এতিয়ালৈকে হোৱা সংশোধনৰ বিষয়বস্তু

এতিয়ালৈকে হােৱা সংশােধন বিলাক ৩ টা ভাগত ভাগ কৰিব পৰা যায় । প্রথম শাখাৰ সংশােধনীবিলাক মূল ব্যৱস্থাৰ কাৰিকৰী বা প্রশাসনীয় প্রকৃতিৰ আৰু ই স্পষ্টীকৰণ , ব্যাখ্যা বা গৌণ সংস্কাৰৰ নিচিনাহে আছিল । এই সংশােধন আইনগতহে , মূল দফাসমূহৰ ই বিশেষ পৰিবৰ্তন কৰা নাছিল । 

    ১৫ নং সংশােধনৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অবসৰৰ বয়স ৬০ ৰ পৰা ৬২ বছৰ কৰাটো এই ক্ষেত্ৰত আঙুলিয়াব পাৰি । সেইদৰে , ৫৫ নং সংশােধনৰ দ্বাৰা সর্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ বা বিচাৰপতি সকলৰ বেতন বৃদ্ধি কৰা হৈছিল । বিধানমণ্ডলত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে থকা আসন সংৰক্ষণৰ বিষয়টোও আমি লব পাৰাে । মূল ব্যৱস্থাটোত ১০ বছৰৰ বাবে এই ব্যৱস্থা কৰা হৈছিল । অৱশ্যে এই শ্রেণীসমূহৰ ন্যায্য প্রতিনিধিত্বৰ বাবে আৰু ১০ বছৰলৈ এই ব্যৱস্থা বঢ়াই দিয়া আৱশ্যক হৈছিল । গতিকে প্রতি দহ বছৰৰ মূৰে মূৰে আৰু ১০ বছৰৰ বাবে এই সময়সীমা বঢ়াবলৈ সংশােধন কৰি অহা হৈছে । ফলত এতিয়ালৈকে ৫ বাৰ এনে সংশােধন হৈছে । কিন্তু এই সংশােধনবিলাকে মূল ব্যৱস্থাৰ একো সালসলনি ঘটোৱা নাই । এই অর্থত ই কাৰিকৰী সংশােধন হে মাথোঁ । 

    চতুর্থ অধ্যায়ত ৰাষ্ট্ৰপতিৰ ভূমিকা সম্বন্ধে কৰা আলােচনাৰ কথা তােমালােকৰ মনত আছেনে ? মূল সংবিধানত ধৰি লােৱা হৈছিল যে আমাৰ সংসদীয় চৰকাৰত ৰাষ্ট্রপতিয়ে সাধাৰণতে মন্ত্রী পৰিষদৰ উপদেশ মানি কার্যনির্বাহ কৰিব । পিছৰ এটা সংশােধনৰ দ্বাৰা ৭৪ ( ক ) অনুচ্ছেদ ৰাষ্ট্রপতিয়ে মন্ত্রী পৰিষদৰ পৰামৰ্শ মানি চলাটো বাধ্যতামূলক কৰা হৈছিল । ( president shall act in accordance with the advice of the council of ministers ) প্রকৃততে , এই সংশােধনে কোনাে পৰিবৰ্তন কৰা নাছিল । কিয়নাে , গােটেই সময়ছােৱাত সেয়াই হৈ আছিল । এই সংশােধন ব্যাখ্যা কৰাৰ বাবে কৰাৰ দৰে হৈছিল ।

ভিন্ন ব্যাখ্যা ( Differing Interpretations )

     কিছুমান সংশােধন ন্যায়পালিকা আৰু চৰকাৰে দিয়া বেলেগ বেলেগ ব্যাখ্যাৰ ফল , এইবিলাকৰ মাজত সংঘাত হােৱাৰ ফলত প্রকৃত গুৰুত্ব দেখুৱাবলৈ সংসদে এটা সংশােধন কৰিবলগীয়া হৈছিল । বেলেগ বেলেগ অনুষ্ঠানে সংবিধানৰ ব্যাখ্যা বেলেগ বেলেগকৈ কৰাটো ( বিশেষকৈ নিজৰ ক্ষমতা সম্পর্কত ) গণতান্ত্রিক ৰাজনীতিৰ এটা অংশ । বহু সময়ত , সংসদে ন্যায়িক ব্যাখ্যা মানি নােলােৱাৰ ফলত ন্যায়পালিকাৰ ৰায়দান আওকান কৰিবলৈ সংবিধান সংশােধন কৰিব বিচাৰিছিল। ১৯৭০ চনৰ পৰা ১৯৭৫ চনলৈ সংসদৰ প্রতিকূল ব্যাখ্যা দূৰ কৰিবলৈ সংসদে সঘনে সংবিধান সংশােধন কৰিছিল। 

