ঢৌৱে ঢৌৱে নৈয়ে

 

ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে

মনে অকলে কাৰ কথা ভাবিছে

মনে অকলে অকলে কাৰ কথা ভাবিছে

ঢৌৱে নৈয়ে কি কথা পাতিছে আ....

ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে ।।

 

দূৰণিৰে থুপিতৰা জুমি জুমি চাই

বুকুৰে গোপন বেথা

কোনেও দেখা নাই অ’

ৰিঙা ৰিঙা লাগে কিয়যে আজি

ইমান সপোন মোৰ ঢৌৱে ঢৌৱে যায় উটি ।।

 

সোণ পুৱতিৰ পৰা ওৰে জীৱন জুৰি

ওৰে জীৱন ৰাখিছিলো সাচি

কোনে আহি জানো অজানিতে দিলেহি মচি

বুকুৰ ইমান বেথা

তই জানো জান’ অ’ মোৰ নদী

বুকুৰ ইমান বেথা জান জানো তই অমোৰ নদী ।।

 

মোৰ বুকুখনে কিয় উচুপে ইমান

জানা জানো তুমি

ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা

তুমি সেই আগৰ দৰে বাউলী হোৱানে মোৰ মাত

শুনি জ্বলেনে জুই উমি উমি ।।



ফাগুনৰে পছোৱা বা

 

ফাগুনৰে পছোৱা বা....

মন মোৰ উৰি গুচি যায়

কি জানো পায়ো হেৰুৱায়

ফাগুনৰে উৰণীয়া বা

আলসুৱা কঁহুৱাৰে ছাঁ ।

 

পলাশৰ ৰঙা ৰঙা ফুলে

কাণে কাণে যি কথানো কলে

জাকি মাৰি উৰা পখীজাকে

আকাশৰ আন্ধাৰে জোনাকে

কলিজাৰ বেথা ঢালি

ব পাৰিবনে বাৰু

ব পাৰিবনে সেই কথা ।

ফাগুনৰে উৰণীয়া বা....

 

আজি কিয় বাৰে বাৰে

মনে যে মোৰ বিচাৰে

আঁচলৰে বা জুৰণীয়া

আজি যে উদাসী সন্ধিয়া

ফাগুনৰে বাউলি বা

লৈ যা মোক লৈ যা

ফাগুনৰে উৰণীয়া বা

আলসুৱা কঁহুৱাৰে ছাঁ ।

ফাগুনৰে উৰণীয়া বা

মনত যে কিমান হেঁপাহ ।।