চিত কৰা হয়  ।ইয়াৰ ফলত সৰু ৰাজ্য এখনে ডাঙৰ ৰাজ্য এখনৰ  সমানে প্ৰতিনিধিত্ব  লাভ কৰে। ৰাজ্যসভাৰ বাবে গ্ৰহণ কৰা প্ৰতিনিধিত্ব পদ্ধতি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পদ্ধতিতকৈ বেলেগ। প্ৰত্যেক  ৰাজ্যৰ পৰা নিৰ্বাচিত  হবলগীয়া সদস্যৰ  সংখ্যা সংবিধানৰ চতুৰ্থ অনুসূচীৰদ্বাৰা স্থিৰ কৰা হৈছে। 

    আমি যদি আমেৰিকাৰ সম প্রতিনিধিত্বৰ ব্যৱস্থা ৰাজ্যসভাৰ বাবে গ্রহণ কৰিলােহেঁতেন তেতিয়া কি হ'লহেঁতেন ? ১৭ ১৮.২৯ লাখ জনসংখ্যা থকা উত্তৰ প্রদেশ আৰু ৫.৭১ লাখ জনসংখ্যা থাকা । ছিকিমৰ সমান সংখ্যক আসন থাকিল হেঁতেন । সংবিধান প্রণেতাসকলে এনে বৈষম্যক বাধা দিব বিচাৰিছিল । অধিক জনসংখ্যাৰ ৰাজ্যৰ প্রতিনিধিত্ব কম জনসংখ্যাৰ ৰাজ্যতকৈ বেছি হােৱা উচিত । সেইবাবে উত্তৰ প্ৰদেশৰ দৰে জনবহুল ৰাজ্যই ৰাজ্য সভালৈ ৩১ জন সদস্য পঠিয়ায় আৰু ছিকিমৰ দৰে কম জনসংখ্যা থকা ৰাজ্যৰ ৰাজ্যসভাত এখন আসন আছে । 

    ৰাজ্যসভাৰ সদস্যসকল ছয়বছৰীয়া কার্যকালৰ বাবে নির্বাচিত হয় । তেওঁলােক পুনৰ নির্বাচিত হ'ব পাৰে । ৰাজ্যসভাৰ সকলাে সদস্যৰ কাৰ্যকাল একে সময়তে সম্পূর্ণ নহয় । প্রতি দুবছৰৰ অন্তত ৰাজ্যসভাৰ এক তৃতীয়াংশ সদস্যৰ কাৰ্যকাল সম্পূর্ণ হয় আৰু কেৱল সেই এক তৃতীয়াংশ আসনৰ বাবেহে নির্বাচন অনুষ্ঠিত হয় । গতিকে , ৰাজ্যসভা কেতিয়াও ভঙ্গ নহয় । সেইবাবে ইয়াক সংসদৰ স্থায়ী সদন বুলি কোৱা হয় । এই ব্যৱস্থাটোৰ সুবিধা হৈছে যে কেতিয়াবা লােকসভা ভঙ্গ হৈ নির্বাচন অনুষ্ঠিত হ'বলৈ

জার্মানীৰ দ্বিসদনীয় ব্যৱস্থা ( Bicameralism in Germany ) 

জার্মানীত দ্বিসদনীয় বিধানমণ্ডলৰ ব্যৱস্থা আছে । এই সদন দুখনক যুক্তৰাষ্টীয় সভা ( Bundestag ) আৰু যুক্তৰাষ্ট্ৰীয় পৰিষদ ( Bundesrat ) হিচাপে জনা যায় । প্রত্যক্ষ আৰু আনুপাতিক প্রতিনিধিত্ব এই দুটা পদ্ধতি লগ লগাই এক জটিল ব্যৱস্থাৰ দ্বাৰা চাৰি বছৰৰ বাবে যুক্তৰাষ্ট্ৰীয় সভাখন নির্বাচন কৰা হয় । 

    যুক্তৰাষ্ট্ৰীয় পৰিষদে ১৬ খন ৰাজ্যক প্রতিনিধিত্ব কৰে । ইয়াৰ ৬৯ খন আসন জনসংখ্যাৰ ভিত্তিত ৰাজ্যসমূহৰ মাজত ভাগ কৰা হয় । এই সদস্যসকল সাধাৰণতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু তেওঁলােকক ৰাজ্য চৰকাৰৰ দ্বাৰা নিযুক্তি দিয়া হয় , নির্বাচন কৰা নহয় । জার্মান আইন অনুসৰি - এখন ৰাজ্যৰ পৰা অহা সদস্যসকলে ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি এটা গােট হিচাপ ভােট দিব লাগে । কেতিয়াবা ৰাজ্যিক পৰ্য্যায়ত সংযুক্ত চৰকাৰ থাকিলে তেওঁলােক সহমতত উপনীত হােৱাত ব্যর্থ হলে ভােট দানৰ পৰা বিৰত থাকিবলগীয়া হয় । 

    যুক্তৰাষ্ট্ৰীয় পৰিষদে সকলাে আইনৰ ক্ষেত্ৰত ভােটদান নকৰে , কিন্তু যিবােৰ নীতিৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ সমান ক্ষমতা আৰু ৰাজ্যবােৰ যুক্তৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ প্রতি দায়বদ্ধ হয় সেই আটাইবােৰতে ইয়াৰ অনুমােদনৰ প্রয়ােজন হয় । এনে আইনৰ ক্ষেত্ৰত ই ভেটো প্রদান কৰিব পাৰে ।

বাকী থকা অৱস্থাত ৰাজ্যসভাৰ অধিৱেশন আহবান কৰি কোনো জৰুৰী কাম কৰিব পৰা যায়। 

    নিৰ্বাচিত সদস্যসকলৰ উপৰিও ৰাজ্যসভাৰ ১২ জন মনোনীত সদস্য থাকে। ৰাষ্ট্ৰপতিয়ে এই সদস্যসকলক মনোনীত কৰে। সাহিত্য সমাজ- সেৱা, বিজ্ঞান আদি বিষয়ত পাৰদৰ্শিত দেখুওৱা লোকৰ মাজৰ পৰা এওঁলোকক মনোনীত কৰা হয়। 

Type Sumit Patar

Class 11 Political Science