’ মোৰে জান


মোৰে জান

সাগৰৰ সমান

তোমালে মৰম মোৰে যিমান

বনে তোমাৰো মোৰ সমান ।

 

মোৰে জান

আকাশৰ সমান

তোমালে মৰম মোৰে যিমান

বনে তোমাৰো মোৰ সমান ।

 

গাভৰু মন উতলা

চঞ্চলা চঞ্চলা

যেন পক্ষী এটি উৰণীয়া

মোৰো মনযে হল উতনুৱা

মোৰ হিয়াৰ পথাৰখনি

চেনেহে পলসুৱা

সিচিলা প্ৰেমৰ কঠিয়া

ঐ জীৱন হব সেউজীয়া

 

পৰশতে ঘনে ঘনে

বুকু দুৰু দুৰু কঁপে

মৰমৰে উমে উমে

 

হিয়া উঠলি উঠে

মন আকাশত

তুমি মোৰে জোন

বুকুতে সাৱটি লোৱা সোণ।

 মোৰে জান

সাগৰৰ সমান

তোমালে মৰম মোৰে যিমান

বনে তোমাৰো মোৰ সমান ।


হয়তো পূৰ্বজন্মতো

তুমি মোৰে আছিলা

হয়তো পূৰণ নহল আশাবোৰ

ঐ জান ভাঙিল সপোন বোৰ

হয়তো পুনৰ জনমলৈ

তোমাকে পালোহি ঐ

জনমে জনমে তুমি মোৰ

 

দেহা ঐ দেহা ঐ

আজীৱন ৰাখিমে ঐ

আদৰি সাদৰি ঐ

এই জনমতে ঐ

 মোৰে জান

সাগৰৰ সমান

তোমালে মৰম মোৰে যিমান

বনে তোমাৰো মোৰ সমান।