৭৩ তম আৰু ৭৪ তম সংশোধনীৰ কাৰ্য্যকৰণ

 ৭৩ - নং আৰু ৭৪ নং সংশােধনীৰ ব্যৱস্থাসমূহ কার্যকৰী কৰিবলৈ এতিয়া সকলাে ৰাজ্যই আইন প্রণয়ন কৰিছে । এই সংশােধনীৰ দহ বছৰৰ ( ১৯৯৪-২০০৪ ) ভিতৰত বেছিভাগ ৰাজ্যই ইতিমধ্যে দ্বিতীয় কার্যকালৰ বাবে স্থানীয় প্রশাসনৰ নির্বাচন অনুষ্ঠিত কৰিছে । মধ্যপ্রদেশ,ৰাজস্থানৰ দৰে কিছুমান ৰাজ্যই ইতিমধ্যে তৃতীয় কার্যকালৰ বাবে নির্বাচন অনুষ্ঠিত কৰিলে ।

    আজিলৈ গ্রাম্য ভাৰতত প্রায় ৫০০ জিলা পঞ্চায়ত , প্রায় ৬০০০ আঞ্চলিক পঞ্চায়ত আৰু ২,৫০,০০০ গাঁও পঞ্চায়ত আছে। সেইদৰে ভাৰতৰ নগৰ অঞ্চলত প্রায় ১০০ পৌৰ নিগম , ১৪০০ পৌৰসভা আৰু ২০০০ নগৰ সমিতি আছে। ৩২ লাখতকৈ অধিক সদস্য প্রত্যেক পাচ বছৰৰ বাবে এই গােটবােৰলৈ নির্বাচিত হয়। এইবােৰৰ ভিতৰত প্রায় দহ লাখ হ’ল মহিলা। ৰাজ্যিক বিধানমণ্ডল আৰু সংসদকে ধৰি আমাৰ প্রায় ৫,০০০ - কৈ কম নির্বাচিত প্রতিনিধি আছে। স্থানীয় গােটবােৰৰ নির্বাচিত প্রতিনিধি  সংখ্যা  তাৎপর্যপূর্ণভাৱে বাঢ়ি আছে। 

    ৭৩ নং আৰু ৭৪ - নং সংশােধনীয়ে সমগ্ৰ ভাৰততে গাঁও অঞ্চলৰ পঞ্চায়তৰাজ আৰু নগৰপালিকাৰ ব্যৱস্থাসমূহৰ মাজত সমৰূপতা সৃষ্টি কৰিছে । স্থানীয় অনুষ্ঠানসমূহৰ এই উপস্থিতি নিজে নিজেই এটা গুৰুত্বপূর্ণ সফলতা আৰু চৰকাৰী কার্যত জনসাধাৰণৰ অংশগ্ৰহণৰ পৰিৱেশ আৰু মঞ্চ সৃষ্টি কৰিছে ।

    পঞ্চায়ত আৰু নগৰপালিকাৰ মহিলাৰ সংৰক্ষণৰ ব্যৱস্থাই স্থানীয় প্রশাসনত এক বুজনসংখ্যক মহিলাই স্থান পােৱাটো নিশ্চিত হৈছে । এই সংৰক্ষণৰ ব্যৱস্থাটো গাঁও পঞ্চায়তৰ মুৰব্বী আৰু অধ্যক্ষৰ ক্ষেত্ৰতাে প্রযােজ্য , যাৰ ফলত বহুতাে নির্বাচিত মহিলা প্রতিনিধিয়ে এই আসন দখল কৰিবলৈ সক্ষম হৈছে । বর্তমান জিলা পঞ্চায়তত প্রায় ২০০ গৰাকী মহিলা আৰু ২০০০ গৰাকী মহিলা ব্লক বা তালুক পঞ্চায়তৰ সভানেত্রী আৰু ৮০,০০০ - ৰাে অধিক মহিলা সভানেত্রী ( Sarpanchas ) গাঁও পঞ্চায়তত আছে ।

     আমাৰ পৌৰ নিগমবােৰতত ৩০ গৰাকীতকৈ অধিক মহিলা মেয়ৰ , পৌৰসভাত ৫০০ গৰাকীতকৈ বেছি মহিলা অধ্যক্ষা আৰু নগৰ সমিতিত ৬৫০ গৰাকী মহিলা মুৰব্বী হৈ আছে । মহিলাসকলে বিভিন্ন বিষয়ৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰি বহু ক্ষমতা অর্জন কৰাৰ লগতে আত্মবিশ্বাস লাভ কৰিছে । এই অনুষ্ঠানবােৰত তেওঁলােকৰ উপস্থিতিয়ে বহুতাে মহিলাক ৰাজনৈতিক ক্ষেত্ৰৰ কার্যকলাপত যথেষ্ট অভিজ্ঞতা দিবলৈ সক্ষম হৈছে । বহুতাে ক্ষেত্ৰত তেওঁলােকে স্থানীয় গােটৰ আলাপ - আলােচনাত সজীৱ আনিবলৈ সক্ষম হৈছে । আনহাতে বহুক্ষেত্ৰত মহিলাসকলে উপস্থিতি সাব্যস্ত কৰিবলৈ সক্ষম হােৱা নাই বা তেওঁলােকৰ পৰিয়ালৰ পুৰুষসকলৰ নির্বাচন পৰিচালনাত সাধাৰণ প্রতিনিধি হৈ থাকে । অৱশ্যে এনেকুৱা উদাহৰণ প্রায় হ্রাস পাই আছে । 

