স্থানীয় চৰকাৰ কিয়

গীতা ৰাথোড় মধ্যপ্ৰদেশৰ চেহো জিলাৰ জামোনীয়া টলব গাঁও পঞ্চায়তৰ বাসিন্দা। ১৯৯৫ চনত তওঁ সেই গাঁৱৰ এটা সংৰক্ষিত সমষ্টিৰ পৰা পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত হৈছিল। কিন্তু ২০০০ চনত গাওঁবাসীয়ে তেওঁৰ প্ৰসংসনীয় কাৰ্যৰ বাবে পুনৰ এটা অসংৰক্ষিত সমষ্টি পৰা নিৰ্বাচিত কৰি পুৰস্কৃত কৰিছিল। গীতা এগৰাকী গৃহিণীৰ পৰা গৈ ৰাজনৈতিক বিচক্ষণতা আহৰণ কৰি এগৰাকী নেত্ৰী হল। তেওঁ গাঁও পঞ্চায়তৰ সমূহীয়া প্ৰচেষ্টাৰে পানীৰ টেংকি মেৰামতি বা নতুন কৰা স্কুলঘৰ সজা গাঁৱৰ ৰাস্তা -ঘাট নিৰ্মাণ কৰা, ঘৰুৱা বিবাদ আৰু মহিলাৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিয়া পৰিৱেশ সম্পৰ্কীয় সজাগতা আৰু বনানীকৰণৰ লগতে জন সংৰক্ষণৰ ব্যৱস্থাপনাৰ বাবে গাঁবাসীক উৎসাহ- উদ্দীপনা যোগাইছিল-

Panchayati Raj Update Vol. Xi, No.3 February 2004.

     আন এগৰাকী সার্থকতা লাভ কৰা মহিলাৰ কাহিনী আছে । তেওঁ তামিলনাড়ৰ ভেংগাইবাচাল গাৱৰ গাঁও পঞ্চায়তৰ সভানেত্রী আছিল । ১৯৯৭ চনত তামিলনাড়ু চৰকাৰে ৭১ জন চৰকাৰী কৰ্মচাৰীৰ মাজত ২ হেক্টৰ মাটি ভাগ কৰি দিছিল । এই মাটিডৰা এইখন গাঁও পঞ্চায়ৰ অন্তর্ভুক্ত আছিল । ওপৰ মহলাৰ পৰামর্শ মতে কাঞ্চিপূৰম জিলাৰ উপায়ুক্তই যি উদ্দেশ্যত উক্ত মাটি আবণ্টন দিয়া হ'ল তাত সন্মতি জনাই গাঁও পঞ্চায়তৰ সভানেত্রীক এটা প্ৰভাৱ ল'বলৈ নির্দেশনা দিলে । গাঁও পঞ্চায়ত আৰু সভানেত্রীয়ে তেনেকুৱা প্ৰস্তাৱ এটা ল'বলৈ অস্বীকাৰ কৰাত জিলা উপায়ুক্তই এই মাটিডৰা অধিগ্রহণ কৰাৰ কাৰণে এটা নির্দেশ জাৰি কৰিছিল । জিলা উপায়ুক্তৰ এই নির্দেৰ্শৰ বিৰুদ্ধে গাঁও পঞ্চায়তে মাদ্রাজ উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল । উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে উপায়ুক্তৰ নিদের্শটোকে বাহাল ৰাখিছিল আৰু লগতে ৰায় দিছিল যে , ইয়াৰ বাবে গাঁও পঞ্চায়তৰ অনুমােদনৰ কোনাে প্রয়ােজন নাই । গাঁও পঞ্চায়তে এজনীয়া বিচাৰপীঠৰ ৰায়ৰ বিৰুদ্ধে খগু আদালতত আপীল কৰিছিল। খগু আদালতে এজনীয়া বিচাৰপীঠৰ আদেশ সলনি কৰিছিল। ন্যায়াধীশসকলে এই ৰায়টো কৈছিল যে চৰকাৰী নিৰ্দেশৰ জৰিয়তে অকল গাওঁ পঞ্চায়তৰ ক্ষমতা সংকুচিত কৰা নহয়, লগতে ই গাঁও পঞ্চায়তৰ সাংবিধানিক মৰ্য্যদাও খৰ্ব কৰিছ-

Panchayati Raj Update, Vol.12, Vol. Xii, June, 2005|

    এই দুয়োটা ঘটনাই বিশষকৈ ১৯৯৩ চনত স্থানীয় প্ৰশাসনক সাংবিধানিক মৰ্য্যদা প্ৰদান কৰাৰ পিছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষত হোৱা বৃহৎ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰিছে। 

