শোষণৰ বিৰুদ্ধে অধিকাৰ
তোমালোকে কেতিয়াবা হোটেল, ধাবা, দোকান, ইটাভাতা, চাহ-বাগিচা, কাৰখানা আদিত শিশুসকলে কম কৰা মন কৰিছেনে ? মালিকাসকলে শিশুসকলক কামত নিয়োগ কৰাৰ কাৰণ হ'ল অতি কম মজুৰিতে এওঁলোকে দিন-ৰাতিয়ে কাম কৰি দিয়ে। কোনো কোনো ক্ষেত্ৰত মালিকে শিশুসকলৰ বিপদজনক বা অনিষ্টকাৰী কাম কৰিবলৈ বাধ্য়ও কৰায়। কিন্তু আমাৰ সংবিধানৰ ২৩ নং আৰু ২৮ নং অনুচ্ছেদ ধাৰ্য কৰা শোষণ বিৰুদ্ধে অধিকাৰত কোৱা হৈছেো যে- শ্ৰমিকৰ পৰা বিনা মজুৰিৰে শ্ৰম আদায় কৰা, জোৰ-জুলুমকৈ পৰিশ্ৰম কৰিবলৈ বাধ্য় কৰোৱা, অন্য়ায় আৰু অবৈধ কাম কাজৰ বাবে শিশুক নিয়োগ কৰা আদি আইন বিৰোধী নিষিদ্ধ কাৰ্য। তলৰ ছবিকেইখন লাভদৰে লক্ষ্য় কৰাচোন- চৰকাৰে ২০০৬ চনতে শিশু শ্ৰমিক নিষিদ্ধ আইন বলবৎ কৰাৰ পিছতো এতিয়াও বহুতো শিশুৱে কল-কাৰাখনা, হোটেল, এটা ভাতা আদিত কাম কৰা দেখা যায়। এই শিশু শ্ৰমিকসকলৰনিজৰ অধিকাৰ সাব্য়স্ত কৰি এখন শোষণমুক্ত সমাজ গঢ়িবলৈ দেশৰ প্ৰতিজন নাগৰিক সচেতন হোৱা বাঞ্চনীয়। অন্য়াথা দেশৰ ভৱিষ্য়ত অন্ধকাৰ হোৱাৰ আশংকা বাঢ়ি যাব। তোমালোকে মন কৰিলে যে পাযে বাতৰি কাকতসমূহত অপহৰণ, নিৰুদ্দেশ আদিৰ দৰে বাতৰি প্ৰকাশ পায়। সমাজৰ এক শ্ৰেণীৰ দুষ্ট প্ৰকৃতিৰ লোকে প্ৰলোভন দি নাবালক কিশোৰ-কিশোৰী আৰু শিশুসকলক অপহৰণ কৰি কোনোবা অজ্ঞাত ব্য়ক্তিৰ হাতত বিক্ৰী কৰে। এনে কাৰ্যই তেওঁলোকক স্বাভাৱিক জীৱন যাত্ৰাৰ পৰা বঞ্চিত কৰি দুৰ্বিসহ জীৱন যাপন কৰিবলৈ বাধ্য় কৰায়। এই সমস্য়াসমূহ সমাধানৰ বাবে আমাৰ দেশত বহু ধৰণৰ আই ব্য়ৱস্থা আছে।
শিক্ষা আৰু সাংস্কৃতিক অধিকাৰঃ
সংবিধান ২৯ নং আৰু ৩০ নং অনুচ্ছেদত ভাৰতবৰ্ষৰ নাগৰিকসকলৰ বাবে এই অধিকাৰ প্ৰদান কৰা হৈছে। ভাৰতবৰ্ষত ধৰ্মীয় আৰু ভাষিক সংখ্য়ালঘু শ্ৰেণীৰ লোকে প্ৰয়োজন অনুসৰি শিক্ষানুষ্ঠা ন প্ৰতিষ্ঠা কৰিব পাৰে। এই অনুষ্ঠানসমূহলৈ ভাষা নাইবা ধৰ্মৰ ভিত্তিত বৈষম্য় নাৰাকি চৰকাৰে অনুদান প্ৰদান কৰে। চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এনে শিক্ষানুষ্ঠানত জাতি, ধৰ্ম, ধৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাৰ সুবিধা আছে। আমাৰ দেশৰ থকা বিভিন্ন ধৰ্মাৱলম্বী, ভাষা-ভাষী আৰু নিজত্ব সংস্কৃতি বহন কৰা জনসাধাৰণে বাস কৰে। তেওঁলোকৰ নিজৰ নিজৰ ভাষা, লিপি আৰু সংস্কৃতি সুৰক্ষাৰ অধিকাৰ আছে।
ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ঃ
তোমালোকে ইতিমধ্য়ে জানিব পাৰিছা যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত কোনো ধৰ্মকে ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি দিয়া হোৱা নাই। ভাৰতবৰ্ষৰ সকলো ধৰ্মাৱলম্বী লোকে তেওঁলোকেৰ নিজ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা, প্ৰচাৰ আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা৪ কৰিব পাৰে। বিভিন্ন ধৰ্মৰ লোকৰ মাজত য়াতে ঐক্য়-সংহতি ৰক্ষা পৰে তাৰ প্ৰতি লক্ষ্য় ৰাখি সংবিধানৰ ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ প্ৰদান কৰিছে।
সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ঃ
আমাৰ সংবিধানে যিদৰে নাগৰিকসকলক মৌলিক অধিকাৰ প্ৰদান কৰিছে সেইদৰে এই অধিকাৰসমূহ উলংঘা কৰাৰ ক্ষেত্ৰতো সংবিদানে ৩২ নং অনুচ্ছেদ পৰা ৩৫ নং অনুচ্ছেদলৈ ব্য়ৱস্থা গ্ৰহণ কৰিছে। এই অধিকাৰ অনুসৰি নাগৰিকে মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত হ'লে তাক বলবৎ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাব পাৰিব। ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি ড° বি আৰ আম্বেদকাৰে সাংবিধানক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ 'আত্মা আৰু প্ৰাণকেন্দ্ৰ' বুলি মন্তব্য় কৰিছিল।
মৌলিক অধিকাৰৰ বৈশিষ্ঠ্য ঃ
ওপৰৰ আলোচনাৰ পৰা আমাৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহৰ বিষয়ে জানিব পাৰিলাহক। এই অধিকাৰসমূহৰ কেইটামান ুল্লেখযোগ্য় বৈশিষ্ট্ৰ বিষয়ে আলোচনা কৰে আহা-
- মৌলিক অধিকাৰ সংবিধানৰ এই গুৰুত্বপূৰ্ণ অংশ।
- সাংবিধানিক প্ৰতিকাৰৰ জৰিয়তে নাগৰিকে মৌলিক অধিকাৰ উপভোগ কৰাৰ পৰা বঞ্চিত হ'লে ন্যায়ালয়ৰ দ্বাৰস্থা হ'ব পাৰিব। সেইবাবে ন্যায়ালয়ক মৌলিক অধিকাৰ ৰক্ষক বুলি কোৱা হয়।
- ভাৰতবৰ্ষৰ সকলো নাগৰিকে কোনো বৈষম্য় নৰখাকৈ জাতি, ধৰ্ম, ধৰ্ম, ভাষা, সম্প্ৰাদায় নিৰ্বিশেষে সমান এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে।
ভাৰতবৰ্ষৰ সংবিধানে প্ৰদান কৰা মৌলিক মৌলিক অধিকাৰসমূহ চুড়ান্ত নহয়। ইয়াৰ কিছুমান সীমাবদ্ধতা আছে। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে নাগৰিকৰ মৌলিক অধিকাৰসমূহ সাময়িকভাৱে কৰ্তন হ'ব পাৰে।
মৌলিক অধিকাৰ প্ৰয়োজনীয়তা ঃ
তোমালোকে ওপৰৰ আলোচনাৰ পৰা জানিব পাৰিলা যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকসকলক মৌলিক অধিকাৰ প্ৰদান কৰিলেও তাৰ কিছুমান সীমাৱদ্ধতা আছে। কিন্তু এই মৌলিক অধিকাৰসমূহ নাগৰিকসকলৰ বাবে অত্য়ন্ত প্ৰয়োজনী।
- মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্য়ক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয়।
- মৌলিক অধিকাৰৰ মাজদি এখন ৰাষ্ট্ৰৰ পৰিচয় পোৱা যায়।
- মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য় নথকাৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণ, নিৰ্বিশেষে নাৰী-পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে।
Class 8 Social Science
Type: Dimi Bora