সংবিধানখন কেনেকৈ সংশোধন কৰা হয় ?

    আমি দেখিলো যে আমাৰ সংবিধান প্ৰণেতাসকলে এটা ভাৰসাম্য ৰাখিব বিচাৰিছিল। প্ৰয়োজন সাপেক্ষে সংবিধান সংশোধন কৰিবই লাগিব। কিন্তু ইয়াক অপ্ৰয়োজনীয় আৰু সঘন পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰিব লাগিব। আন কথাত, তেওঁলোকে সংবিধানখন একে সময়তে নমনীয় বা সহজ আৰু অনমননীয় মানে অপৰিবৰ্তননীয় বুজায়। যি সংবিধান অতি সহজে পৰিৱৰ্তন বা সংশোধন কৰিব পাৰি তাক প্ৰায়ে নমনীয় বোলা হয়। যিবিলাক সংবিদানৰ সংশোধনৰ প্ৰক্ৰিয়া অতি জটিল তাক অনমনীয় বোলা হয়। ভাৰতীয় সংবিধান এই দুয়োটা বৈশিষ্ট্যৰে সংমিশ্ৰণ।

    সংবিদান প্ৰণেতাসকলে সংবিধালখন কিছুমান দোষ বা ভূল  থাকিব পাৰে বুলি বুজি পাইছিল, তেওঁলোকেজানিছিল যে সংবিধানখন সম্পূৰ্ণ নিৰ্ভূল  হব নোৱাৰে। যেতিয়াই এনে ভুল  পোহৰলৈ আহিব সংবিধানখন সহজতে সংশোধন কৰি ভূলবোৰ শুধৰোৱাৰ তেওঁলোক পক্ষপাতী আছিল। সংবিধানখনৰ কিছুমান ব্যৱস্থা অস্থায়ী প্ৰকৃতিৰ াচিল আৰু নতুন সংসদ নিৰ্বাচিত বোৱা লগে লগে তাক সলনি কৰাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু লগতে সংবিধানে এক যুক্তৰাষ্ট্ৰীয় প্ৰশাসন ব্যৱস্থা কৰিছিল বাবে ৰাজ্যসমূহৰ সন্মতি নোলোৱাকৈ ৰাজ্যসমূহৰ অধিকাৰ আৰু ক্ষমতা সলনি কৰিব পৰা নগৈছিল। অন্য কিছুমান বৈশিষ্ট্য সংবিধানৰ মূল উদ্দেশ্যৰ লগত ইমান বেছি ঘনিষ্টভাৱে জড়িত আছিল যে সংবিধান প্ৰণেতাসকলে তাক অপৰিবৰ্তনীয় কৰি ৰাখিবলৈ তৎপৰ আছিল। এই ব্যৱস্থাসমূহক জটিল কৰি ৰাখিবলগীয়া হৈছিল। এই বিবেচনাবোৰে সংবিধান সংশোধনৰ বিভিন্ন প্ৰক্ৰিয়াৰ জন্ম দিছিল। 

সংবিধান কেনেকৈ সংশোধন কৰা হয়

* সাধাৰণ আইনৰ দৰে, সংসদৰ সাধাৰণ সংখ্যাগৰিষ্টতা, কিছুমান অনুচ্ছেদত উল্লেখ কৰাৰ দৰে