    স্থানীয় চৰকাৰ হল গাওঁ আৰু জিলা পৰ্যায়ৰ চৰকাৰ। স্থানীয় চৰকাৰ সৰ্বসাধাৰণ মানুহৰ নিকটস্থ চৰকাৰ। স্থানীয় চৰকাৰ সাধাৰণ মানুহৰ দৈনন্দিন জীৱন আৰু সমস্যা লগত জড়িত। স্থানীয় চৰকাৰে বিশ্বাস কৰে যে গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত স্থানীয়  জ্ঞান আৰু স্থানীয় স্বাৰ্থ বৰ গুৰুত্বপূৰ্ণ উপাদান। সেইবোৰ কাৰ্যক্ষম আৰু সৌহাৰ্দ্যপূৰ্ণ জনসংযোগৰ প্ৰশাসনৰ বাবেও প্ৰয়োজনীয়। স্থানীয় চৰকাৰ গুণ হল যে ই জনসাধাৰণৰ একেবাৰে ওচৰত থাকে। জনসাধাৰণে স্থানীয় চৰকাৰক অতি ওচৰতে পোৱাৰ ফলত তেওঁলোকৰ স্থানীয় সমস্যাসমূহৰ ক্ষিপ্ৰতাৰে আৰু কম খৰচতে সমাধা কৰিব পাৰে। গীতা ৰাথোড়ৰ কাহিনীটোত আমি লক্ষ্য কৰিছো যে গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে তেওঁৰ সক্ৰিয় ভূমিকাৰ বাবে জামোনীয়া তলব্ গাওঁখনলৈ এটা তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। ভেংগাই বাচাল গাঁওবাসীয়ে তেওঁলোকৰ মাটি নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে লগতে গাঁও পঞ্চায়তৰ সভাপতি আৰু সদস্যসকলৰ মহান চেষ্টাৰ বাবে নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ ৰাখিবলৈ সক্ষম হৈছে। সেয়ে স্থানীয় জনসাধাৰণৰ স্বাৰ্থক উপযুক্ত ৰক্ষণা- বেক্ষণ দিয়াৰ বাবে স্থানীয় চৰকাৰ বৰ প্ৰয়োজনীয়।

    গণতন্ত্ৰ হল এটা অৰ্থপূৰ্ণ অংশগ্ৰহণ। ই লগতে দায়বদ্ধ। শক্তিশালী আৰু জীৱন্ত চৰকাৰে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু ইচ্ছাপূৰ্বক দায়বদ্ধতা নিশ্চিত কৰিছে। গীতা ৰাথোড়ৰ কাহিনীটো হৈছে এটা প্ৰতিজ্ঞাবদ্ধ অংশগ্ৰহণ। ভেংগাইবাচাল গাঁও পঞ্চায়তৰ অক্লান্ত চেষ্টাৰে নিজৰ মাটিৰ ওপৰত সাব্যস্ত কৰা অধিকাৰ  অভিযান দায়বদ্ধতা এটা উদাহৰণ। এইদৰে স্থানীয় চৰকাৰত সকলো নাগৰিকে তেওঁলোকৰ জীৱন - ধাৰণা অভাৱ - অভিযোগ আৰু সামগ্ৰিক উন্নয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জড়িত হব পাৰে। 

        গণতন্ত্ৰত কিছুমান কাম, যিবিলাক স্থানীয়ভাৱে সমাধান কৰিব পাৰি সেইবোৰ স্থানীয় লোক আৰু তেওঁলোকৰ প্ৰতিনিধিৰ হাতত এৰি দিয়া উচিত। স্থানীয় লোকসকল কেন্দ্ৰীয় বা ৰাজ্যিক পৰ্য্যয়ৰ চৰকাৰতকৈ স্থানীয় চৰকাৰৰ লগত বেছি ঘনিষ্ঠ। তেওঁলোকে স্থানীয় চৰকাৰে কি কৰিছে বা কি কৰিব পৰা নাই সেই বিষয় বেছি মনোযোগী হয় কিয়নো এইবোৰৰ প্ৰত্যক্ষ ধাৰণা আৰু প্ৰভাৱ তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰতিফলিত হয়। সেয়েহে স্থানীয় চৰকাৰক শক্তিশালী কৰা মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াত শক্তিশালী কৰা বুজায়।  

Type Sumit Patar

Class 11 Political Science