সংবিধানবোৰ স্থবিৰ নেকি?

 পৰিবর্তিত পৰিস্থিতি , সমাজৰ প্রচলিত ধাৰণাৰ পৰিবর্তন বা ৰাজনৈতিকু ত্থান পতনৰ বাবেও জাতিসমবহে তেওঁলােকৰ সংবিধান পুনৰ ৰচনা কৰাটো নতুন কথা নহয় । চোভিয়েট যুক্তৰাষ্টৰ ৭৪ বছৰীয়া জীৱনকালত ( ১৯১৮ , ১৯২৪ , ১৯৩৬ আৰু ১৯৭৭ ) চাৰিখন সংবিধান আছিল । ১৯৯১ চনত চোভিয়েত যুক্তৰাষ্ট্ৰত সাম্যবাদী দলৰ শাসনৰ সমাপ্তি ঘটে আৰু চোভিয়েট যুক্তৰাষ্ট্ৰখন ভাঙি ( distintegratod ) যায় । এই ৰাজনৈতিক প্রলয়ৰ পাচত ধ্বগঠিত ৰুচ যুক্তৰাষ্ট্রই ১৯৯৩ চনত এখন নতুন সংবিধান গ্রহণ কৰে ।

     কিন্তু ভাৰতলৈ চোৱা । ভাৰতৰ সংবিধানখন  ১৯৪৯ চনৰ ২৬ নবেম্বৰৰ দিনা গৃহিত হয় । ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই আনুষ্ঠানিকভাবে বলবৎ হয় । তাৰ পাচত ৫৫ বছৰতকৈও অধিককাল সেই একেখন সংবিধানেই আমাৰ দেশৰ চৰকাৰে কার্যনির্বাহ কৰি অহা কাঠামাে বা আধাৰ ( frame work ) হিচাবে চলি আহিছে।

    তেন্তে কথাটো এনেকুৱাৰ নেকি যে আমাৰ সংবিধানখন ইমান ভাল যে ইয়াক সলনি কৰাৰ প্ৰয়োজন নাই। অথবা আমাৰ সংবিধান প্ৰনেতা সকল ইমান দূৰদৰ্শী আৰু জ্ঞানী আছিল নেকি যে ভৱিষ্যতে হব পৰা সকলো পৰিৱৰ্তনৰ বিষয়ে তেওঁলোক সজাগ আছিল। এফালৰ পৰা চাবলৈ গলে এই দুয়োটা উত্তৰেই সত্য। এইটো সঁচা যে আমি এখন বৰ শক্তিশালী ( robust ) সংবিধানৰ উত্তৰাধিকাৰী । সংবিধানৰ মূল গাঁথনি আমাৰ দেশৰ বাবে খুবেই উপযােগী । এইটোও সঁচা যে সংবিধান প্রণেতাসকল অতি দূৰদৰ্শী আছিল আৰু ভৱিষৎ পৰিস্থিতিৰ বাবে বহুতাে সমাধান আগবঢ়াইছিল । কিন্তু কোনাে সংবিধানেই সকলাে পৰিণামৰ বাবে উপযােগী হব নােৱাৰে । এনে কোনাে দলিল নাই যাৰ কোনাে সলনিৰ আৱশ্যক নাই ।

         তেনেহলে আমাৰ দেশত একেখন সংবিধানেই কেনেকৈ চলি আছে ? এই প্রশ্নৰ এটা উত্তৰ হ’ল যে আমাৰ সংবিধানখনে সমাজৰ পৰিবৰ্তনশীল আৱশ্যকতাৰ লগত সঙ্গতি ৰাখি সংশােধন হব লাগে বুলি মানি লৈছে । দ্বিতীয়তে , কাৰ্য্যকৰী কৰোঁতে যথেষ্ট নমনীয়তাৰে তাৰ অর্থ ব্যাখ্যা  হৈছে । ৰাজনৈতিক প্রথা আৰু ন্যায়িক সিদ্ধান্ত প্রয়ােগ কৰােতে সংবিধানে পৰিপক্কতা আৰু নমনীয়তাৰ প্রমাণ দিছে । এই উপাদানসমূহে আমাৰ সংবিধানখনক স্থবিৰ টোকাবহীৰ পৰিবৰ্তে জীৱন্ত দলিলত ( living docu ment ) পৰিণত কৰিছে ।

