আপোন হাতে গঢ়োঁ বুলি

 

আপোন হাতে গঢ়োঁ বুলি

আপোন এখন দেশ

সাহসী মোৰ দেশৰ প্ৰজাই

          দিলে বুকুৰ তেজ ।

 

দেশ বুলিলে নেলাগে আদেশ

         আজিৰ পুৰুষে কয়,

অত্যাচাৰী কংসৰাজো

          নতশিৰ হয়,

যৌৱন উচ্ছল অগণন পুৰুষৰ

         দেশৰ মাটিৰে হয় প্ৰেম ।।

বনফুলে নোৱাৰে ঢাকিব

         শ্বহীদৰ নিৰ্ভীক বুকু

কুশাসনে নোৱাৰে ৰোধিব

         ৰক্তিম প্ৰভাতী সূৰুয

চৌদিশে মুখৰিত মানুহৰ কন্ঠ

        অনুপম আমাৰ স্বদেশ ।।


মঘাই বোলে ঢোলৰ মাত

 

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও

সোণৰ অসম নেলাগে মোক মাটিৰে সজাওঁ

 

মঘাই বোলে মুখৰ কথাত নহয় প্ৰগতি

নেথাকিলে নিষ্ঠা আৰু আদৰ্শ মতি

জানি শুনি নোজেপতি উজুটিহে খাওঁ

 

মঘাই বোলে.....

জাতি দম্ভ অহংকাৰে নেদেখুৱায় বাট

মেলি চালেই দেখোঁ আমি ইতিহাসৰ পাত

বাৰেপতি তেনে বাটত কিয় খোজ পেলাওঁ

 

মঘাই বোলে.......

ৰংপি ৰাভা বসুমতাৰী নহয় ভিন পৰ

আপোন মনে সজাওঁ যদি আপোন এখন ঘৰ

মিলিজুলি শতেক ফুলৰ লুগন্ধি বিলাওঁ

মঘাই বোলে ঢোলৰ মাত ধিনিক ধিন্দাও ।।