সংবিধান এক গণতান্ত্ৰিক পৰিৱৰ্তনৰ মাধ্যম

 প্রথম অধ্যায়ত আমি সংবিধান শব্দৰ অৰ্থ আৰু সংবিধানৰ প্রয়ােজনীয়তা সম্পর্কে বুজিব পাৰিলাে । সংবিধানৰ প্ৰয়ােজনীয়তা এইবাবেই আছে , যাতে শক্তিৰ অপপ্রয়ােগ নহয় । আধুনিক ৰাষ্ট্রসমূহ অধিক শক্তিশালী।তেওঁলােকৰ বিশ্বাস যে শক্তি তেওঁলােকৰ একচেতিয়া অধিকাৰ । এনে ৰাষ্ট্ৰসমূহৰ অনুষ্ঠানসমূহ যদি অপশক্তিৰ হাতত পৰে , তেতিয়া শক্তিৰ ব্যৱহাৰ অপব্যৱহাৰ হ’ব । যদিও এই অনুষ্ঠানসমূহ আমাৰ ৰক্ষা আৰু ভালৰ বাবে গঠন কৰা হৈছে , ইয়াক সহজতে আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰি । বিশ্বৰ ৰাষ্ট্র শক্তিৰ অভিজ্ঞতাৰ পৰা দেখা যায় যে প্রায়বােৰ ৰাষ্ট্ৰই অন্ততঃ কিছুমান ব্যক্তি আৰু গােটৰ স্বার্থক আঘাত কৰে । যদি এনে হয় আমি খেলৰ আইনসমূহ এনেধৰণেৰে ব্যৱহাৰ কৰিব লাগিব যাতে ৰাষ্ট্ৰসমূহৰ এই চেষ্টা সীমিত কৰা হয় । সংবিধানে কিছুমান মূল নীতি আগবঢ়াব লাগিব যাৰ জৰিয়তে ৰাষ্ট্রসমূহ যাতে স্বেচ্ছাচাৰী নহয় ।

    নেহেৰুৱে এই দুয়ােটা কথা ভালকৈ উপলব্ধি কৰিছিল । খচৰা সমিটিৰ দাবীত তেওঁ কৈছিল , সমিতিৰ সামূহিক দাবীৰ যােগেদি সম্পূর্ণ স্ব - দৃঢ়তা প্রতিনিধিত্ব কৰিব কাৰণ , কেৱল খচৰা সমিতিৰ ভাৰতীয় নির্বাচিত প্রতিনিধিসকলেহে ভাৰতীয় সংবিধান কোনাে ধৰণৰ বহিঃ শক্তিৰ প্ৰভাৱ নপৰাকৈ প্রণয়ন কৰিব পাৰিব । দ্বিতীয়তে , তেওঁ মত প্রকাশ কৰিছিল যে খচৰা সমিতি অকল জনসাধাৰণৰ আৰু যােগ্য আইনবিদৰ সমাগম নহয় । ই ৰাষ্ট্রৰ এক চলমান পদক্ষেপ , অতীতৰ ৰাজনৈতিক আৰু সম্ভৱত সামাজিক গাঁথনি আঁতৰাই এক নতুন ৰূপত উপস্থাপনৰ প্রয়াস।ভাৰতীয় সংবিধান এনে ধৰণেৰে গঠন কৰা হৈছে , যত পুৰণিকলীয়া ৰাজকীয় ব্যৱস্থা আঁতৰাই এক নতুন স্বতন্ত্র সমতা আৰু ন্যায়িক যুগৰ আৰম্ভ কৰিছে। এই দৃষ্টিভংগীৰ সাংবিধানিক গণতান্ত্ৰিক তত্বৰ  পৰিৱৰ্তন কৰাৰ শক্তি আছে। এই দৃষ্টিভংগী অনুযায়ী সংবিধান অকল জনসাধাৰণৰ শক্তি সীমিত ৰখাৰ বাবে গঠন কৰা নহয়, বৰঞ্চ আগৰে পৰা বঞ্চিত অহা লোকসকলক শক্তিশালী কৰাত সহায় কৰে। সংবিধানে সাৰ্বজনীনভাৱে মঙ্গল হোৱাত সহায় কৰে।

Type Sumit Patar

Class 11 Political science 



Post ID : DABP004006