তিনি খলপীয়া গঠন 

 সকলাে ৰাজ্যত এতিয়া সমৰূপী তিনিখলপীয়া পঞ্চায়তৰাজ ব্যৱস্থা আছে । গাঁও পঞ্চায়ত স্থানীয় প্রশাসনৰ সর্বনিম্ন গােট । এখন গাঁও পঞ্চায়তৰ অধীনত এখন বা ততােধিক গাঁও থাকে । স্থানীয় প্রশাসনৰ মধ্যৱর্তী গােট হ’ল মণ্ডল । ইয়াক ব্লক বা তালুক বুলিও কোৱা হয় , সৰু সৰু ৰাজ্যবােৰত মধ্যৱৰ্তী স্তৰত গােট গঠনৰ প্ৰয়ােজন নাই । জিলাখনৰ সমুদায় গাঁও অঞ্চল সামৰি একেবাৰে শীর্ষস্থানত জিলা পঞ্চায়ত অৱস্থিত । এই সংশােধনীৰ এটা ব্যৱস্থাত গাঁওসভাৰ গঠন বাধ্যতামূলক কৰা হৈছে । গাঁওসভা গঠন কৰা হয় পঞ্চায়ত এলেকাৰ সকলাে প্রাপ্তবয়স্ক ভােটদাতাকলৈ । ইয়াৰ ভূমিকা আৰু কার্যাৱলীৰ বিষয়ে ৰাজ্যিক আইনে স্থিৰ কৰে ।

নিৰ্বাচান

পঞ্চায়তৰাজ অনুষ্ঠান তিনিটা গোটকে জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচান কৰে। ইয়াৰ প্ৰতিটো গোটৰ কাৰ্যকাল হল ৫ বছৰ। যদি ৰাজ্যৰ চৰকাৰে নিৰ্দিষ্ট ৫ বছৰ কাৰ্যকালৰ আগতে পঞ্চায়ত ভংগ কৰি দিয়ে তেনেহ'লে ভংগ কৰা দিনৰে পৰা ছয় মাহৰ ভিতৰত নতুন নির্বাচন অনুষ্ঠিত কৰিব লাগে । নির্বাচিত স্থানীয় গােটৰ অৱস্থিতি ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূর্ণ ব্যৱস্থা । ৭৩ তম সংশােধনীৰ আগতে বহুত ৰাজ্যত জিলা গােটসমূহ পৰোক্ষভাৱে নিৰ্বাচন কৰা হৈছিল আৰু ভংগ কৰাৰ পাছত সােনকালে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে কোনাে ব্যৱস্থা নাছিল ।

 সংৰক্ষণ 

সকলাে পঞ্চায়ত অনুষ্ঠানৰ এক - তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয় । তিনিওটা স্তৰতে জনসংখ্যাৰ অনুপাত অনুযায়ী অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা আছে । চৰকাৰে যদি প্রয়ােজন থকা বুলি ভাবে তেন্তে অন্যান্য পিছপৰা জাতিৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে ।

    উল্লেখযােগ্য যে এই সংৰক্ষণ ব্যৱস্থা অকল পঞ্চায়তৰ সাধাৰণ সদস্যৰ বাবে নহয় , তিনিওটা গােটৰ সভাপতি আৰু অধ্যক্ষৰ বাবেও প্রযােজ্য । ইয়াৰ উপৰিও এক - তৃতীয়াংশ আসন মহিলাৰ সংৰক্ষণৰ ব্যৱস্থা অকল সাধাৰণ শ্ৰেণীৰ বাবেই নহয় , অনুসূচী ত জাতি আৰু অনুসচীত জনজাতি আৰু অন্যান্য পিছপৰা জাতি সংৰক্ষিত আসনৰ ক্ষেত্ৰতাে প্রযােজ্য । মুঠতে এখন আসন একে সময়তে মহিলা প্রার্থী বাবে আৰু অনুসূচীত জাতি , জনজাতি বা অন্যান্য পিছপৰা মহিলাৰ বাবেও সংৰক্ষিত । সেইদৰে এগৰাকী পঞ্চায়ত সভানেত্রী দলিত শ্ৰেণীৰ বা আদিবাসী মহিলা হ’ব লাগে । 

