বিশেষ ব্যৱস্থা

 ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এটা অভিনৱ বৈশিষ্ট্য হৈছে যে ইয়াৰ বহুতাে ৰাজ্যৰ বাবে বিশেষ ধৰণৰ ব্যৱস্থা আছে । বিধানমণ্ডল অধ্যায়টোত ইতিমধ্যে আমি উল্লেখ কৰিছে যে প্রত্যেক ৰাজ্যৰ জনসংখ্যা যিহেতু পৃথক সেইবাবে ৰাজ্যসভাত অ - সম প্রতিনিধিত্বৰ ব্যৱস্থা কৰা হৈছে । সৰু ৰাজ্যৰ বাবে ন্যূনতম প্রতিনিধিত্বৰ ব্যৱস্থা কৰিলেও , ডাঙৰ ৰাজ্যই যাতে অধিক প্রতিনিধিত্ব লাভ কৰিব পাৰে সেই কথাও নিশ্চিত কৰিছে । 

    ক্ষমতাৰ বিভাজনৰ ক্ষেত্ৰতাে সংবিধানে সকলাে ৰাজ্যৰ বাবে একে ধৰণৰ ক্ষমতা বিভাজনৰ ব্যৱস্থা কৰিছে । কিন্তু , তথাপিও বিশেষ সামাজিক আৰু ঐতিহাসিক অৱস্থা থকা ৰাজ্যৰ বাবে সংবিধানে বিশেষ ব্যৱস্থা কৰিছে । এনে বিশেষ ব্যৱস্থা প্রধানকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ( অসম , নাগালেণ্ড , অৰুণাচল প্রদেশ , মিজোৰাম আদি ) বাবে আছে , কিয়নাে ইয়াত বৃহৎ সংখ্যক খিলঞ্জীয়া জনজাতীয় লােক আছে যিয়ে নিজৰ সুস্পষ্ট ইতিহাস আৰু সংস্কৃতি অক্ষুঁণ্ণ ৰাখিব বিচাৰে ( ৩৭১ নং অনুচ্ছেদ ) । অৱশ্যে এই ব্যৱস্থাই অঞ্চলটোৰ কিছুমান অংশত বিচ্ছিন্নতাবাদ আৰু সন্ত্রাসবাদ ৰােধ কৰিব পৰা নাই । হিমাচল প্রদেশৰ  দৰে পাহাৰীয়া ৰাজ্য আৰু অন্ধ্রপ্রদেশ , গােৱা , গুজৰাট , মহাৰাষ্ট্র , ছিকিম আদিৰ দৰে আন কিছুমান ৰাজ্যৰ বাবেও বিশেষ ব্যৱস্থা আছে ।

 Type sumit Patar

Class 11 Political science