    ন্যায়পালিকা বিষয়ৰ অধ্যায়ত তােমালােকে ন্যায়পালিকা আৰু সংসদৰ মতানৈক্যৰ বিষয়সমূহ পঢ়ি আহিছা । এটা হল মৌলিক অধিকাৰ আৰু নির্দেশক নীতি সম্পর্কে আৰু আনটো ব্যক্তিগত সম্পৱিঅধিকাৰৰ পৰিসৰ আৰু তৃতীয়টো হ'ল সংবিধান সংশােধনৰ বাবে সংসদৰ ক্ষমতাৰ পৰিসৰ ১৯৭০ চনৰ পৰা ১৯৭৫ চনৰ মাজৰ কালছােৱাত সংসদে ন্যায়পালিকাই দিয়া ব্যাখ্যা দূৰ কৰিবলৈ বাৰে বাৰে সংশোধন কৰিছিল ।

     ইয়াকো মনত ৰখা উচিত যে ১৯৭০ চনৰ পৰা ১৯৭৫ চনলৈকে বহুতাে ৰাজনৈতিক ঘটনা ঘটিছিল আৰু আমাৰ সাংবিধানিক বিকাশৰ ইতিহাস সেই সময়ৰ ৰাজনীতিক কেন্দ্ৰ কৰিহে ভালকৈ বুজিব পাৰি । অহা বছৰ স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাস পঢ়িলে তােমালােকে এই বিষয়ে ভালকৈ জানিব পাৰিবা । 

ৰাজনৈতিক ঐক্যমতৰ জৰিয়তে সংশােধন ( Amendments through Political Consensus )

     তৃতীয়তে , ৰাজনৈতিক দলবিলাকৰ সহমতৰ ফলত বহু সংখ্যক সংশােধন হৈছে । কব পাৰি যে এই সহমতৰদ্বাৰা প্ৰচলিত ৰাজনৈতিক দর্শন আৰু সমাজৰ আশা আকাংঙ্খা প্রতিফলিত কৰিবলৈ কিছুমান পৰিবৰ্তনৰ প্রয়ােজন হৈছিল । আচলতে , ১৯৮৪ চনৰ পৰবৰ্তী বেছিভাগ সংশােধনেই এই ধাৰাটোৰ উদাহৰণ । সন্মিলিত চৰকাৰ থকা সত্ত্বেও এই সময়ছােৱাত বহু সংশােধন হােৱাৰ বিশেষত্বৰ বিষয়ে ওপৰত আমি কৰা প্ৰশ্নৰ কথা মনত আছেনে বাৰু ? তাৰ কাৰণ হ'ল এই সংশােধনৰ বেছিভাগেই কিছুমান বিষয়ত সৃষ্টি হােৱা সহমতৰ ওপৰত ভিত্তি কৰি হৈছিল ।

     ( ৫২৩ ম আৰু ৯১৩ ম ) বিষয়ক সংশােধনৰ বাহিৰেও এই সংশােধন সমূহৰ ভিতৰত ভােটদানৰ নিম্নতম বয়স ২১ ৰ পৰা ১৮ বছৰলৈ হ্রাস কৰাটোও আছিল । এই সময় ছােৱাতে , চাকৰি আৰু নাম ভর্তিকৰণৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ পৰিসৰ বৃদ্ধি কৰিবলৈ কিছুমান সংশােধন হৈছিল।১৯৯২-৯৩ৰ পিছত , এই ব্যৱস্থাসমূহৰ ওপৰত সমগ্র দেশতে প্রায় সহমত হৈছিল আৰু সেই বাবে বিশেষ অসুবিধা নােহােৱাকৈ এই সংশােধনী ব্যৱস্থাসমূহ গৃহীত হৈছিল । ( ৭৭ , ৮১ আৰু ৮২ নং সংশােধন )

বিতর্কিত সংশােধন ( Controversial Amendments ) 

