সমষ্টি সংৰক্ষণ

     আমি দেখিছো যে FPTPপদ্ধতিত এটা সমষ্টিত সৰ্বাধিক ভোট পোৱা প্ৰাৰ্থীজনেই নিৰ্বাচিত হয়। সৰু সৰু সামাজিক দলবোৰৰ বাবে ই অসুবিধাজনক হয়। ভাৰতীয় সামাজিক পৰিপ্ৰেক্ষিত ত ই আৰু অধিক তাৎপৰ্যপূৰ্ণ । আমাৰ ইতিসাহ জাতি ভেদ প্ৰথা বিশিষ্ট  ।এনেকুৱাৰ সামাজিক প্ৰথাত FPTPনিৰ্বাচনী পদ্ধতিয়ে প্ৰধান সামাজিক দল আৰু সম্প্ৰদায়ে সকলোতে জয়লাভ কৰা আৰু শোষিত সামাজিক দলবোৰ প্ৰতিনিধিত্ব বিহীন হৈ থকাটো বুজাব পাৰে।  আমাৰ সংবিধান প্ৰকণেতাসকল এই বিষয়ে সজাগ আছিল আৰু শোষিত সামাজিক দলবোৰৰ উপযুক্ত আৰু ন্যায্য  প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল।

    স্বাধিনতাৰ আগতেও আনকি এই বিষয়ে আলোচনা হৈছিল আৰু বৃষ্টিছসকলে সুকীয়া নিৰ্বাচকবৰ্গ  ৰ ব্যৱস্থা কৰিছিল । এই পদ্ধতিটো আছিল এনেকুৱা যে কোনো এটা সম্প্ৰাদয়ৰ পৰা এজন প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ অকল সেই সম্প্ৰদায় সকলেহে ভোট দিব পাৰিছিল। সংবিধানত সভাত বহুতো সদস্যই ইয়াৰ কুফলবোৰ সম্পৰ্কত আশস্ক ব্যক্ত কৰিছিল । সেইবাবে সংৰক্ষিত সমষ্টি সপক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।  এই পদ্ধতিত কোনো এটা সমষ্টি সকলো ভোটদাতাই ভোট দিব পাৰিছিল কিন্তু প্ৰাৰ্থীসকল এটা নিৰ্দিষ্ট  সম্প্ৰদায় বা সামাজিক গোটৰ হব লাগিছিল যাৰ বাবে সেই আসনখন সংৰক্ষিত । 

    এনে কিছুমান সামাজিক দল আছে যিবোৰ সমগ্ৰ দেশ জুৰি বিস্তাৰিত হৈ আছে  কোনো এটা সমষ্টি তেওঁলোকৰ সংখ্যা এজন প্ৰৰ্থীক বিজয়ী কৰিবলৈ যথেষ্ট নহ'ব পাৰে । কিন্তু সমগ্ৰ দেশখনত তেওঁলােকৰ সংখ্যা যথেষ্ট বেছি হ'ব পাৰে । তেওঁলােকৰ উপযুক্ত প্রতিনিধিত্ব নিশ্চিত কৰিবলৈ এটা সংৰক্ষণ পদ্ধতিৰ আৱশ্যক । সংবিধানে লােকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে আসন সংৰক্ষনৰ ব্যৱস্থা কৰিছে । প্রথমে ১০ বছৰৰ বাবে এই ব্যৱস্থা কৰা হৈছিল যদিও পিছৰ সংবিধান সংশােধনৰ দ্বাৰা ইয়াক ২০১০ চনলৈকে বৃদ্ধি কৰা হৈছে । এই সময় সীমা পাৰ হ'লে সংসদে ইয়াক পুনৰ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত ল'ব পাৰে । এই দুয়ােটা দলৰ বাবে সংৰক্ষিত আসন সংখ্যা ভাৰতত থকা তেওঁলােকৰ জনসংখ্যাৰ সমানুপাতিক । বর্তমান লােকসভাৰ ৫৪৩ খন নির্বাচিত আসনৰ ভিতৰত ৭৯ খন অনুসূচিত জাতিৰ বাবে আৰু ৪১ খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ।

    কোনটো সমষ্টি সংৰক্ষিত কৰি ৰখা হ’ব সেইটো কোনে নির্ধাৰণ কৰে ? কিহৰ ভিত্তিত এই সিদ্ধান্ত লােৱা হয় ? এই সিদ্ধান্ত সীমা নিবন্ধন আয়ােগ ( Delimitation Commission ) নামৰ এটা স্বতন্ত্র গােটে লয় । এই আয়ােগক ভাৰতৰ ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে আৰু ই ভাৰতৰ নির্বাচন আয়ােগৰ সহযােগত -কাম কৰে । দেশৰ সকলাে সমষ্টিৰে সীমা নির্ধাৰণ কৰিবলৈ ইয়াক নিযুক্ত কৰা হয় । এখন ৰাজ্যৰ অনুসূচীত জাতি আৰু জনজাতিৰ অংশৰ ওপৰত নিৰ্ভৰ কৰি এক নির্দিষ্ট সংখ্যক সমষ্টি ৰাজ্যখনৰ বাবে সংৰক্ষণ কৰি ৰখা হয় । সীমা নির্ধাৰণ কৰাৰ পিছত সীমা নিবন্ধন আয়ােগে প্রতিটো সমষ্টিৰ জন গাঁঠনি বিবেচনা কৰে । সর্বাধিক অনুসূচীত জনজাতিৰ লােক থকা সমষ্টিসমূহ তেওলােকৰ কাৰণে সংৰক্ষণ কৰি ৰখা হয় । অনুসূচিত জাতিৰ ক্ষেত্ৰত , সীমাবন্ধন আয়ােগে ( D.C. ) দুটা কথাৰ প্রতি লক্ষ্য ৰাখে । ই বেছিসংখ্যক অনুসূচীত জনজাতি থকা সমষ্টিবােৰ বাছি লয় । কিন্তু ই এই সমষ্টিবােৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত বিতৰণ কৰি দিয়ে । এনে কৰাৰ কাৰণ হ’ল অনুসূচীত জাতিৰ জনসংখ্যা সাধাৰণতে সমগ্ৰ দেশতে বিয়পি আছে । প্রতিবাৰ সমষ্টি নির্ধাৰণ কৰােতে এই সংৰক্ষিত সমষ্টিবােৰ আৱর্তন ( rotate ) কৰিব পাৰি ।

    অন্য পিছপৰা দলৰ বাবে সংবিধানে এনে ধৰণৰ সংৰক্ষণ কৰা নাই । বর্তমান লােকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে আসন সংৰক্ষনৰ বাবে সজোৰে দাবী উত্থাপিত হৈছে । প্রতিনিধিত্বমূলক গােটবােৰত অতি কমসংখ্যক মহিলা নির্বাচিত হােৱা বাবে এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰি ৰখাৰ কথা ভবা হৈছে । গ্রাম্য আৰু নগৰীয়া স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহত মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হৈছে । স্থানীয় চৰকাৰ বিষয়ক অধ্যায়ত আমি এই বিষয়ে আলােচনা কৰিম । লােকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত এনে ব্যৱস্থা কৰিবৰ বাবে সংবিধান সংশােধনীৰ আৱশ্যক হ'ব । সংসদত এনে সংশােধনী প্রস্তাৱ কেবাবাৰো অনা হৈছে যদিও এতিয়াও গৃহিত হােৱা নাই ।

Tpye Sumit Patar

Class 11Political Science