সমালোচনা

 ভাৰতীয় সংবিধানক বহু দিশত সমালােচনা কৰা হয় যদিও তিনিটা সমালােচনা চমুকৈ উল্লেখ কৰিব পাৰি। প্ৰথমতে , ইঅ - পৰিচালিত , দ্বিতীয় , ই অ - প্রতিনিধিত্ব আৰু তৃতীয় , ই আমাৰ অৱস্থাৰ লগত খাপ নাখায়। 

    এখন দেশৰ সংবিধানখন সংক্ষেপ দলিলৰ ৰূপত হ'ব লাগে , কিন্তু ভাৰতীয় সংবিধানখন এনে নহয় কাৰণেই অ - পৰিচালনীয় বুলি সমালােচনা কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্রৰ সংবিধানখন সংক্ষেপ হােৱা সত্ত্বেও এইখনক পৰিচালনীয় বুলি ক'ব নােৱাৰি। প্রকৃততে , এখন দেশৰ সংবিধানখন সংক্ষেপ দলিল হােৱাৰ উপৰিও অন্য সাংবিধানিক মৰ্য্যাদা থকা লিখিত দলিল সমূহৰ লগত মিল থকাটো উচিত। সেইবাবেই এইটো সম্ভৱ যে , গুৰুত্বপূৰ্ণ সাংবিধানিক বর্ণনাসমূহ পােৱাৰ লগতে সম্পাদিত কাৰ্য্যসমূহ সংক্ষেপ দলিলৰ ৰূপত পােৱা নাই। ভাৰতবৰ্ষৰ ক্ষেত্ৰত বহুবিলাক কার্য আৰু বর্ণনা এখন দলিত থকাৰ ফলস্বৰূপে ইয়াৰ আকৃতি বহল ধৰণৰ। বহুতাে দেশত , নির্বাচনী আয়ােগ বা লােকসেৱা আয়ােগৰ বিষয়ে কোনাে ব্যৱস্থাৰ উল্লেখ নাথাকে। কিন্তু , ভাৰতবৰ্ষত বহু বিষয়ক সাংবিধানিক দলিলত সামৰি লােৱা হৈছে। 

    দ্বিতীয়তে , সংবিধানখন অ - প্রতিনিধিত্ব বুলি সমালােচনা কৰা হৈছে।তােমালােকৰ মনত পৰেনে কেনেকৈ সাংবিধানিক সভা গঠন কৰা হৈছিল ? সেইসময়ত প্রাপ্তবয়স্ক ভােটাধিকাৰ দিয়া হােৱা নাছিল আৰু প্রায়বােৰ সদস্য সমাজৰ পৰিৱৰ্তিত শ্ৰেণীৰ আছিল। এইটো কাৰণৰ বাবে আমাৰ সংবিধানখন অ - প্রতিনিধিত্বমূলক বুলি ক'ব পাৰি নেকি ? 

    এইখিনিতে আমি প্রতিনিধিত্বৰ দুটা ভাগৰ পাৰ্থক্য উল্লেখ কৰা প্রয়ােজন। এটাক মত আৰু আনটোক মতামত বুলিব পাৰি। প্ৰথমটো ভাগ , মত অধিক গুৰুত্বপূর্ণ। জনসাধাৰণক তেওঁলােকৰ নিজা ভাষা বা মতৰ ভিত্তিত পৰিচিত কৰিব লাগে। যদি ভাৰতীয় সংবিধানক এই দিশৰ পৰা চোৱা যায় তেনেহ'লে এইখনক অ - প্রতিনিধিত্বমূলক বুলিব পাৰি , কাৰণ সাংবিধানিক সভাৰ সদস্যসকলক প্রাপ্তবয়স্ক ভােটাধিকাৰৰ দ্বাৰা নিবাচিত কৰা হােৱা নাছিল। কেতিয়াবা আমি যদি অন্য দিশটোৰেও চাওঁ , তেনেহ'লে ইয়াত সম্পূর্ণ প্রতিনিধিত্বতাৰ গুৰুত্ব নাই বুলিব নােৱাৰাে। সাংবিধানিক সভাত সকলােৰে মত সমূহৰ প্রতিনিধিত্বত থকা বুলি কলে অলপ বেছি কৰা হ’ব। আমি যদি সাংবিধানিক সভাত হােৱা বিতর্কবােৰ অধ্যয়ণ কৰাে আমি দেখাে যে , প্রায়বােৰ সমস্যা আৰু মন্তব্য সদস্য সকলৰ কেৱল ব্যক্তিগত তথা সামাজিক বিষয়ৰ ওপৰতেই ভিত্তি কৰি নহয় , লগতে তেওঁলােকৰ স্বার্থ আৰু বিবিধ সামাজিক শ্ৰেণীৰ ওপৰত ভিত্তি কৰি উদ্ভৱ হােৱা। ড° বি . আৰ আম্বেদকাৰে সংবিধানৰ জৰিয়তে দলিত সম্প্রদায়ৰ অনুভূতিসমূহ প্রকাশ কৰাৰ চেষ্টা কৰিছিল।

