সাৰ্বজনীন ভোটাধিকাৰ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ

সার্বজনীন ভােটাধিকাৰ আৰু নির্বাচন প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ ( Universal franchise and right to contest ) সংবিধানত নির্বাচন পদ্ধতি বর্ণনা কৰাৰ উপৰিও নির্বাচন সম্বন্ধীয় দুটা প্রশ্নৰ অৱতাৰণা কৰা হৈছে । কোনবিলাক ব্যক্তি ভােটদাতা ? নির্বাচনত কোন বিলাক ব্যক্তিয়ে প্রতিদ্বন্দ্বিতা কৰিব পাৰে ? এই দুয়ােটা ক্ষেত্রতে আমাৰ সংবিধানে সু প্রতিষ্ঠিত গণতান্ত্রিক নীতি অনুসৰণ কৰিছে । 

    তুমি ইতিমধ্যে জানিব পাৰিছা যে গণতান্ত্রিক নির্বাচনত দেশৰ ত প্রতিজন প্রাপ্তবয়স্ক লােকে ভােট দিবলৈ যােৱা উচিত । ইয়াকে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ বুলি কোৱা হয় । বহুতাে দেশত এই অধিকাৰ লবলৈ নাগৰিক সকলে দীঘলীয়া সংগ্রাম কৰিবলগীয়া হৈছিল । বহুতাে দেশতে মহিলাসকলে সংগ্রাম কৰাৰ ফলশ্ৰুতিত দেৰিকৈ হ'লেও এই অধিকাৰ পাইছিল । ভাৰতীয় সংবিধান প্রণেতাসকলে প্রতিজন প্রাপ্তবয়স্ক মানুহক ভােটাধিকাৰ দিয়াটো এটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছিল । ১৯৮৯ চনলৈকে প্রাপ্তবয়স্ক ভাৰতীয় বুলিলে ২১ বছৰৰ ওপৰৰ ভাৰতীয় নাগৰিকক বুজাইছিল । ১৯৮৯ চনত এটা সংবিধান সংশােধনীৰ দ্বাৰা যােগ্যতাৰ এই বয়স ১৮ বছৰলৈ হ্রাস কৰা হয় । প্রাপ্তবয়স্ক ভােটাধিকাৰৰ অৰ্থ হ'ল যে সকলাে নাগৰিকে তেওঁলােকৰ প্রতিনিধি নির্বাচনত অংশগ্ৰহণ কৰিব পাৰে অধিকাৰ সম্বন্ধীয় অধ্যায়ত আমি পঢ়া সমতা আৰু বৈষম্যহীনতাৰ নীতিৰ লগত ইয়াৰ সামঞ্জস্য আছে । বহুতে আনকি এতিয়াও ভাবে যে শিক্ষাগত অৰ্হতা বিচাৰ নকৰাকৈ সকলােকে ভােটদানৰ অধিকাৰ দিয়াটো উচিত নাছিল । কিন্তু আমাৰ সংবিধান প্রণেতাসকলৰ দৃঢ় বিশ্বাস আছিল যে সমাজ , দেশ আৰু নিজৰ সমষ্টিৰ কাৰণে কি হলে ভাল হ’ব তাক নির্ণয় কৰিব পৰাৰ ক্ষমতা প্রতি জন প্রাপ্তবয়স্ক নাগৰিকৰে সমান । ভােট দিয়াৰ অধিকাৰৰ ক্ষেত্ৰত যি কথা প্রযােজ্য সি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰটো খাটে । সকলাে নাগৰিকৰে নিৰ্বাচনত প্রতিদ্বন্দিতা কৰাৰ আৰু ৰাইজৰ প্রতিনিধি হােৱাৰ অধিকাৰ আছে । অৱশ্যে নির্বাচনত প্রতিদ্বন্দিতা কৰাৰ বয়সৰ যােগ্যতা বেলেগ বেলেগ । উদাহৰণ স্বৰূপে , লােক সভা বা বিধানসভাৰ নিৰ্বাচনত প্রতিদ্বন্দিতা কৰিবলৈ এজন প্রার্থীৰ বয়স অন্ততঃ ২৫ বছৰ হ'ব লাগিব , তাৰােপৰি আন কিছুমান বাধ্যবাধকতাও আছে । যেনে দুবছৰ বা ততোধিক কাল কাৰাবাস খটা ব্যক্তিয়ে আইনমতে নির্বাচনত প্রতিদ্বন্দিতা কৰিব নােৱাৰে । কিন্তু আয় , শিক্ষা , শ্রেণী বা লিঙ্গৰ ভিত্তিত কোনাে বাধা নাই । এই ক্ষেত্ৰত , আমাৰ নির্বাচন পদ্ধতি সকলােৰে বাবে মুকলি ।

  Type Sumit Patar

Class 11 Political Science