সংসদ কমিটিসমূহে কি কৰে ? 

বিধায়িনী প্রক্রিয়াৰ এটা তাৎপর্যপূর্ণ বৈশিষ্ট্য হৈছে যে বিভিন্ন বিধায়িনী উদ্দেশ্যত কমিটিসমূহ নিযুক্তি দিয়া হয় । এই কমিটিয়ে আইন প্রণয়ন উপৰিও সদনৰ দৈনন্দিন কার্য সমূহতাে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । সংসদ যিহেতু কেৱল অধিবেশনৰ সময়তহে মিলিত হয় , সেই বাবে ইয়াৰ যথেষ্ট কম সময় থাকে । উদাহৰণ স্বৰূপে , আইন প্রণয়নৰ সময়ত বিবেচিত হৈ থকা বিষয়টোত গভীৰ অধ্যয়নৰ প্রয়ােজন হয় । ফলস্বৰূপে , ইয়াত অধিক মনােযােগ আৰু সময় দিবলগীয়া হয় । সেইদৰে বিভিন্ন মন্ত্রণালয়ৰ পৰা মঞ্জুৰীৰ বাবে অহা দাবীসমূহ অধ্যয়ন ; বিভিন্ন বিভাগৰ ব্যয় পৰীক্ষা কৰি চোৱা , দুর্নীতিৰ ঘটনা অনুসন্ধান কৰা আদি গুৰুত্বপূৰ্ণ কাৰ্য্যও আছে । এই কামবােৰ সংসদীয় কমিটিয়ে কৰে । ১৯৮৩ চনৰ পৰা ভাৰতত স্থায়ী প্রশাসনিক সমিটিৰ ( Standing Committee ) ব্যৱস্থা এটা গঢ় লৈ উঠিছে । বিভাগৰ লগত জড়িত এনে ধৰণৰ কুৰি খনৰাে অধিক কমিটি আছে স্থায়ী প্রশাসনিক কমিটিবােৰে বিভিন্ন বিভাগৰ কাম , তেওঁলােকৰ বাজেট , ব্যয় আৰু সদনলৈ অহা একোটা বিভাগৰ লগত জড়িত বিধেয়কৰ তত্বাৱধান কৰে । 

    স্থায়ী প্রশাসনিক কমিটিসমূহৰ উপৰিও আমাৰ দেশত যুটীয়া সংসদীয় কমিটিয়েও প্রাধান্য লাভ কৰিছে । বিত্তীয় খেলিমেলিৰ অনুসন্ধান আদিৰ দৰে কোনাে বিশেষ বিধেয়কৰ আলােচনাৰ বাবে যুটীয়া সংসদীয় কমিটি গঠন কৰিব পৰা যায় । এই কমিটিবােৰৰ সদস্যসকলক দুয়ােখন সদনৰ পৰা বাছনি কৰা হয় । 

    কমিটি ব্যৱস্থাই সংসদৰ বােজা পাতলাইছে । বহুতাে গুৰুত্বপূর্ণ বিধেয়ক কমিটিৰ বিবেচনাৰ বাবে পঠিওৱা হয় । কেতিয়াবা সামান্য সালসলনি কৰিলেও , সাধাৰণতে কমিটিৰ কামতে সংসদে অনুমােদন জনায় । অৱশ্যে আইনৰ ফালৰ পৰা ক’বলৈ হ'লে , সংসদৰ অনুমােদন নােহােৱালৈকে কোনাে বিধেয়ক আইনত পৰিণত হ'ব নােৱাৰে আৰু বাজেটো মঞ্জুৰ নহয় । কিন্তু সংসদে কাচিৎহে কমিটি পৰামর্শ অগ্রাহ্য কৰে ।

এন. ভি. গেডগিল


Type Sumit Patar
Class 11 Political science 11