ৰাজ্যসভাৰ বিশেষ ক্ষমতা

    তোমালোকে জানা যে ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰিবলৈ ৰাজ্য সভা হৈছে আনুষ্ঠানিক আহিলা। ইয়াৰ উদ্দেশ্য  হৈছে ৰাজ্যসমূহৰ  ক্ষমতা সুৰক্ষিত কৰা।  সেইবাবে ৰাজ্যসমূহত প্ৰভাৱ  পেলোৱা যি কোনো বিষয়ে ৰাজ্য সভাৰ সন্মিত আৰু অনুমোদনৰ  বাবে পঠিয়াবৰ  লাগে। যদি কেন্দ্ৰীয় সংসদে ৰাষ্ট্ৰীয়  স্বাৰ্থত ৰাজ্যিক তালিকাৰ( যিবোৰ বিষয়ত কেৱল ৰাজ্যিক বিধান মগুলেহে আইন প্ৰণয়ন কৰিব পাৰে) কোনো বিষয় আঁতৰাই কেন্দ্ৰীয় সূচী বা সমবৰ্তী সূচীৰ অন্তৰ্ভূক্ত কৰিব বিচাৰে, তেনে ক্ষেত্ৰত ৰাজ্য সভাৰ অনুমোদনৰ আৱশ্যক হয়। এই ব্যৱস্থাই ৰাজ্য সভাৰ ক্ষমতা বৃদ্ধি কৰিছে। 

    কেৱল লোকসভাই প্ৰয়োগ কৰা ক্ষমতাসমূহৰ( Powers Exercised Only by The Lok Sabka): কিছুমান ক্ষমতা কেৱল লোকসভাইছে প্ৰয়োগ কৰে।  ৰাজ্য সভাই বিত্ত বিধেয়ক উত্থাপন বাতিল বা সংশোধন কৰিব নোৱাৰে। মন্ত্ৰী পৰিষদ লোকসভাই ওচৰতেহে দায়বদ্ধ,ৰাজ্য সভাৰ ওচৰত নহয়। গতিকে ৰাজ্য- সভাই চৰকাৰক সমালোচনা কৰিব পাৰে, কিন্তু অপসাৰণ কৰিব নোৱাৰে।

    কিয় কব পাৰিবানে? ৰাজ্য সভাৰ জনসাধাৰণে দ্বাৰা প্ৰতেক্ষভাৱে নিৰ্বাচিত নহয়, বিধায়ক সকলৰদ্বাৰাহে নিৰ্বাচিত হয়।  সেইবাবে সংবিধানে ৰাজ্য সভাক কিছুমান ক্ষমতা প্ৰদান কৰা নাই। আমাৰ সংবিধানে গণতান্ত্ৰিক চৰকাৰৰ ব্যৱস্থা কৰিছে। এনে ব্যৱস্থাত চূড়ান্ত কৰ্তৃত্ব  জনসাধাৰণৰ হাতত থাকে।  এই যুক্তি অনুসৰি জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত  প্ৰতিধিৰহে চৰকাৰক আপসাৰণ কৰা আৰু বিত্ত নিয়ন্ত্ৰণৰ ক্ষমতা থকা উচিত। 

    আন সকলো ক্ষেত্ৰতে অনা - বিত্ত বিধেয়ক সংবিধান সংশোধন আৰু ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ক্ষেত্ৰত লোক সভা আৰু ৰাজ্য সভাৰ  সমান ক্ষমতা আছে। 

 Type Sumit Patar

Class 11 Political science