বনত ইমান পলাশৰে চাকি
বনত ইমান পলশাৰে চাকি জ্বলে আজি
মন নীৰৱে জ্বলে আজি
ফাগুনৰে জোনালী ৰাতি ।
কোনেনো ক’লে হায় নেলাগে বুকুৰ মৰম
হয়তো আজি জুৰিৰে বিচাৰে
নদীৰ নিবিড় মৰম ।
তুমিনো দিলাহি মৰমৰ
প্ৰথম খবৰ
তুমি এই হ’লা মৌনতা মোৰ
জীৱনৰ প্ৰথম পুৱা ।
বন বননিৰ আঁচল উৰুইৱা
বন বননিৰ আঁচল উৰুৱাই
সুৰ মাথো বৈ যায়
সুৰ মাথো বৈ যায় ।
ক’বানে এই মন কাৰ
নদীয়ে ধুৱালে পাৰ
ছবি আঁকি যায় ৰামধেনু যেন ।
আছেনে ফুলতো মন
আছেনে বনতো মন
ফুল বাছি যায় ৰঙীন সূতাৰে
তাই যে নিলাজ পছোৱা বতাহ যেন ।