4.6    সমস্থানিক (Isotopes)


প্ৰকতিত কিছুমান মৌলৰ কেইবাটাও পৰমাণুৰ চিনাক্ত কৰা হৈছে যাৰ পাৰমাণৱিক সংখ্য়া একে কিন্তু ভৰ সংখ্য়া ভিন্ন। উদাহৰণস্বৰূপে,

        এই উদাহৰণসমূহৰ ভিত্তিত সমস্থানিকৰ সংজ্ঞা এনেদৰে দিয়া হৈছে一 একেবিধ মৌলৰে একে পাৰমাণৱিক সংখ্য়াবিশিষ্ট কিন্তু ভিন ভিন ভৰ সংখ্য়াযুক্ত পৰমাণুসমূহক সমস্থানিক বোলা হয়। সেইবাবে আমি ক'ব পাৰো যে হাইড্ৰ' জেন পৰমাণুৰ তিনিটা সমস্থানিক আছে। প্ৰ'টিয়াম, ডয়টেৰিয়াম আৰু ট্ৰিটিয়াম।

        বহুতো মৌল সমস্থানিকৰ একোটা মিশ্ৰ। মৌল এটাৰ প্ৰতিটো সমস্থানিক একোটা বিশুদ্ধ পদাৰ্থ। সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মবোৰ একে। কিন্তু সিহঁতৰ ভৌতিক ধৰ্মবোৰ বেলেগ বেলেগ।

        প্ৰকৃতিত ক্ল'ৰিণ 3 : 1 অনুপাতত 35u ভৰ বিশিষ্ট দুটা সমস্থানিক ৰূপত থাকে। এতিয়া প্ৰশ্ন হ'ল ঃ ক্ল'ৰিণ পৰমাণুৰ ভৰ বুলিলে আমি কি ল'ম।

        প্ৰাকৃতিক মৌল এটাৰ প্ৰকৃতিত পোৱা পৰমাণুবোৰৰ গড় ভৰকে মৌলটোৰ পৰমাণু এটাৰ ভৰ হিচাপে লোৱা হয়। যদি মৌল এটাৰ সমস্থানিক নাথাকে, তেন্তে ইয়াৰ পৰমাণু এটাৰ ভৰ হ'ব পৰমাণু এটাৰ ভৰ হ'ব পৰমাণুটোত থকা প্ৰ'টন আৰু নিউট্ৰনৰ মুঠ সংখ্য়া সমান। কিন্তু যদি মৌল এটা সমস্থানিক ৰূপ থাকে, তেন্তে ইয়াৰ প্ৰতিটো সমস্থানিক ৰূপৰে শতকৰা পৰিমাণ আমি জানিব লাগিব আৰু তাৰ পাছত গড় ভৰ গণনা কৰিব লাগিব।

        ওপৰৰ তথ্য়ৰ ভিতৰত ক্ল'ৰিণৰ গড় পাৰমাণৱিক ভৰ হ'ব

                          

ই এইটো বুজোৱা নাই যে  ক্ল'ৰিণ পৰমাণু এটাৰ ভৰ ভগ্নাংশ, 35.5u।

    ই বুজাইছে যে যদি এক নিৰ্দিষ্ট পৰমাণৰ ক্ল'ৰিণ লোৱা হয়, তেন্তে ক্ল'ৰিণৰ দুয়োটা সমস্থানিক থাকিব আৰু গড় ভৰ হ'ব 35.5u।

প্রয়ােগ

যিহেতু মৌল এটাৰ সকলােবােৰ সমস্থানিকৰ ৰাসায়নিক ধর্মবােৰ একে, সেইবাবে মৌল এটা সমস্থানিকৰ মিশ্ৰ হওঁক বা নহওঁক এই লৈ আমি সাধাৰণতে ব্যগ্র নহও। কিন্তু কিছুমান সমস্থানিকৰ বিশেষ কিছুমান ধর্ম থাকে যিবােৰে অনেক ক্ষেত্ৰত সিহঁতক ব্যৱহাৰােপযােগী কৰি তুলিছে। এইবােৰৰ কিছুমান হ’লঃ─

(i) ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

(ii) ক’বাল্টৰ এটা সমস্থানিক কর্কট ৰােগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

(iii) আয় ডিনৰ এটা সমস্থানিক গৰল (Goitre) ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।


Class 9 General Science Assam SCERT Book. Chapter 4.

Bidyut Thakuria.