* ৩৬৮ নং অনুচ্ছেদ অনুসৰি সংসদৰ দুয়োটা সদনতে সুকীয়াকৈ বিশেষ সংখ্যাগৰিষ্টতা

বিশেষ সংখ্যাগৰিষ্ঠতা

        +

* ৰাজ্যসমূহৰ অৰ্দ্ধেক বিধান মগুল। ৩৬৮ নং অনুচ্ছেদ

    সংবিধানত এনে বহুতো অনুচ্ছেদ আছে যিবোৰ সংশোধন কৰিবৰ বাবে সাধাৰণ আইন প্ৰণয়ন পদ্ধতি গ্ৰহণ কৰা হয়। এনেবোৰ ক্ষেত্ৰত কোনো বিশেষ সংবিধান সংশোধনী পদ্ধতিৰ প্ৰয়োজনীয় নহয় আৰু সংবিধান সংশোধন আৰু সাধাৰণ আইনৰ মাজত কোনো পাৰ্থক্য নাথাকে। সংবিধানৰ এইবোৰ অংশ অতি নমনীয়। তলত দিয়া সংবিধানৰ কিছুমান অনুচ্ছেদৰ পাঠাংশ ভালদৰে পঢ়া। এই দুয়োটা অনুচ্ছেদৰে আইনৰ দ্বাৰা শব্দকেইটাই ৩৬৮নং অনুচ্ছেদৰ সহায় নোলোৱাকৈ সংসদে তাক সলনি কৰিব পৰা বুজাইছে। সংবিধানৰ আন বহুতো অনুচ্ছেদ সংসদে এই সহজ পদ্ধতিৰে সংশোধন কৰিব পাৰে।

    বেলেগ দফা সংবিধানৰ বাকী অংশৰ সংশোধনৰ বাবে ৩৬৮ নং অনুচ্ছেদত ব্যৱস্থা ৰখা হৈছে। এই অনুচ্ছেদত দুটা সংশোধনু পদ্ধতি আছে আৰু সংবিধানৰ দুটা ভিন্ন প্ৰকৃতিৰ অনুচ্ছেদৰ ক্ষেত্ৰত  ই প্ৰযোজ্য। এটা পদ্ধতি মতে সংসদৰ দুয়োটা সদনৰ বিশেষ সংখ্যাগৰিষ্টতাৰ দ্বাৰা সংশোধন কৰিব পৰা যায়। দ্বিতীয় পদ্ধতিটোৰ অধিক জটিল। সংসদৰ বিশেষ সংখ্যাগৰিষ্টতাৰ উপৰিও ইয়াত ৰাজ্য বিধানমগুলসমূহৰ অন্ততঃ আধা সংখ্যকৰ অনুমোদনৰ প্ৰয়োজন হয়। মন কৰিবা যে সংবিধানৰ সকলো সংশোধনী  প্ৰস্তাৱ কেৱল সংসদতহে উত্থাপন কৰিব পাৰি। 

    তাৰোপৰি সংসদৰ বিশেষ সংখ্যাগৰিষ্টতা মানে কোনো বাহিৰা সংগঠন যেনে সংবিধান আয়োগ বা সুকীয়া গোট নোহোৱাকৈ সংশোধন কৰাটো বুজায়। সেইদৰে সংসদত গৃহীত হোৱাৰ পিছত সংশোধনৰ অনুমোদনৰ বাবে কোনো গণভোটৰ প্ৰয়োজন নহয়। লআন সকলো বিধেয়কৰ দৰে সংশোধনী বিধেয়কো ৰাষ্টপতিৰ সন্মতিৰ বাবে পঠিওৱা হয়। কিন্তু এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে ইয়াক পুনৰ বিবেচনা বাবে ঘূৰাই পঠাব নোৱাৰে। এই বিস্তৃত আলোচনাই সংশোধন প্ৰক্ৰিয়া কিমান দৃঢ় আৰু জটিল হব পাৰে তাক দেখুৱায়। আমাৰ সংবিধানে এনে জটিলতাবোৰ পৰিত্যাগ কৰে। ই সংশোধন পদ্ধতি তুলমৃনামূলকভাৱে সহজ কৰি তুলিছে। তাতকৈও ডাঙৰ কথা, এই পদ্ধতিত এটা গুৰুত্বপূৰ্ণ নীতি লুকাই আছে, কেৱল নিৰ্বাচিত জন প্ৰতিনিধি সকলেহে সংশোধনৰ প্ৰশ্ন বিবেচনা কৰিব আৰু সিদ্ধান্ত লব পাৰে। সেয়েহে নিৰ্বাচিত জনপ্ৰতিনিধি সকলৰ সাৰ্বভৌমত্ব (সংসদীয় সাৰ্বভৌমত্ব) সংশোধন পদ্ধতিৰ ভেটি। 

Type Sumit Patar

Class 11 Political science