অ’
সৰু ভনীটি মুগা ৰিঙা পিন্ধিলি
লাহতী খোপাতে কপৌ ফুল গুজিলি
দেখি মৰম লাগি যায়
হায়, দেখি মৰম লাগি যায় ।
মনৰে চাপৰিত কঁহুৱা ফুলিছে
বৰ পখাৰত ঐ পেঁপাটি বাজিছে ।
লিহিৰী গগনাই
তোকে ঐ ৰিঙিয়াই ।
চেনাই ধন চেনাই ধন
তোৰে মান শুৱনি নাই...
অ’
সৰু ভনীটি মুগা ৰিঙা ..।
দূৰৈৰ পথাৰতে অ’ কোনে
সিঙা পেঁপা বজালে ।
কোনেনো বিহুৱাই অ’ চেনাই
ৰিঙা ৰিঙা কৰিলে
গড়গঞা নাচনীৰ মন ।
পাখি লগা গাভৰুৰ মন ।
মৰমৰ দিখৌ নৌ সাঁতুৰি আহিলোঁ
চেনেহৰে ভোগদৈত ডিঙৰা মেলিলোঁ ।
অ’
দিহিঙে-দিপাঙে লৱৰি ফুৰিলোঁ
অ’
দিহিঙে-দিপাঙে লৱৰি ফুৰিলোঁ
চেনাই ধন চেনাই ধন
তথাপি নেপালোঁতোক...।
অ’
সৰু ভনীটি....
অ’ভনী অ’
...অ’ভনী
অ’...।
ফুল ফুলক ৰ’দৰ দৰে
ফুল ফুলক ৰ’দৰে
ফুল
হৃদয় সেউজী ধাৰাত
ফুল ফুলক সূৰ্যমুখি ফুল
প্ৰিয়তমা, তোমাৰ খোপাত
নাহৰ পাতত মেঘৰ ছাঁয়াই
নাচক আজি
মন আকাশত ডাৱৰৰে ফুল
ফুলক আজি
প্ৰজাপতি মেলা সপোন পাখি
মুগ্ধ হিয়াত ফুল ফুলক
সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত ।
এৰি অহা বাট ঢাকি থ
এখিলা শুকান
সৰাপাত
সমুখত প্ৰণয়ৰ তীৰ্থ-পথ
পখিলা পাখি মেলি থাক
বাঁহীৰ সুৰত নিশাৰ তৰাই নাচক আজি
দুটি নয়নত মধু জোন জ্বলক আজি
সূৰ্যমুখী মেলা সপোন পাহি
মোৰেই হিয়াত
ফুল ফুলক সূৰ্যমুখী ফুল
প্ৰিয়তমা তোমাৰ খোপাত ।
মাহ-হালধিৰে নোৱালে
মাহ-হালধিৰে নোৱালে ধুৱালে
কইনা সজালে কোনে
দাপোণমতী
কপালত সজালে কোনে ।
ডিঙিতে জ্বলিলে হিৰা নে মুকুতা
কপালত ভাহিলে জোনে
দাপোনমতি
কপালত ভাহিলে জোনে ।
মাহ-হালধিৰে....
মুগাৰে পাটৰে কি সাজ শুৱালে
গুণাৰ বুটা বচা ফুলে
সোণৰে ৰুপৰে গহনা জিলিকে
ডিঙিত জোনবিৰি জ্বলে ।
দেউতাৰ পদুলিত উদুলি-মুদুলি
দৰা আদৰিছে কোনে দাপোনমতী
দৰা আদৰিছে কোনে ।
মাহ-হালধিৰে......
ক’ৰে
গৰখীয়া পেঁপাটি বজাৱ
টিহিটি টিহিটি কৈ
দাপোনমতী
দূৰণীয়া সিটি চিনাকি কোন
ওৰণি আঁৰেৰে নেচাবা দাপোনমতী
চল পাই চকুলো বব
আজি যে বোৱাৰি সাজিছা দাপোনমতী
সেওঁতাৰ সেন্দুৰে ক’ব
কোন জুই জ্বলিছে
কুকুহা উৰিছে উৰুলি দিছেহি কোনে
দাপোনমতী
আওটি যাচিছে কোনে
মাহ-হালধিৰে... দাপোনমতী
কইনা সজালে কোনে ।
পৰিচয়বিহীন
পৰিচয়বিহীন যাযাবৰ নগৰীৰ
অকলশৰীয়া মই
বেচাৰিছো লগৰী ।
তুমি কোন নাজানো
দৰদী মৰমী
নাম কি নাজানো
অচিনা মৰমী
মৰমেৰে তুমি মোক
ল’বা যে সাৱটি
অকলশৰীয়া মই.... ।
আমি যে চিনাকি
বহু যুগৰে
আমি বান্ধে খালো
হোমৰে জুইৰে
মৰমেৰে তুমি মোক
ল’লা যে সাৱটি
অকলশৰীয়া মই.... ।।
মধু জোন জ্বলিচে
মধু জোন জ্বলিছে
মধু ৰাতি নামিছে
জীৱনৰ গধুলিতে
মায়া চাকি জ্বলিছে ।
নিয়ৰৰ এটি মণি
সজালে বননিখনি
সোঁৱৰণিৰ ফুল পাহি
যেন দূৰণিৰে বাঁহী ।
সপোনৰ এটি পক্ষী
মেলি দিছে দুটি পাখি
কাষৰত তুমি মোৰ
মধু জোন আছে সাক্ষী ।
Post ID : DABP003901