বিষয় হস্তান্তৰ 

আগতে সংবিধানৰ একাদশ অনুসূচীত সংযুক্ত ২৯ টা বিষয় চিনাক্ত কৰি ৰাজ্যিক সূচীত অন্তর্ভূক্ত কৰা আছিল । এই বিষয়বিলাক পঞ্চায়তৰাজ অনুষ্ঠানলৈ হস্তান্তৰ কৰা হয় । এই বিষয়বিলাক ঘাইকৈ স্থানীয় উন্নয়ন আৰু কল্যাণৰ লগত জড়িত আছিল । এইবােৰ কাৰ্যৰ প্রকৃত হস্তান্তৰকৰণ ৰাজ্যিক আইনৰ ওপৰত নিৰ্ভৰশীল । প্রত্যেক ৰাজ্যই এই ২৯ টা বিষয়ৰ কিমানটা বিষয় স্থানীয় গোটবিলাকৰ হাতলৈ হস্তান্তৰ কৰিব সেই সম্পর্কে সিদ্ধান্ত গ্রহণ কৰে ।

     ভাৰতৰ বহুতাে ৰাজ্যত আদিবাসী লােকে বাস কৰা অঞ্চলসমূহত সংবিধানৰ ৭৩ তম সংশােধনীৰ ব্যৱস্থাবিলাক প্রয়ােগ হােৱা নাছিল ।

    ১৯৯৬ চনত এখন পৃথক আইন পাছ কৰি পঞ্চায়তৰ ব্যৱস্থাসমূহৰ এই অঞ্চলবোৰলৈ সম্প্ৰসাৰণ কৰা হয়। বহুতো আদিবাসী সম্প্ৰদায়ৰে নিজৰ পৰম্পৰাগত নিয়মেৰে বননী, জন সংৰক্ষণ আদি উমৈহতীয়া সম্পদবোৰ পৰিচালনা কৰিছিল। গতিকে এই নতুন আইনখনে এই সম্প্ৰদায়বোৰৰ নিজৰ সম্পদৰ ওপৰত অধিকাৰ থাকিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছিল । সেই উদ্দেশ্যতে এই অঞ্চলৰ গাঁওসভাসমূহক অধিক ক্ষমতা প্রদান কৰা হৈছিল আৰু নির্বাচিত গাঁও পঞ্চায়তবিলাকে বহু বিষয়ত গাঁওসভাৰ অনুমােদন ল'ব লাগে । এই আইনৰ অন্তর্নিহিত ধাৰণা হল আধুনিক নির্বাচিত গােট প্ৰৱৰ্তন কৰাৰ লগতে স্থানীয় পৰম্পৰাৰে প্রচলন থকা স্থানীয় চৰকাৰসমূহক ৰক্ষণা বেক্ষণ দিব লাগিব । এইটো হ'ল অনৈক্য আৰু বিকেন্দ্রীকৰণৰ সমন্বয় সাধনৰ উপায় ।

 ৰাজ্যিক নির্বাচনী আয়ুক্ত 

ৰাজ্য চৰকাৰে এজন ৰাজ্যিক নির্বাচন আয়ুক্ত নিয়ােগ কৰিব লাগে যিয়ে পঞ্চায়তৰাজ অনুষ্ঠান নির্বাচন পৰিচালনাৰ দায়িত্ব পালন কৰিব লাগে । আগতে এই কার্য ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত ৰাজ্যিক প্রশাসনে সম্পন্ন কৰিছিল । এতিয়া ভাৰতৰ নির্বাচন আয়ুক্তৰ দৰে ৰাজ্যিক নির্বাচন আয়ুক্তৰ পদটো  পদটো স্বতন্ত্র । যিহেতু , ৰাজ্যিক নির্বাচন আয়ুক্ত এজন স্বতন্ত্র বিষয়া সেয়েহে ৰাজ্যিক নির্বাচন আয়ুক্ত ভাৰতৰ নির্বাচন আয়ােগৰ অধীনাে নহয় আৰু ইয়াৰ লগত জড়িত নহয় । 

ৰাজ্যিক বিত্তীয় আয়ােগ 

ৰাজ্য চৰকাৰে পাঁচ বছৰৰ অন্তৰে অন্তৰে ৰাজ্যিক বিত্তীয় আয়ােগ নিযুক্তি দিব লাগে । এই আয়ােগে ৰাজ্যৰ স্থানীয় চৰকাৰৰ বিত্তীয় অৱস্থা পৰীক্ষা কৰে । ই এহাতে ৰাজ্য আৰু স্থানীয় চৰকাৰৰ মাজত আৰু আনহাতে গ্রাম্য আৰু নগৰীয়া স্থানীয় চৰকাৰৰ মাজত ৰাজহ বিতৰণৰ বিষয়ে পর্যবেক্ষণ কৰে । এই সংস্কাৰে নিশ্চিত কৰিছিল যাতে গ্রাম্য স্থানীয় চৰকাৰলৈ অর্থ সাহায্য বিতৰণত ৰাজনৈতিক হস্তক্ষেপ নাথাকে ।

Type Sumit Patar

Class 11 Political science