সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা 

তোমালোকে নিশ্চয় ক্ৰিকেট খেল চোৱা। এই খেলখন চাওঁতে এটা কথা মন  কৰিছানে ? কিছুমান নীতি-নিয়মৰ যোগেদি এই খেলখন পৰিচালিত হয়। সেয়েহে খেলখন পৰিচালনা কৰিবলৈ খেলুৱৈৰ উপৰি খেলপথাৰত দুজন আম্পায়াৰ বা পৰিচালক থাকে। আম্পায়াৰকেইজনে নিৰ্দিষ্ট নীতি-নিময় মানি খেলখন পৰিচালনা কৰে। নিয়ম নাথাকিলে খেলখন পৰিচালনা কৰাত বিশৃংখলাৰ সৃষ্টি হ'ব। ক্ৰিকেট খেলৰ দৰে অন্য়ান্য় খেলসমূহৰো নিৰ্দিষ্ট নীতি-নিয়ম থাকে। খেলসমূহ নিয়মৰ দ্বাৰা পৰিচালিত হোৱাৰ দৰে এখন সমাজ পৰিচালক কৰিবলৈও কিছুমান নিৰ্ধাৰিত নীতি-নিয়মৰ প্ৰয়োজন। ৰাষ্ট্ৰ হৈছে মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ সামাজিক অনুষ্ঠান। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাৱেক্ষণ দিয়া আদিৰ কাৰণেও কিছু নীতি-নিয়মৰ প্ৰয়োজন। এই নীতি-নিয়ম আৰু আইন-কানুন খিলিত বা অলিখিত ৰূপত থাকে। ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি-নিয়ম আৰু আইন- কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। সুবিধানখনক ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন বুলিও জনা যায়। সাধাৰণ অৰ্থত সংবিধান হ'ল কিছুমান নিয়মাৱলীৰ সমষ্টি। প্ৰত্য়েক ৰাষ্ট্ৰৰে এখনকৈ নিজস্ব সংবিধান থাকে। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি। 

সংবিধানৰ কেইটামান বৈশিষ্ট্যঃ

  • সংবিধান হ'ল কিছুমান আইন আৰু নীতি-নিয়মৰ সমষ্টি। 
  • সাধাৰণতে সংবিধানৰ আইন-কানুন, নীতি-নিয়মবোৰ লিখিত ৰূপত থাকে। 
  • সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পৰ্ক নিধাৰণ কৰে।
  • সংবিধান নাগৰিকৰ অধিকাৰক ৰক্ষণাৱেক্ষণ দিয়ে আৰু কৰ্তব্য়সমূহ প্ৰদান কৰে। 
  • সংবিধান পৰিৱৰ্তনশীল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংবিধানৰো পৰিৱৰ্তন হয়। সংবিধান পৰিৱৰ্তনৰ কিছুমান বিশেষ প্ৰক্ৰিয়া আছে। 

সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে সংশোধন বুলি কোৱা হয়। 

সংবিধানৰ প্ৰয়োজনীয়তা ঃ

সিপিঠিৰ আলোচনাৰ পৰা তোমালোকে সংবিধান সম্পৰ্কে ধাৰণা লাভ কৰিব পাৰিলাহঁক। তদুপৰি এই কথাও জানিব পাৰিলো যে- প্ৰতিখন ৰাষ্ট্ৰৰেই সংবিধান থাকে আৰু সংবিধান থাকে আৰু সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'ব নোহোৱা। কাৰণ সংবিধান ৰাষ্ট্ৰৰ শাসন-ব্য়ৱস্থা কেনেধৰণৰ হ'ব সেই কথা ঠিৰাং কৰে। সংবিধান হৈছে ৰাষ্ট্ৰৰ অধাৰাশিলা। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰ এখনৰ কল্পনা কৰিব নোৱাৰি। কিয় নোৱাৰি সেই বিষয়ে জানি লওঁ আহা-প্ৰথমতে, এখন ৰাষ্ট্ৰত বিভিন্ন সম্প্ৰদায়, জাতি-উপজাতি আৰু ভাষা-সংস্কৃতিৰ মানুহে বসবাস কৰে। সকলো মানুহৰে মনোভাব আৰু চিন্তাধাৰা একে নহয়। ভিন্নতা থাকিলেও ৰাষ্ট্ৰখন সুকলমে পৰিচালিত কৰিবৰ বাবে সেই ৰাষ্ট্ৰৰ সংবিধানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। দ্বিতীয়তে, দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্য়ক্তিগত স্বাধীনতাক সুৰক্ষা দিয়াত সংবিধান এখনে উল্লেখযোগ্য় ভূমিকা গ্ৰহণ কৰে। নাগৰিকৰ ব্য়ক্তিত্ব বিকাশৰ কাৰণেও কিছুমান অধিকাৰৰ একান্ত প্ৰয়োজন। এই অধিকাৰ আমাক সংবিধানেই প্ৰদান কৰে। তৃতীয়তে, এখন গণতান্ত্ৰিক দেশৰ শাসন ব্য়ৱস্থাত নাগৰিকে প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে তেওঁৰ পছন্দৰ নেতাক নিৰ্বাচন কৰি চৰকাৰ পৰিচালনা কৰাৰ দায়িত্বও সংবিধানে প্ৰদান কৰিছে। এই নিৰ্বাচন প্ৰক্ৰিয়া কেনে হ'ব আৰু কোনে নিৰ্বাচন পৰিচালনা কৰিব সেই সম্পৰ্কেও সংবিধানত উল্লেখ থাকে। চতুৰ্থতে, সংবিধানে চৰকাৰৰ ক্ষমতাও নিয়ন্ত্ৰণ কৰে। চৰকাৰৰ বিভিন্ন বিভাগৰ কামত আৰু ক্ষমতা ঠিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব সেয়াও নিশ্চত কৰে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ কৰা আছে।যদি তেওঁলোকে ক্ষমতাৰ অপব্য়ৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্ৰণ কৰিব পৰাৰ ব্য়ৱস্থা থাকে। পঞ্চমতে, সংবিধানে ৰাষ্ট্ৰ এখনক সুপৰিকল্পিতভাৱে পৰিচালনা কৰাত সহায় কৰে। তোমালোকে নিজ নিজ বিদ্য়ালয়ৰ পৰিৱেশলৈ মনত পেলোৱাচোন- পুৱা ৮.৩০ বজাৰ লগে লগে হৰেণ ককায়ে বিদ্য়ালয় ঘণ্টা বজালে। প্ৰধান শিক্ষায়িত্ৰীসহ বিদ্য়ালয়ৰ আন শিক্ষাৰ-শিক্ষায়িত্ৰীসকলেও প্ৰাতঃ সভাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰাৰ্থনা কৰিছে। সহকাৰী শিক্ষক দেবেন ছাৰে প্ৰাথমিক ব্য়ায়াম কৰোৱাৰ পাছত শাৰী পাতি শ্ৰেণী কক্ষলৈ ছাত্ৰ-ছাত্ৰীসকলৰ যাবলৈ দিলে। প্ৰত্য়েকজন শ্ৰেণী শিক্ষকে পাঠদানৰ বানে শ্ৰেণীত প্ৰৱেশ কৰিলে। ইয়াৰ পৰা তোমালোকে জানিব পাৰিলা যে বিদ্য়ালয়ৰ কামবোৰ নিয়াৰিকৈ চলিবৰ বাবে সকলোৱে ভাগে ভাগে নিজা দায়িত্ব পালন কৰাৰ বাবে বিদ্য়ালয়খন সুশৃঙ্খলভাৱে চলি আছে ! ঠিক সেইদৰে ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'বলৈ সংবিধান চৰকাৰৰ তিনিটা অংগ যেনে- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্য়ায়পালিকাৰ মাজত দায়িত্বসমূহ ভগাই দিছে। লগতে চৰকাৰৰ এই তিনিটা অংশৰ গাঁথনি আৰু পাৰস্পৰিক সম্পৰ্কও নিৰ্ধাৰণ কৰি দিছে। সংবিধানত এই ব্য়ৱস্থা নথকা হ'লে ৰাষ্ট্ৰত অৰাজকতা হৈ প্ৰশাসনীয় কাৰ্যত সংবিধানে জনসাধাৰণৰ আশা-আকাংশা পূৰণ কৰিবলৈ অক্ষম হ'লে জনগণৰ মাজত ক্ষোভৰ সৃষ্টি হয়। ইয়াৰ ফলত বিক্ষোভ বা বিদ্ৰোহে দেখা দিয়ে আৰু সমাজৰ পৰিৱৰ্তন বিচাৰে। এই কথাটো আমি কেইখনমান ৰাষ্ট্ৰৰ উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰো আহা- আমাৰ চুবুৰীয়া ৰাজ্য় নেপালত ৰাজতন্ত্ৰ প্ৰচলন আছিল। ১৯৯০ চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী আছিল ৰজা। নেপালৰ জনসাধাৰণে ৰাজতন্ত্ৰ আঁতৰাবৰ বাবে ২০০৬ চনৰ গণতান্ত্ৰীক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ কৰে। ইয়াৰ দুবছৰৰ পিছত অৰ্থাৎ ২০০৮ চনৰ এপ্ৰিল মাহত গণতান্ত্ৰিক নিৰ্বাচন হয় আৰু ৰাজতন্ত্ৰৰ অৱদান ঘটাই নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ কাৰণ আছিল পৰ্বৰ সংবিধানখনে জনসাধাৰণৰ স্বাৰ্থ আৰু বিশ্বাস প্ৰতিফলিত কৰিব পৰা নাছিল। ঠিক সেইদৰে ভাৰতৰ আন এখন চুবুৰীয়া ৰাজ্য় ভূটানটো ২০০৮ চনত নিৰ্বাচন পাতি ইয়াৰ শাসন ব্য়ৱস্থা জনগণৰ হাতত অৰ্পণ কৰে আৰু ফলস্বৰূপে তাত ৰজা থাকিলেও গণতান্ত্ৰ প্ৰতিষ্ঠিত হয়। এনেধৰণৰ শাসন ব্য়ৱস্থাত ৰজা বা ৰাণী নামমাত্ৰ শাসন কৰ্তা। তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰকৃত শাসন কাৰ্য পৰিচালিত হয়। আমাৰ আন এখন চুবুৰীয়া দেশৰ ম্য়ানমাৰেও বৰ্তমান গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দিশত আগবাঢ়িছে

সংবিধানৰ প্ৰকাৰঃ

ওপৰৰ আলোচনাৰ পৰা তোমালোকে ৰাষ্ট্ৰ এখন পৰিচালনা কৰাত সংবিধানৰ প্ৰয়োজনীয়তা গুৰুত্বৰ বিষয়ে জানিব পাৰিলাহক। কিন্তু সকলো দেশৰ বাবে একে ধৰণৰ সংবিধান প্ৰযোজ্য় নহয়। ৰাষ্ট্ৰ বিশেষে সংবিধান বেলেগ বেলেগ হোৱা দেখা যায়। এতিয়া আমি বিভিন্ন ধৰণৰ সংবিধান সম্পৰ্কে জানি লওঁ আহা



Class 8 Social Science 

Type: Dimi Bora