’ নবৌ অ’

 

অ’ নবৌ অ’

মোলৈ এজনী ছোৱালী চালিনে নাই

কঁকাল খামুচীয়া

লিহিৰিপতীয়া

বগীকৈ ধুনীয়া চাই

অ’ নবৌ মোলৈ বাৰু তই

এজনী ছোৱালী চালিনে নাই ।

পঢ়িলোঁ-শুনিলোঁ চাকৰি নাপালোঁ

এতিয়া কি কৰোঁ ক

গাঁৱত পৰি আছে মাটি তিনিপুৰা

খেতিতে ধৰোঁ নি ক?

নাঙলৰ খুঁটিতে কিমান শকতি

আজি বুজি পালোঁ মই

খেতিত ধৰিলেও কঠিয়া ৰুবলৈ

ঘৰতনো কোন আছে ক ।

লগৰে ল'ৰাবোৰ বাপেকী হৈ গ'

তই বুজিছনে নাই

গাঁৱৰে জীয়ৰী বোৱাৰী হৈ গ'

খবৰ ৰাখিছনে নাই

কণাই আনে কাণী কুঁজাই আনে কুঁজী

মোলৈ জানো কোনো নাই

গাঁৱৰে এজনী গোটাই তই নিদিলে

মৰিলেও কান্দোতা নাই ।।



আচিয়াং মানে কি

 আচিনায়াং মানে কি অ’ মৰমী

 

আচিনায়াং মানে হ’ল বুকুৰে মৰম

তুমি যদি বুজি পোৱা মোৰে চেনাইটি

 

আইপ মেনাং মানে কি অ মৰমী

 

আইপ মেনাং মানে হল ।

তোমাকে ভাল পাওঁ

লুইতেদি উজায়ে মই তোমালৈয়ে  যাওঁ

 

ঘূণা-সুঁতিৰে পাৰত বহি মোৰ

জংকি-পানৈ কথা শুনিবৰ মন যায়

থাকিবা নে সঁচাকৈ মোৰ ক’নেং ঐ

মই আহিমে বুলি তুমি বাটে চায়

 

ফাগুনত আহিবা লিগাং চাবলৈ

ৰঙা ৰিবি গাচেং গাতে ল’বলৈ

 

আচিনায়াং মানে কি অ’ মৰমী ...।

 

ঐনিতম এটি হৈ মোৰ ক’নেং ঐ

বাজি থাকিবা তুমি মোৰে বুকুত

পাহৰিব নোৱাৰিম মই সঁচাকৈ

ৰাগি আপংৰ লাগিছে বেয়াকৈ

 

মৰমৰ চিলনী সাঁতোৰ দিবলে

আহিবা চেনাই ঐ মোৰে লগতে

আচিনায়াং মানে কি অ’ মৰমী ...।।



মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

 

 মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাবটি বহুতকে ইপাৰে-সিপাৰে

দৰীয়া ঘাটতে কলিজা থেকেচি

লুইতৰ বুকুতে বুকুখনে মেলিদি

ইফালে-সিফালে আনে শুনক বুলি

ঐনিতম এফাকি গায় ।

 

চুই চালে চুই চালে চুই চালে বুজিবা

বুকুৰে ভিতৰত কিহৰে খহনীয়া

মন গলেই মন গ'লেই মন গ'লেই নোৱাৰো

মচিব জানানে হৃদয়ৰে দোমোজা ।

কঁপি উঠা দুটি ওঁঠতে

ৰঙা নীলা কথা মনৰে

কাক ক’ব কোনবা কাষতে

শুনিবলৈ সময় বা হ’বনে

 

দহ টকা দহ টকা দহ টকা ফেৰীৰে ।

কমলা কমলা কমলাবাৰীলে’

আবেলি আবেলি আবেলি আহিলে

গধুলি গধুলি মাজুলীলে’

দেখিবা তেওঁৰ চকুযুৰিতে

তেজ ৰঙা নদী দুখনি

দেখিবা তেওঁৰ শেঁতা হাঁহিত

খহি যোৱা যৌৱন কিজানি ।।



বাৰ শ আঠাইশ চনত আহিছিলে ঐ

 

অসমৰ বৰভেটি বান্ধিছিলে ঐ

খামতি বৰ আহি মৰাণ কছাৰীকে লৈ

সাতোৰাজে কৰিছিলে মৰমেৰে ঐ

স্বৰ্গদেউ চুকাফাই আঁকিছিলে ঐ

বৰ অসমৰে ছবি যতনেৰে ঐ

টুকুৰা টুকুৰ আজি সেই ছবি ঐ

বৰ অসমখনি ৰ’ল সাতোভনী হৈ

বৰগীত ভটিমা পাতনি মেলিছিল

শংকৰে-মাধৱে জাতিটো গঢ়িবলে

কীর্তন দশম নামঘোষা অংকীয়া ভাওনা

জাতিটো ভাষাটো জিনিবলে জগতকে

আজিচোন সকলো আঁতৰিহে গ'

মই কোচ, কার্বি মই বড়ো হ’ল

কিনো ভূল ক’তে ৰ’ল ভাবিবৰে হ’ল

অসমীয়া হ’বলে কোনোৱে নৰ

স্বৰ্গদেউ চুকাফাৰে সপোন ভাগি গ'

বৰ অসমখনি আজি সাতোভনী হ’ল

বিষ্ণুজ্যোতিয়ে ক’লে লুইতৰে পানীয়ে

ৰাখিব আমাকে এক কৰি যুগে যুগে

পাহাৰ আৰু ভৈয়ামে

ভূপেন মামাই গীত জোৰে

জাতিটো একতাৰ ডোলেৰে বান্ধিবলে

আজি চোন সকলো আঁতৰিহে গ'

দিচাঙৰে ডেকাটি মিচিং হৈয়ে ৰ'

জাতি এটা বোলোতেই  বহু জাতি হ’ল

ভাষা এটা বোলোতে অসম ভাগি গ'

কঁকালতে টঙালিখন বান্ধিবৰে হ’ল

আকৌ এবাৰ অমীয়া জাগিবৰে হ’ল

আকৌ এবাৰ অসমীয়া জাগিবৰে হ’ল ।।



ঐ মাছৰে ভালে পাওঁ

 

ঐ মাছৰে ভালে পাওঁ মোৱা, খলিহনা

সাকৰে ভালে পাও পালেং, লফা

ছোৱালিৰ ভালে পাওঁ মিঠা বৰণ ঐ

কঁকাল লাহী পাহী কুন্দত কটা

তোকে দেকা পাই বাঢ়িছে জান ঐ

মনৰে ভিতৰত নৈ নিজৰা

 

ঘৰ ভাড়াঘৰ বিছনা নাই

তোৰ বুকুতে জাননে নাই

বছৰ দুবছৰ কতাই আনলে

বাসস্থান নিবলে মোৰ সময় নাই

মাছৰে ভাল পাওঁ....।

 

ভৰসা কৰিব পৰা এজন

কটাব পাৰি যাৰ সতে জীৱন

সদায়টো লগ নাপাবি জান ঐ

সময় থাকোতে তই মোক বাচি ল।।