বিভিন্ন প্ৰকাৰৰ কাৰ্য্যপালিকা কি কি ?

    প্ৰত্যেক দেশতে একে ধৰণৰ কাৰ্য্যপালিকাৰ নাথাকিবও পাৰে। তোমালোকে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ইংলেগুৰ ৰাণীৰ বিষয়ে সম্ভৱ শুনিছা কিন্তু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ক্ষমতা আৰু কাৰ্য্যাৱলী লগত ভআৰতবৰ্ষৰ ৰাষ্ট্ৰপতি  ক্ষমতাৰ বহু পৰিমাণে পৃথক।  ভাৰতবৰ্ষৰ আৰু ফ্ৰান্স উভয় দেশতে প্ৰধানমন্ত্ৰী আছে কিন্তু তেওঁলোকৰ প্ৰত্যেকৰে ভঊমিকা বেলেগ। এনেকুৱা কিয় হয়? 

    এই প্ৰশ্ন উত্তৰৰ বাবে আমি ইয়াৰে কেইখনমান দেশত থকা কাৰ্য্যপালিকাৰ  প্ৰকৃতিৰ বিষয়ে চমু বিৱৰণ দাঙি ধৰিম। আমেৰিকাৰ যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা আছে আৰু প্ৰশাসনীয় ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত থাকে। কানাডাত এটি সাংবিধানিক ৰাজতন্ত্ৰৰ সৈতে সংসদীয় গণতন্ত্ৰ আছে যত ৰাণী এলিজাবেথ দ্বিতীয় হল ৰাষ্ট্ৰৰ আনুষ্ঠানিক প্ৰধান আৰু প্ৰধানমন্ত্ৰী হল চৰকাৰৰ প্ৰধান । ফ্ৰান্সত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী  লগতে মন্ত্ৰীসকলৰ নিযুক্তি দিয়ে কিন্তু তেওঁলোক যিহেতু সংসদৰ ওচৰত দায়বদ্ধ সেইবাবে তেওঁলোকক বৰ্খাস্ত কৰিব নােৱাৰে । জাপানত ৰাষ্ট্ৰৰ প্রধান হিচাপে সম্রাট ( Emperor ) আৰু চৰকাৰৰ প্রধান হিচাপে প্রধানমন্ত্ৰীৰ সৈতে এটি সংসদীয় ব্যৱস্থা আছে । ইটালীত ৰাষ্ট্ৰৰ আনুষ্ঠানিক মুৰব্বী হিচাপে ৰাষ্ট্রপতি আৰু চৰকাৰ মুৰব্বী হিচাপে প্রধানমন্ত্ৰীৰ সৈতে এটি সংসদীয় ব্যৱস্থা আছে । ৰাছিয়াত অর্ধ - ৰাষ্ট্রপতীয় ব্যৱস্থা আছে য'ত ৰাষ্ট্রপতি হ’ল ৰাষ্ট্রৰ মুৰব্বী আৰু প্রধানমন্ত্রী , যি ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হয় , তেওঁ চৰকাৰৰ মুৰব্বী ।জার্মানীত সংসদীয় শাসন ব্যৱস্থা আছে যত ৰাষ্ট্ৰৰ আনুষ্ঠানিক মুৰব্বী হ’ল ৰাষ্ট্রপতি আৰু চেন্সেলৰ ( Chancellor ) হ’ল চৰকাৰৰ মুৰব্বী । 

    ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থাত ৰাষ্ট্রপতিয়েই হ'ল ৰাষ্ট্র তথা চৰকাৰৰ মুৰব্বী । এই ব্যৱস্থাত তাত্বিক আৰু ব্যৱহাৰিক উভয় ক্ষেত্ৰতে ৰাষ্ট্ৰপতিৰ পদবী ( Office of Presi dent ) যথেষ্ট ক্ষমতাশালী । আমেৰিকা যুক্তৰাষ্ট , ব্রাজিল আৰু লেটিন আমেৰিকাৰ বেছিভাগ ৰাষ্ট এনেকুৱা শাসন ব্যৱস্থা থকা দেশৰ অন্তর্ভুক্ত ।

Type Sumit Patar

Class 11 Political SCience