    তৃতীয়তে , ভাৰতীয় সংবিধানক বিদেশী দলিল বুলি সমালােচনা কৰা হয়। কাৰণ পশ্চিমীয়া সংবিধানসমূহৰ পৰা অনা অনুচ্ছেদসমূহ ভাৰতীয় সাংস্কৃতিক প্রেক্ষাপটৰ লগত খাপ নাখায়। বহুতেই এই বিষয়ত মত প্ৰকাশ কৰিছে। লগতে সাংবিধানিক সভাতাে ইয়াৰ বিষয়ে আলােচনা কৰা হৈছিল।

 এইটো কিমান দূৰলৈকে সত্য ? 

    এইটো সত্যৰে ভাৰতীয় সংবিধানখন আধুনিক লগতে অদূৰ পশ্চিমীয়া। তােমাৰ বাৰু মনত আছেনে প্রথম অধ্যায়ত আলােচিত সংবিধানৰ বিবিধ উৎস সমূহৰ কথা? কিন্তু, এইটো অধ্যায়ত তােমালােকে দেখা পালা যে , এইটো এটা অন্ধ অনুকৰণ কেতিয়াও নাছিল। ই এটা উদ্ভাৱিত অনুকৰণ। আৰু সেইবাবে এই সংবিধান সম্পূর্ণভাৱে বিদেশী সমলযুক্ত বুলি ক'ব নােৱাৰি। 

    প্রথমতে , বহুতাে ভাৰতীয়ই আধুনিক ভাৱধাৰাক মানিব পৰা নাছিল যদিও গােটসমূহ নিজৰ কৰি লৈছিল। তেওঁলােকৰ বাবে পশ্চিমীয়াকৰণ হৈছে তেওঁলােকৰ নিজা পৰম্পৰাক একপ্রকাৰ বিৰােধীতা কৰা। ৰামমােহন ৰায়ে ইয়াৰ বিৰােধিতা কৰিছিল আৰু বর্তমানেও দলিতসকলৰ মাজত এই পৰম্পৰা প্রচলিত। ১৮৪১ চনৰ পৰাই উত্তৰ ভাৰতৰ দলিতসকলে নতুনকৈ আৰম্ভ কৰা বিধিগত ব্যৱস্থাক সাহসেৰে ব্যৱহাৰ কৰিছিল আৰু লগতে জমিদাৰ সকলৰ ওপৰত ইয়াৰ ভিত্তিতেই গােচৰ তৰিছিল। সেয়েহে এই নতুন আইনৰ যন্ত্ৰটো জনসাধাৰণে ব্যৱহাৰ কৰিছিল তেওঁৰ ময্যাদা আৰু ন্যায়ৰ উত্তৰ বিচাৰি। 

    দ্বিতীয়তে, যেতিয়া পশ্চিমীয়া আধুনিকীকৰণৰ লগতে স্থানীয় সাংস্কৃতিক আদান - প্রদান হবলৈ আৰম্ভ কৰিলে , এক বর্ণসংকৰ ধৰণৰ এক সংস্কৃতিৰ জন্ম হয়। হয়তাে ইয়াৰ কাৰণ হৈছে সৃষ্টিশীল উপযােগিতা। যাৰ কাৰণে পশ্চিমীয়া আধুনিকীকৰণ তথা থলুৱা পৰম্পৰাৰ মাজত ভাৰসাম্য নাই। এই নলকৈ উদ্ভৱ হােৱা চিন্তাধাৰা এক অন্য আধুনিকৰণৰ চৰিত্ৰ। অ - পশ্চিমীয়া সমাজসমূহত এক বিবিধ আধুনিকৰণৰ চৰিত্ৰ ফুটি উঠে। যাৰ ফলত তেনে সমাজসমূহত প্রচলিত নিয়ম - কানুনৰ এক নতুনত্ব দেখা যায়। সেইবাবেই আমাৰ সংবিধানৰ খচৰাখন প্রস্তুত কৰাৰ এক প্রকৃত পশ্চিমীয়া আধুনিকৰণক ভাৰতীয় পৰম্পৰাৰ মূল্যবােধ সমূহৰ লগত সংমিশ্রণ ঘটোৱাত সহায় কৰিছে। আচলতে. ই এক সৃষ্টিশীল উপযােগিতাৰ এক পদ্ধতিহে , অনুকৰণ নহয়।

Type Sumit Patar

Class 11 Political science 



Post ID : DABP003821