ৰাজনৈতিক নেতৃত্বৰ পৰিপক্কতা
ওপৰত দফাটোত আমি ন্যায়পালিকাৰ ভূমিকা সম্বন্ধে কৰা আলোচনাই আৰু এটা তথ্য উদঙাই দেখুৱায়। ১৯৬৭ াৰু ১৯৭৩ চনৰ মাজত হোৱা তীব্ৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত সংসদ আৰু কাৰ্যপালিকাইও উপলদ্ধি কৰিছিল যে এটা সুসম আৰু দীৰ্ঘম্যাদী দৃষ্টিভঙ্গীৰ আৱশ্যেক আছিল। কেশৱানন্দ গোচৰত সৰ্বোচ্চ ন্যায়লয়ে দিয়া ৰায়দানৰ পাচত আদালতৰ ৰায় পুনৰ বিবেচনা কৰিবলৈ কিছু প্ৰচেষ্টা চলোৱা হৈছিল। এইবোৰ ব্যৰ্থ হোৱাৰ পাছত ৪২ তম সংশোধনী দ্বাৰা সংসদীয় শ্ৰেষ্টত্ব প্ৰতিপন্ন কৰা হল। কিন্তু ১৯৮০ চনত মিনাৰ্ভা মিল গোচৰত আদালতে ইয়াৰ আগৰ অৱস্থান পুনৰাবৃত্তি কৰিলে। গতিকে, কেশবানন্দ গোচৰৰ ৰায়দানৰ তিনি দশকৰ পাচতো আমাৰ সাংবিধানিক ব্যাখ্যাত এই ৰায়দানে প্ৰভাৱ পেলাই আছে। ৰাজনৈতিক দল, ৰাজনৈতিক নেতা, চৰকাৰ আৰু সংসদে অলঙ্খনীয় মূল গাঁথনিৰ ধাৰণা মানি লৈছিল। আনকি যেতিয়া সংবিধানৰ পুনৰীক্ষণৰ কথা ওলাইছিল, তেতিয়া মূল গাঁথনিৰ তত্বই সৃষ্টি কৰা সীমা ই অতিক্ৰম কৰিব পৰা নাছিল।
সংবিধানখন ৰচনা কৰাৰ সময়ত আমাৰ দেশৰ নেতা আৰু জনসাধাৰণে ভাৰত সম্পৰ্কে উমৈহতীয়া সাপোন দেখিছিল। স্বাধীনতাৰ সময়ত নেহৰুৰ বিখ্যাত ভাষণত এই সপোনক নিয়তিৰ লগত মিলনৰ সপোন বুলি বৰ্ণনা কৰা হৈছিল। সংবিধানে সভাতো সকলো নেতাই এই সপোনৰ কথা উল্লেখ কৰিছিল। ব্যক্তিৰ মৰ্য্যদা আৰু স্বাধীনতা, সামাজিক আৰু অৰ্থনৈতিক সমতা মানুহৰ কল্যাণ ঐক্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা জাতীয় সংহতি। এই সপোন জীয়াই ৰাখিছে আৰু ইয়াক সম্পন্ন কৰিবলৈ আশা পুহি ৰাখিছে। গতিকে, এই সপোনৰ ভিত্তিত গঢ়ি উঠা সংবিধানখন আধা শতিকাৰ পিছতো শ্ৰদ্ধা আৰু কৰ্তৃত্বৰ বিষয় হৈ আছে। আমাৰ ৰাজহুৱা ধাৰণা নিয়ন্ত্ৰণ কৰি ৰখা মূল প্ৰমূল্য সমূহ একেদৰে আছে।
Type Sumit Patar
Class 11 Political science
Post ID : DABP004005