মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ মাজত সম্পৰ্ক



নিৰ্দেশাত্মক নীতিৰঃ-

লক্ষ্য- জনসাধাৰণ কল্যাণ সামাজিক,অথৰ্নৈতিক আৰু ৰাজনৈতিক ন্যায়,

জীয়াই থকাৰ মাণদগু উন্নত কৰা, সম্পদৰ সম বিতৰণ

বিশ্ব শান্তি বৃদ্ধি কৰা 

নীতিবোৰ- একেই পৌৰ নিয়মাৱলী, মদ সেৱন  কৰাত বাধা,

কুটিৰ শিল্প বিকাশ,

উপকাৰী জন্তুক বধ কৰা নিষেধ,

গাওঁ পঞ্চায়তৰ বিকাশ।

অবিচাৰযোগ্য অধিকাৰবোৰ- যথোপযক্ত জীৱিকা নিৰ্বাহৰ উপায় সমান কামৰ বাবে সমান মজুৰি ( পুৰুষ আৰু মহিলা)

অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অধিকাৰ কৰ্মৰ অধিকাৰ

শিশুৰ মুক্ত আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ।

     নির্দেশাত্মক নীতিয়ে চৰকাৰক কিছুমান কাম কৰিবলৈ উপদেশ দিয়ে । মৌলিক অধিকাৰে প্রাধানকৈ ব্যক্তিৰ অধিকাৰৰ সুৰক্ষা দিয়ে ৰাষ্ট্রৰ নির্দেশাত্মক নীতিয়ে সমগ্ৰ ৰাষ্ট্ৰৰ কল্যাণ নিশ্চিত কৰে । তথাপি , সময়ত যেতিয়া চৰকাৰে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিক কাৰ্য্যকৰী কৰিবলৈ অভিপ্রায় কৰে , ই নাগৰিকৰ মৌলিক অধিকাৰৰ লগত সংঘর্ষত লিপ্ত হ'ব পাৰে । 

    এই সমস্যাটো উদ্ভৱ হৈছিল যেতিয়া চৰকাৰে জমিদাৰী প্রথা বিলােপ সাধনৰ বাবে আইন প্রণয়ন কৰিব বিচাৰিছিল । এইবােৰে সম্পত্তিৰ অধিকাৰ খর্ব কৰাৰ ভিত্তিত এই পদক্ষেপবােৰৰ বিৰােধিতা কৰা হৈছিল । তথাপি ব্যক্তিগত স্বার্থতকৈ সামাজিক প্রয়ােজনীয়তা বেছি গুৰুত্বপূৰ্ণ কথাষাৰ মনত ৰাখি চৰকাৰে ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিক কাৰ্য্যকৰী কৰিবলৈ সংবিধান সংশােধন কৰিছিল । এইটোৱে এখন দিঘলীয়া আইনগত যুদ্ধ চলাই নিছিল । কাৰ্যপালিকা আৰু ন্যায়পালিকাই বিভিন্ন স্থান লৈছিল । চৰকাৰে দাবী কৰিছিল যে নির্দেশাত্মক নীতিক কাৰ্য্যকৰী কৰিবৰ বাবে অধিকাৰবােৰ সংক্ষিপ্ত কৰিব পৰা যায় । এইটো যুক্তিয়ে ধৰি লৈছিল যে জনসাধাৰণৰ কল্যাণৰ বাবে অধিকাৰবােৰ বাধা আছিল । আনহাতে , বিচাৰালয়ে মত আগবঢ়াইছিল যে মৌলিক অধিকাৰবােৰ ইমান গুৰুত্বপূৰ্ণ আৰু পবিত্র আছিল যে সেইবােৰ আনকি নির্দেশাত্মক নীতিক কাৰ্য্যকৰী কৰিবৰ বাবেও সীমিত কৰিব পৰা নাযায় ।

 সম্পত্তিৰ অধিকাৰ ( Right to Property )

 অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজৰ সম্পৰ্কৰ বিবাদৰ আঁতৰত , এটা গুৰুত্বপূর্ণ কাৰণ আছিল সংবিধানত মূলতঃ এটা মৌলিক অধিকাৰ আছিল সম্পত্তি আহৰণ , ধৰি ৰখা আৰু প্ৰতিপাল কৰাৰ অধিকাৰ । কিন্তু সংবিধানে এইটো স্পষ্ট কৰি দিছিল যে ৰাজহুৱা কল্যাণৰ বাবে চৰকাৰে সম্পত্তি অধিগ্রহণ কৰি ল'ব পাৰিব । ১৯৫০ চনৰ পৰা চৰকাৰে বহুটো আইন প্রণয়ন কৰিছিল যিবােৰে সম্পত্তিৰ অধিকাৰক সীমিত কৰিছিল । এই অধিকাৰটো এটা দীঘলীয়া সময় ধৰি নির্দেশাত্মক নীতি আৰু অধিকাৰৰ মাজৰ সম্পৰ্কৰ ওপৰত হােৱা বিবাদৰ কেন্দ্র বিন্দু আছিল । অৱশেষত ১৯৭৩ চনত , উচ্চতম ন্যায়ালয়ে এটা সিদ্ধান্ত দিছিল যে সম্পত্তিৰ অধিকাৰ সংবিধানৰ মূল গাঁথনিৰ এটা অংশ নাছিল আৰু সেইকাৰণে সংসদৰ ক্ষমতা আছিল এটা সংশােধনৰ দ্বাৰা এই অধিকাৰক সংক্ষিপ্ত কৰাৰ । ১৯৭৮ চনত , সংবিধানৰ ৪৪ তম সংশােধনীয়ে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিছিল আৰু ইয়াক এটা সাধাৰণ আইনগত অধিকাৰলৈ ৰূপান্তৰিত কৰিছিল । সম্পত্তিৰ অধিকাৰত পদমৰ্য্যদাৰ পৰিবৰ্তনে কি পার্থক্য আনিছে বুলি তুমি ভাবা ?

    এইটোৱে অন্য এটা জটিল বিতর্কৰ উৎপত্তি কৰিছে । এইটো সংবিধান সংশােধনৰ লগত জড়িত । চৰকাৰে কৈছিল যে সংসদে সংবিধানৰ যিকোনাে অংশ সংশােধন কৰিব পাৰে । বিচাৰালয়ে কৈছিল যে সংসদে মৌলিক অধিকাৰ ভঙ্গ হােৱাকৈ কোনাে সংশােধন কৰিব নােৱাৰে । এই বিবাদটো সমাধান হৈছিল উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূর্ণ সিদ্ধান্তৰ দ্বাৰা কেচাভানানদা   ভাৰতীৰ মােকদর্মত । এই ঘটনাটোতে , বিচাৰালয়ে কৈছিল যে সংবিধানৰ কিছুমান মূল বৈশিষ্ট্য আছে আৰু এইবােৰ সংসদৰ দ্বাৰা পৰিবৰ্তন কৰিব নােৱাৰি । আমি নৱম অধ্যায়ত এইটো বিশদভাবে আলােচনা কৰিম সংবিধান এখন জীৱিত দলিল হিচাপে ।

Type Sumit Patar 

Class 11 Political Science