অভিযুক্ত হোৱাৰ অধিকাৰ

 আমাৰ সংবিধানে নিশ্চিত কৰিছে যে বিভিন্ন দোষত অভিযুক্ত ব্যক্তিয়েও যথেষ্ট সুৰক্ষা পাব। আমি প্ৰায়ে বিশ্বাস  কৰো যে ব্যক্তি যিয়ে কিছুমান অপৰাধ কৰিছে তেওঁ দোষী । তথাপি কোনো ব্যক্তি অপৰাধী নহয় যেতিয়ালৈকে বিচাৰালয়ে তেওঁ কৰা অপৰাধৰ বাবে তেওঁক দোষী সাব্যস্ত নকৰে ।  এইটোও প্ৰয়োজনীয় যে যিকোনো দোষত অভিযুক্ত এজন ব্যক্তিয়ে তেওঁৰ সুৰক্ষাৰ বাবে যথোপযুক্ত সুযোগ  পোৱা উচিত । ন্যায়ালয়ত এটা নিৰপেক্ষ বিচাৰ কৰিবৰ বাবে, সংবিধানে তিনিধৰণৰ অধিকাৰৰ ব্যৱস্থা কৰিছে । 

* কোনো ব্যক্তিকেই একেটা দোষৰ বাবে এবাৰতকৈ বেছি শান্তি- প্ৰদান কৰিব পৰা নাযাব।

* কোনো আইনেই পিছৰ তাৰিখৰ পৰা কোনো কাৰ্য্যকেই বে -আইনী ঘোষনা কৰিব নোৱাৰে।

* কোনো ব্যক্তিকে তেওঁ বা তাইৰ নিজৰ বিৰুদ্ধে প্ৰদাণ দিবলৈ কব পৰা নাযাব।

Type Sumit Patar

Class11 Political Science