ন্যায়াধীশৰ অপসাৰণ

উচ্চতম ন্যায়ালয়ৰ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অপসাৰণ প্রক্রিয়া বৰ জটিল । উচ্চতম ন্যায়ালয়ৰ আৰু উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক প্রমাণিত অসদাচৰণ নাইবা অসামর্থতাৰ অভিযােগতহে অপসাৰণ কৰিব পাৰি । ন্যায়াধীশ এজনৰ বিৰুদ্ধে অভিযােগৰ প্ৰস্তাৱ সংসদৰ উভয় সদনত বিশেষ সংখ্যাগৰিষ্ঠ ভােটত অনুমােদিত হব লাগে । বিশেষ সংখ্যাগৰিষ্ঠতা মানে কি ? তােমালােকৰ মনত আছেনে ? এই বিষয়ে আমি নির্বাচন ’ অধ্যায়টোত ইতিমধ্যে আলােচনা কৰিছাে । সংবিধানত ন্যায়াধীশ অপসাৰণৰ এক কঠিন পদ্ধতি গ্রহণ কৰা হৈছে । সংসদ সদস্যসকলৰ মাজত এক সাধাৰণ ঐক্যমত ( Consensus ) অবিহনে এজন ন্যায়াধীশক অপসাৰণ কৰিব নােৱাৰি । এইটো উল্লেখনীয় যে যিদৰে কাৰ্যপালিকাই ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত এক নির্ণায়ক ভূমিকা গ্রহণ কৰে , সেইদৰে সংসদে ন্যায়াধীশৰ অপসাৰণত নির্ণায়ক ভূমিকা গ্রহণ কৰে । ইয়ে ক্ষমতাৰ ভাৰসাম্য আৰু ন্যায়পালিকাৰ স্বাধীনতা প্রতিষ্ঠা কৰিছে । এতিয়ালৈকে , সংসদত মাত্ৰ এবাৰহে ন্যায়াধীশৰ অপসাৰণৰ প্ৰস্তাৱ উত্থাপন হৈছে । যদিও , এই প্রস্তাৱে দুই - তৃতীয়াংশ সংখ্যাগৰিষ্ঠ সমর্থন লাভ কৰিছিল , সংসদৰ মুঠ সদস্য সংখ্যাগৰিষ্ঠ সমর্থন পােৱা নাছিল । সেইবাবে ন্যায়াধীশজনক অপসাৰণ কৰিব পৰা নাছিল ।

ন্যায়াধীশ অপসাৰণৰ ব্যর্থ চেষ্টা ( Unsuccesful Attempt to Remove a Judge ) 

১৯৯১ চনত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক অপসাৰণৰ প্রস্তাৱ লােৱা হৈছিল । এই প্রস্তাৱত সংসদৰ ১০৮ জন সদস্যই চহী কৰিছিল । পঞ্জাৱ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত কাৰ্যনির্বাহ কৰি থকা সময়ত , ন্যায়াধীশ ভি , ৰামস্বামীয়ে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা বুলি প্ৰস্তাৱটোত অভিযােগ কৰা হৈছিল । ১৯৯২ চনত সংসদত ন্যায়াধীশজনৰ বিৰুদ্ধে । মহাভিযােগৰ প্রক্রিয়া আৰম্ভ হৈছিল । এখন উচ্চপৰ্য্যায়ৰ তদন্ত আয়ােগ গঠন । কৰি প্রস্তাৱিত অভিযােগ অনুসন্ধান দায়িত্ব দিয়া হৈছিল । ন্যায়াধীশ ডি ,ৰামস্বামীয়ে ইচ্ছাকৃতভাৱে চৰকাৰী পদৰ অপব্যৱহাৰ কৰি চৰকাৰী ধন ব্যক্তিগত লাভৰ বাবে আত্মসাৎ কৰা বুলি আয়ােগে প্রতিবেদন দাখিল কৰিছিল । ন্যায়াধীশজনৰ এই কাৰ্যক গভীৰ নৈতিক পতন আৰু বিধিগত নিয়মৰ সীমাহীন উলংঘন বুলি আয়ােগে অভিহিত কৰিছিল । এইদৰে শক্তিশালীভাৱে অভিযুক্ত কৰা স্বত্বেও ৰামস্বামীৰ অপসাৰণৰ প্ৰস্তাৱ সংসদত অনুমােদিত নহ'ল । প্রস্তাৱটোৱে সদনত উপস্থাপিত আৰু ভােট প্রদান কৰা সদস্যৰ দুই - তৃতীয়াংশ ভােটৰ সমর্থন লাভ কৰিছিল । কিন্তু কংগ্ৰেছ দলৰ সদস্যসকল সদনত অনুপস্থিত আছিল । সেইবাবে প্ৰস্তাৱটোৱে সদনৰ মুঠ সদস্যৰ আধাসংখ্যক সদস্যৰ সমর্থন লাভ কৰিব পৰা নাছিল ।

Type Sumit Patar

Class 11 Political Science