    যি কোনাে সমাজৰ কোনাে এক নির্দিষ্ট সময়ত সংবিধান প্রণেতাসকল এক সাধাৰণ প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হয় , সংবিধানখন ৰচনা কৰাৰ সময়ত সেই সময়ৰ সমাজে সম্মুখীন হােৱা সমস্যাসমূহৰ সমাধানৰ বাবে কি প্রচেষ্টা লােৱা হৈছিল স্বাভাৱিকতে সংবিধানখনে তাৰ প্রতিফলন কৰিব । একে সময়তে সংবিধানখন ভৱিষ্যৎ চৰকাৰৰ বাবে কাঠামাে ( frame work ) স্বৰূপ হ'ব লাগিব । এই অর্থত , সংবিধান সদায় সমসাময়িক আৰু স্থায়ী গুৰুত্ব থকা হব লাগিব ।

     সেই একে সময়তে , এখন সংবিধান অস্পর্শনীয় ( froxen ) আৰু অপৰিবর্তনীয় দলিল নহয় । ই মানৱ সৃষ্টি আৰু সেয়ে সংস্কাৰ আৰু পুনৰীক্ষণ ( re - examination ) ৰ প্রয়ােজন হব পাৰে । এইটো সৰ্চা যে সংবিধানে সংশ্লিষ্ট সমাজৰ সপােন আৰু আশা আকাঙ্খ প্রতিফলিত কৰে । ইয়াকো মনত ৰাখিব লাগিব যে সংবিধান হ’ল সমাজৰ গণতান্ত্রিক প্রশাসনৰ এক গাঁথনি । এই অর্থত , ই হ’ল সমাজে নিজৰ বাবে সৃষ্টি কৰা এক আহিলা । 

    সংবিধানৰ এই দ্বৈত ভূমিকাই সংবিধানৰ মৰ্য্যদা সম্বন্ধে সদায় জটিল প্রশ্নৰ উত্থাপন কৰে । ই ইমান পৱিত্ৰ নে যে কেতিয়াও কোনেও ইয়াক সলনি কৰিব নােৱাৰে ? আন ধৰণে চাবলৈ গলে , ই ইমান সাধাৰণ আহিলা নে যে আন যি কোনো সাধাৰণ আইনৰ দৰে ইয়াক সংশােধন কৰিব পৰা যায় ?

     ভাৰতীয় সংবিধান প্রণেতাসকল এই সমস্যা সম্বন্ধে সজাগ আছিল আৰু এক ভাৰসাম্য সৃষ্টি কৰিব বিচাৰিছিল । তেওঁলােকে সংবিধানখনক সাধাৰণ আইতকৈ ওপৰত স্থান দিছিল আৰু আশা কৰিছিল যে ভৱিষৎ প্রজন্মসমূহে এই দলিলনক সন্মান জনাব । একে সময়তে , তেওঁলােকে বুজিছিল যে , ভৱিষ্যতে এই দলিলখনৰ সংস্কাৰ প্ৰয়ােজন হব পাৰে । আনকি সংবিধানখন লিখাৰ সময়তাে বহুতাে বিষয়ত তেওঁলােকৰ মাজত থকা মতানৈক্যৰ বিষয়ে তেওঁলােক সজাগ আছিল । যেতিয়াই সমাজে কোনাে এক বিশেষ মতামতৰ ফালে দিশ সলাব , সাংবিধানিক ব্যৱস্থাসমূহৰ পৰিবৰ্তনৰ প্রয়ােজন হব । সেয়েহে দেখা যায় যে ভাৰতীয় সংবিধানখন ওপৰত উল্লেখিত এই দুয়ােটা দৃষ্টিভঙ্গীৰ সংমিশ্রণ যে সংবিধানখন এক পৱিত্র দলিল আৰু এনে এক আহিলা যে সময়ৰ লগে লগে ইয়াৰ পৰিবৰ্তনৰ প্রয়ােজন হব পাৰে । আন কথাত , আমাৰ সংবিধানখন স্থবিৰ দলিল মাত্র নহয় , ই সকলাে বিষয়তে শেষ কথা নহয় , ই অপৰিবর্তনীয় নহয় ।

Type Sumit Patar

Class 11 Political science