সদানন্দ গগৈৰ গীত | Sadananda Gogoi Assames Song | সদানন্দ গগৌৰ অসমীয়া গাত সমূহ
মোক এজন বগা মানুহ দিয়া
মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা
মোক এজন ক’লা মানুহ দিয়া
যাক ৰক্ত ক’লা
যদি দিব পাৰা, প্ৰতিদান যি বিচাৰা পাব পাৰা ।
উত্তৰৰ আৰু দক্ষিণ মেৰুত য’ত মানুহ আছে
পূৰ্বৰ পৰা পশ্চিম প্ৰান্তত য’ত মানুহ আছে
একে মঙহেৰে গঢ়া
প্ৰেম-প্ৰীতিৰে হৃদয় ভৰা,
সেই মানুহক কিয় তুমি ভিন্ন কৰা
ভেদাভেদ সৃষ্টি কৰা ।।
জন্মৰ পৰা মৃত্যুলৈ তুমি হিচাব কৰা
এই পৃথিৱীৰ ধৰ্ম য’ত তুমি বিচাৰা কৰা
দেখিবা তাত একেই কথা
উৰ্দ্ধত আছে মানৱতা
সেই কথাকে ভাবি তুমি গৰ্ব কৰা
তেনে কিয় যুদ্ধ কৰা ।।
এই পৃথিৱীতে হয় নিকৃষ্ট স্ৰষ্ঠাবিনে
একে সূৰ্যৰ জেউতিতে দৃষ্টি ভৰে
একে মেঘৰ বৃষ্টিতে, বিশ্বৰ প্ৰতিম সৃষ্টিতে
সকলোৱে জীয়াই আছো যদি ভাবা
তেনে কিয় গৰ্ব কৰা ।।