সংবিধানৰ বিকাশ আৰু মূল গাঁথনি

 ভাৰতীয় সংবিধানৰ ক্ৰমবিকাশত দীর্ঘম্যাদী প্রভাৱ পেলােৱা এটা বিষয় হ’ল সংবিধানৰ মূল গাঁথনিৰ তত্ব । তুমি ইতিমধ্যে জানিব পাৰিছা যে বিখ্যাত কেশৱানন্দ ভাৰতী গােচৰৰ দ্বাৰা ন্যায়পালিকাই এই সূত্র আগবঢ়াইছিল । এই ৰায়দানে তলত দিয়া ধৰণে সংবিধানৰ ক্ৰমবিকাশত অৰিহণা যােগাইছে । 

* ই সংসদৰ সংশােধনী ক্ষমতাৰ ওপৰত নির্দিষ্ট সীমা আৰােপ কৰিছে । ই কৈছে যে সংবিধানৰ মূল গাঁথনি কোনাে সংশােধনৰ দ্বাৰা ভঙ্গ কৰিব নােৱাৰিব । 

 * ই সংসদক সংবিধানৰ যিকোনাে আৰু সকলাে অংশ ( এই সীমাৰ ভিতৰত ) সংশােধনৰ অনুমতি দিছে , আৰু 

* কোনাে সংশােধনে মূল গাঁথনি ভঙ্গ কৰিছে নেকি আৰু মূল গাঁথনি নাে কি তাক নির্ধাৰণ কৰাৰ চূড়ান্ত ক্ষমতা ন্যায়পালিকাক দিছে । 

    উচ্চতম ন্যায়ালয়ে ১৯৭৩ চনত কেশৱানন্দ গােচৰৰ ৰায়দান কৰিছিল । যােৱা তিনিটা দশকত , এই সিদ্ধান্তই সাংবিধানিক সমীক্ষা নিয়ন্ত্রণ কৰিছে আৰু দেশৰ সকলাে অনুষ্ঠানে মূল গাঁথনিৰ তত্ব মানি লৈছে । প্রকৃততে , মূল গাঁথনিৰ তত্বটোৱেই জীৱন্ত সংবিধানৰ এটা উদাহৰণ । সংবিধানত এই তত্বৰ বিষয়ে কোনাে উল্লেখ নাই । গতিকে , ন্যায়পালিকা আৰু ইয়াৰ সমীক্ষাই আনুষ্ঠানিক সংশােধন নােহােৱাকৈ সংবিধানখন বাস্তৱিকতে সংশােধন কৰিছে । 

     সকলাে জীৱন্ত দলিলে এইদৰে তর্ক বিতর্ক , প্রতিযােগিতা আৰু বাস্তৱিক ৰাজনীতিৰ দ্বাৰা বিকাশ লাভ কৰে । ১৯৭৩ চনৰ পৰা বহুতাে গােচৰত আদালতে এই মূল গাঁথনি তত্ব ব্যাখ্যা কৰিছে আৰু ভাৰতৰ সংবিধানখনৰ মূল গাঁথনিৰ উপাদানৰ উদাহৰণ দিছে । এফালৰ পৰা চাবলৈ গলে , মূল গাথনি তত্বই অনমনীয়তা আৰু নমনীয়তাৰ মাজৰ ভাৰসাম্য আৰু দৃঢ় কৰিছে ৷ ই দৃঢ় প্রকৃতিটোত গুৰুত্ব দিছে আনহাতে বাকীখিনিও সংশােধনীৰ অধীনলৈ আনি ই সংশােধনী প্রক্রিয়া সহজ বা নমনীয় প্রকৃতিটোতাে গুৰুত্ব দিছে । 

সংবিধানৰ পুনৰীক্ষণ ( Review of the Constitution ) 

নব্বৈৰ দশকৰ শেষৰ ফালে , সমগ্র সংবিধানখন পুনৰীক্ষণ ( review ) কৰিবলৈ চেষ্টা কৰা হৈছিল । ভাৰত চৰকাৰে ২০০০ চনত উচ্চতম ন্যায়ালয়ৰ অবসৰপ্ৰাপ্ত বিচাৰপতি ন্যায়াধীশ ভেকটাচালায়াৰ সভাপতিত্বত সংবিধান পুনৰীক্ষণ ( review ) কৰিবলৈ এখন আয়ােগ গঠন কৰি দিছিল । বিৰােধী দলসমূহ আৰু আন বহুতাে সংগঠনে এই আয়ােগখন বর্জন কৰিছিল । এই আয়ােগখনক বহুতাে ৰাজনৈতিক বিতর্কই আবৰি ৰাখিছিল যদিও আয়ােগে মূল গাঁথনি তত্বটোত খামুচি আছিল আৰু সংবিধানৰ মূল গাঁথনি ব্যাহত কৰিব পৰা কোনাে পৰামর্শ দিয়া নাছিল । ই আমাৰ সংবিধানৰ মূল গাঁথনি তত্বৰ তাৎপৰ্য্য দেখুৱাইছে । 

    ন্যায়িক সমীক্ষাই কিদৰে সংবিধান সম্পর্কে থকা আমাৰ জ্ঞান সলনি কৰিছে তাৰ আৰু বহুতাে উদাহৰণ আছে। সর্বোচ্চ ন্যায়ালয়ৰ বহুত সিদ্ধান্তত কোৱা হৈছিল যে কর্মস্থলী আৰু শৈক্ষিক প্রতিষ্ঠানত সৰ্বমুঠ আসনৰ ৫০ শতাংশতকৈ বেছি সংৰক্ষণ কৰিব নােৱাৰি । সেইদৰে , অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সর্বোচ্চ ন্যায়ালয়ে মুলগাঁথনিৰ ধাৰণাৰ সূত্রপাত ঘটায় আৰু ৰায়দান কৰে যে এই শ্রেণীভূক্ত লােকে অন্য সংৰক্ষণৰ সুবিধা ভােগ কৰিব নােৱাৰিব । একেধৰণে , শিক্ষাৰ অধিকাৰ, জীৱন ধাৰণৰ আৰু স্বাধীনতা অধিকাৰ আৰু  সংখ্যালঘুৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা  কৰাৰ অধিকাৰ আদি ব্যৱস্থাৰ (Provision) ব্যাখ্যাৰ দ্বাৰা ন্যায়পালিকাই অনানুষ্ঠানিক সংশোধনত অৰিহণা যোগাইছে। ন্যায়ালয়ে ৰায়দানৰ দ্বাৰা কেনেকৈ সংবিধান ক্ৰমবিকাশত অৰিহণা যোগায় এইবোৰ তাৰেই উদাহৰণ। 

Type Sumit Patar

Class 11 Political Science 




Post ID : DABP004257