শোষণৰ বিৰুদ্ধে অধিকাৰ

    আমাৰ দেশত লাখ লাখ মানুহ আছে যিসকল বিশেষ সুবিধাৰ বাহিৰেৰ আৰু বঞ্চিত শ্ৰেণী । তেওঁলোক শোষণৰ বলী হব পাৰে তেওঁলোকৰ সংগীসকলৰ দ্বাৰাই । আমাৰ দেশত তেনেকুৱা এটা শোষণ হৈছে ভিক্ষাৰী অথবা মজুৰি বিহীণ বলপূৰ্বক শ্ৰম। শোষণৰ আন এটা ঘনিষ্ঠ সম্পৰ্কিত ৰূপ হৈছে মানুহ বেচা- কিনা কৰা আৰু তেওঁলোকক দাস হিচাবে ব্যৱহা কৰা । এই দুয়োটা সংবিধানৰ অধীনত নিষেধ কৰা হৈছে । অতীতত জমিদাৰ সকল টকা ধাৰে দিয়াসকল আৰু অন্যান্য সম্পদশালী লোকসকলে বলপূৰ্বক শ্ৰম জাপি দিছিল। কিছুমান ঋণাধীন শ্ৰম আমাৰ দেশত এতিয়াও প্ৰচলিত হৈ আছে বিশষকৈ ইটাৰ ভাটিৰ কামবোৰত । ইয়াক এতিয়া এটা অপৰাধ বুলি ঘোষণা কৰা হৈছে আৰু ই শান্তিযোগ্য। 

    খনি আৰু উদ্যোগৰ বিপদজ্জনক কামত ১৪ বছৰ বয়সৰ তলৰ লৰা- ছোৱালীক নিয়োগ কৰটোও সংবিধানে নিষিদ্ধ কৰিছে। শিশু- শ্ৰমক বে - আইনী কৰা আৰু শিক্ষাৰ অধিকাৰ শিশু সকলৰ এটা মৌলিক অধিকাৰ হোৱাৰ বাবে এই শোষণৰ বিৰুদ্ধে অধিকাৰ বেছি অৰ্থবহ হৈ পৰিছে । 

Type Sumit Patar

Class11Political Science