যুক্তৰাষ্ট্ৰবাদ

দ্বিতীয়তে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ (৩৭২) জম্মু কাশ্মীৰ াৰু (৩৭১) উত্তৰ - পূৰ্বাঞ্চলত যুক্তৰাষ্ট্ৰৰ অন্য এটা দিসত গুৰুত্ব দিয়া হৈছে। সংবিধানে কেন্দ্ৰীয় চৰকাৰক বেছি শক্তিশালী ৰূপত স্থাপন কৰিছে। এই অযুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা থকা সত্ত্বেও সাংবিধানিকভাৱে ৰাজ্যসমূহক বিধিগত লগতে অন্যান্য ক্ষমতাৰ ব্যৱস্থা বিপৰীতে ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰ ব্যৱস্থা প্ৰচলিত। নিৰ্দিষ্ট প্ৰয়োজনখিনি পূৰ কৰাৰ বাবে ভাৰতীয় সংবিধানত কিছুমান বিশেষ ব্যৱস্থা আছে। 

    উদাৰহণস্বৰূপে- জম্মু আৰু কাশ্মীৰ ভাৰতবৰ্ষৰ এক অংগ হিচাপে ৰাখিও স্বায়ত্ত শাসন প্রদানৰ ব্যৱস্থা সংবিধান অনুচ্ছেদ ৩৭০ ত উল্লেখ আছে । এইখনেই একমাত্র ৰাজ্য যাৰ নিজস্ব সংবিধান আছে । একেধৰণেই অনুচ্ছেদ ৩৭১ ( ক ) ৰ জড়িয়তে উত্তৰ - পূৰ্বাঞ্চলৰ নাগালেণ্ডক বিশেষ ব্যৱস্থা দিয়া হৈছে । এই অনুচ্ছেদৰ যােগেদি নাগালেণ্ডৰ পাৰস্পৰিক আইনসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে । ভাৰতীয় সংবিধানৰ মতে , এনেধৰণৰ পাৰ্থক্যগত ব্যৱস্থাই কোনাে ধৰণৰ বেয়া প্ৰভাৱ নেপেলায় । ভাৰতীয় সংবিধান বর্তমান এক বিবিধ - ভাষিক যুক্তৰাষ্ট্র । প্রত্যেকটো ভাষিক গােটক ৰাজনৈতিকভাৱে স্বীকৃতি দি সমানভাৱে লােৱা হৈছে । তেনেধৰণেৰে গণতান্ত্রিক আৰু ভাষিক যুক্তৰাষ্ট্ৰই সাংস্কৃতিক সমন্বয়তাৰ যােগেদি একতা আনিবলৈ সফল হৈছে ।

Type Sumit Patar

Class 11 Political science 



Post ID : DABP003817