ইমান পৰে আমি কৰা আলােচনাই এই ধাৰণাৰ সৃষ্টি কৰিব নালাগে যে সংবিধান সংশােধনৰ ক্ষেত্ৰত কেতিয়াও কোনাে বিতর্ক হােৱা নাই । প্রকৃততে , ১৯৭০ ৰ পৰা ১৯৮০ ৰ সময়ছােৱাত হােৱা সংশােধন বিলাকে বহুতাে আইনগত আৰু ৰাজনৈতিক বিতর্কৰ সূত্রপাত কৰিছিল । ১৯৭১ ৰ পৰা ১৯৭৬ চনৰ এই সময়ছােৱাত বিৰােধী দলসমূহে এই সংশােধনবিলাকৰ মাজত শাসক দলে সংবিধানখন কুঠাৰাঘাত কৰাৰ প্রচেষ্টা দেখা পাইছিল । বিশেষকৈ এতিয়ালৈকে ৩৮ , ৩৯ আৰু ৪২ তম সংশােধনী আটাহতকৈ বিতর্কিত সংশােধনৰ ভিতৰত পৰে । এই তিনিটা সংশােধন ১৯৭৫ চনৰ জুন মাহৰ পৰা দেশত ঘােষণা কৰা আভ্যন্তৰীণ জৰুৰী অৱস্থাৰ পৰিপ্ৰেক্ষিতত কৰা হৈছিল । ই সংবিধানৰ বহুতাে গুৰুত্বপূর্ণ অংশৰ মৌলিক পৰিবৰ্তন কৰিব বিচাৰিছিল । 

    বিশেষকৈ ৪২ তম সংশােধনী সবিধানৰ বহুতাে অংশ সামৰি কবি বিচৰা দেখা গৈছিল । শেৱানন্দ গােচৰত সর্বোচ্চ ন্যায়ালয়ে দিয়া ৰায় ই ওফৰাই পেলাব খুজিছিল । আনকি লােকসভাৰ কাৰ্যকালাে ৫ বছৰৰ পৰা ৬ বছৰলৈ বৃদ্ধি ৰা হৈছিল । অধিকাৰ সম্বন্ধীয় অধ্যায়টোত তােমালােকে মৌলিক কর্তব্য সম্বন্ধে পঢ়িছা । এই সংবিধান সংশােধনী আইনৰ দ্বাৰা তাক অন্তর্ভূক্ত কৰা হৈছিল । ৪২ তম সংবিধান সংশােধনীৰ দ্বাৰা ন্যায়পালিকাৰ পৰীক্ষণ ক্ষমতাৰ ওপৰত নিষেধাজ্ঞা আৰােপ কৰা হৈছিল । সেই সময়ত কোৱা হৈছিল যে এই সংশােধনত প্ৰকৃততে মূল সংবিধানখনৰ বহু অংশ পুনৰ লিখাৰ দৰেই হৈছিল । এই সংশােধনৰ দ্বাৰা প্ৰস্তাৱনা , সংবিধানৰ ৭ ম অনুসূচী আৰু ৫৩ নং অনুচ্ছেদৰ পৰিবৰ্তন কৰা হৈছিল বুলি জানানে ? সংসদত এই সংশােধন গৃহীত হােৱাৰ সময়ত বিৰােধী দলৰ বহুতাে সাংসদ কাৰাগাৰত বন্দী হৈ আছিল । এনে প্রেক্ষাপটত ১৯৭৭ চনত নির্বাচন অনুষ্টিত হৈছিল আৰু শাসকীয় কংগ্ৰেছ দল পৰাজিত হৈছিল । এই বিতর্কিত সংশােধনসমূহ পুনৰ বিবেচনা কৰা উচিত বুলি ভাবি নতুন চৰকাৰে ৪৩ আৰু ৪৪ নং সংবিধান সংশোধনীৰ দ্বাৰা, ৩৮, ৩৯আৰু ৪২ তম সংশোধনী দ্বাৰা প্ৰভাৱিত বেছিভাগ পৰিবৰ্তন নাচক কৰি দিছিল। এই সংশোধনসমূহৰ দ্বাৰা সাংবিধানিক ভাৰসৰাম্য পুনৰুদ্ধাৰ কৰা হৈছিল।

Type Sumit Patar

Class 11 Political science 




Post ID : DABP004254