ন্যায়পালিকাৰ গাঁথনি

ভাৰতীয় সংবিধানে সমগ্ৰ ভাৰতৰ বাবে এখন একত্ৰিত ন্যায়পালিকা গঠনৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ভাৰতৰ বিচাৰ ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ নিয়ন্ত্ৰণাধীন। অন্যান্য যুক্তৰাষ্ট্ৰীয় দেশৰ দৰে ভাৰতৰ অংগ ৰাজ্যসমূহৰ বাবে সুকীয়া আৰু স্বতন্ত্ৰ ন্যায়পালিকাৰ ব্যৱস্থা সংবিধানত নাই। ভাৰতৰ ন্যায়িক ব্যৱস্থা এককেন্দ্ৰীয় । এই কেন্দভূত ন্যায়িক ব্যৱস্থাৰ শীৰ্ষত আছে উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ অধীনত আছে উচ্চ ন্যায়ালয় । উচ্চ ন্যায়ালয়ৰ অধীনত আছে জিলা আদালত আৰু অন্যান্য নিম্ন আদালতবোৰ। ( তলৰ চিত্ৰ চোঁৱা) নিম্ন আদালতবোৰ উচ্চ আদালতৰ প্ৰত্যক্ষ তত্বাৱধানত কাম কৰে। 

উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ( Jurisdiction Of Supreme Court)

বিশ্ব শক্তিশালী ন্যায়ালয়সমূবৰ  ভিতৰত ভাৰতৰ উচ্চতম ন্যায়ালয় অন্যতম। অৱশ্যে, উচ্চতম ন্যায়ালয়ে সংবিধানে বান্ধি  দিয়া সীমাৰ ভিতৰত থাকি কাৰ্য্য সম্পাদন কৰে। উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু দায়িত্ব সংবিধানে স্পষ্টভাৱে নিৰ্দ্ধাৰণ কৰি দিছ উচ্চতম ন্যায়ালয়ৰ কিছুমান বিশেষ অধিকাৰ ক্ষেত্ৰ বা ক্ষমতা আছে।

Type Sumit Patar

Class 11 Political science