    সংবিধান সংশােধনীয়ে যেতিয়া অনুসূচীত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ বাধ্যতামূলক কৰিলে তেতিয়া বেছিভাগ ৰাজ্যই অন্যান্য পিছপৰা জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিলে । ভাৰতৰ জনসংখ্যাক ১৬.২ শতাংশ অনুসূচীত জাতি আৰু ৮.২ শতাংশ অনুসূচীত জনজাতি সেয়েহে নগৰ আৰু গাঁও পঞ্চায়তৰ ৬.৬ লাখ নির্বাচিত সদস্যই এই দুটা সম্প্রদায়ৰ । তাৎপর্যপূর্ণভাৱেই স্থানীয় গােটৰ সামাজিক প্রকৃতিকে সলনি কৰি দিছে । এইদৰে এই গােটবােৰে সামাজিক বাস্তৱতাক অধিক প্রতিনিধিত্বমূলক কৰি কাম কৰিছে । বহু সময়ত ইউত্তেজনা সৃষ্টিকৰিছে । সমাজৰ যিসকল আধিপত্যশীল মানুহে আগতে গাঁৱৰ নিয়ন্ত্রণ তেওঁলােকৰ হাতত ৰাখিছিল , তেওঁলােক ক্ষমতা ত্যাগ কৰিবলৈ আগ্রহী নাছিল । ইয়ে ক্ষমতাৰ যুঁজক বেছি প্ৰৱল কৰি তুলিছিল । কিন্তু উত্তেজনা আৰু যুঁজ সদায় বেয়া নহয় । যেতিয়া গণতন্ত্রক অধিক অর্থপূর্ণ কৰাৰ চেষ্টা কৰা হয় আগতে ক্ষমতাৰ পৰা বঞ্চিত হৈ থকা সকলক ক্ষমতা প্রদানৰ চেষ্টা চলােৱা হয় তেতিয়া সমাজৰ কিছু সংকট আৰু উত্তেজনা সৃষ্টি হােৱাটো স্বাভাৱিক ।

    সংবিধান সংশােধনীয়ে ২৯ টা বিষয় স্থানীয় প্রশাসনক প্রদান কৰিছিল । এই আটাই বােৰ বিষয় স্থানীয় উন্নয়ন আৰু কল্যাণমূলক কার্যৰ লগত জড়িত । আন দশকৰ স্থানীয় চৰকাৰ কার্যাৱলীৰ অভিজ্ঞতাই দেখুৱাইছে যে ভাৰতৰ স্থানীয় চৰকাৰে সিবিলাকৰ ওপৰত ন্যস্ত কৰা কার্যাৱলী সম্পাদনত সীমিত ক্ষমতাহে উপভােগ কৰিছিল । বহুবিলাক ৰাজ্যই বেছিভাগ বিষয় স্থানীয় প্রশাসনক হস্তান্তৰ কৰা নাছিল । ইয়াৰ অৰ্থ এই যে স্থানীয় গােটবােৰে বাস্তৱিকতে প্রকৃত কাৰ্য্যাৱলী কৰিব পৰা নাছিল । সেয়েহে ইমান বেছি প্রতিনিধি নির্বাচন কৰা সমগ্র প্রক্রিয়াতাে কেৱল মাত্র প্রতীক চিহ্নহে হৈছে । কিছুমান লােকে স্থানীয় গােট গঠন কৰা ক্ষেত্ৰক সমালােচনা কৰা দেখা যায় । কিয়নাে কেন্দ্রীয় আৰু ৰাজ্যিক পর্যায়ত সিদ্ধান্ত গ্রহণ কৰা ধাৰাটো পৰিৱৰ্তন কৰিব পৰা নাই । স্থানীয় পর্যায়ত জনসাধাৰণে বিচৰা কল্যাণলমূক কার্যসূচী বা সম্পদ বিতৰণৰ ক্ষেত্ৰত অধিক ক্ষমতা লাভ কৰিব পৰা নাই । স্থানীয় গােটবােৰৰ নিজস্ব ধনৰ পৰিমাণ বৰ কম আছিল । আর্থিক ক্ষেত্ৰত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হােৱা বাবে স্থানীয় প্ৰশাসনৰ প্ৰায় পূৰ্ণ হতিত কাম কৰাৰ ক্ষমতা হ্ৰাস পাইছিল। যেতিয়া গ্ৰাম্য স্থানীয় গোটবোৰে সৰ্বমুঠ ৰাজহৰ ০.২৪% সংগ্ৰহ কৰিছিল তেতিয়াও চৰকাৰে খৰচ কৰা ৪% হিচাপে দিব লাগিছিল। গতিকে, সিবিলাকৰ ব্যয়ৰ তুলনাত আয় কম আছিল। গতিকে যাৰ পৰা অনুমোদন পায়, তাৰ ওপৰত এই বোৰ নিৰ্ভৰশীল। 

Type Sumit Patar

Class 11 Political science