জীৱন্ত দলিল হিচাপে সংবিধান

 আমি আমাৰ সংবিধানখনক এক জীৱন্ত দলিল বুলি বর্ণনা কৰিছাে। তাৰ অর্থ কি ? 

এজন জীৱন্ত মানুহৰ দৰে , এই দলিল এ সময়ে সময়ে উদ্ভৱ হােৱা পৰিস্থিতি আৰু পৰিবেশৰ লগত সঙ্গঁতি ৰাখি আহিছে । প্ৰকৃততে , আমি সংবিধানৰ স্থায়ীত্ব সম্বন্ধে প্রথমতেই সােধা সাঁথৰৰ ইয়েই উত্তৰ । গতিশীল , ব্যাখ্যা কৰিব পৰা আৰু পৰিবৰ্তিত পৰিস্থিতিত খাপ খাব পৰা হােৱা বাবেই সমাজত হােৱা ইমানবােৰ পৰিবৰ্তনৰ পিছতাে সংবিধানখনে সফলতাৰে কাৰ্যনির্বাহ কৰি আছে। ইয়েই গণতান্ত্রিক সংবিধানৰ প্রমাণাংঙ্ক গণতন্ত্রত সময়ে সময়ে অভ্যাস আৰু ধাৰণাৰ সৃষ্টি হয় আৰু সেই মতে সমাজত পৰীক্ষা নিৰীক্ষা চলে। গণতন্ত্রক সুৰক্ষা দিব পৰা অথচ নতুন নতুন অনুশীলন বিকাশ হ'বলৈ দিয়া সংবিধান স্থায়ী হােৱাই নহয় নাগৰিকৰ পৰা শুদ্ধলাভ কৰিবলৈকো সক্ষম হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল , সংবিধানখনে আত্মসুৰক্ষা  আৰু গণতান্ত্রিক সুৰক্ষা দিব পাৰিছেনে ?

 যােৱা ৫৫ বছৰত দেশৰ ৰাজনীতি আৰু সাংবিধানিক বিকাশত কিছুমান সংকটময় পৰিস্থিতিৰ সৃষ্টি হৈছে । এই অধ্যায়ত তেনে কিছুমান বিষয়ৰ চমু উল্লেখ আমি ইতিমধ্যে দাঙি ধৰিছে । সাংবিধানিক আইনগত বিষয়ত ১৯৫০ চনৰে পৰা বাৰে বাৰে উদ্ভৱ হােৱা আটাইতকৈ গভীৰ প্ৰশ্নটো হৈছে সংসদীয় শ্রেষ্ঠত্বক লৈ । সংসদীয় গণতন্ত্রত , সংসদে জনসাধাৰণক প্রতিনিধিত্ব কৰে আৰু সেই বাবে কার্য পালিকা আৰু ন্যায় পালিকা দুয়ােটাতে ইয়াৰ প্রাধান্য থাকিব বুলি আশা কৰা হয় । একে সময়তে , সংবিধানে চৰকাৰৰ আন অঙ্গসমূহকো ক্ষমতা দিছে । গতিকে এই আধাৰৰ মাজতে সংসদৰ শ্রেষ্টত্ব প্রতিপন্ন হ’ব লাগিব । গণতন্ত্র মানে কেৱল ভােট আৰু গণপ্রতিনিধিত্বই নহয় । ই আইনৰ শাসনৰ নীতিকো বা বুজায় । অনুষ্ঠান সমূহৰ বিকাশৰ বাবে যিদৰে গণতন্ত্র প্রয়ােজন এই অনুষ্ঠানসমূহৰ কাৰ্যনির্বাহৰ বাবেও তেনেদৰে প্রয়ােজন যে সকলাে ৰাজনৈতিক অনুষ্ঠান জনসাধাৰণৰ প্রতি দায়বদ্ধ হব লাগিব আৰু অনুষ্ঠানসমূহৰ পাৰস্পৰিক দায়বদ্ধতা থকাৰ লগতে ইটোৱে সিটোৰ লগত সামঞ্জস্য ৰাখি চলিব লাগিব ।

Type Sumit Patar

Class 11 Political science 




Post ID : DABP004263