বিধিগত প্ৰাপ্য সমূহ

 এই পাঁচটা প্রাপ্য সমূহক সংবিধানৰ বহুমূলীয়া আহৰণ বুলিব পাৰি। ইয়াৰ উপৰিও আন কেইটামান বিধিগত প্রাপ্য আছে। 

* প্রথমতে , ভাৰতীয় সংবিধানত এক ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰত বিশ্বাস কৰা পৰিলক্ষিত হয়। আমি অৱগত যে প্রায় বহুতাে গােট আৰু বিবিধ স্বার্থ ভালদৰে সাংবিধানিক সভাত প্রতিনিধিত্ব হােৱা নাই। কিন্তু, সভাৰ বিতৰ্কত দেখা যায় যে, সংবিধান প্রণেতাসকলে তেওঁলােকৰ প্ৰচেষ্টাৰ দ্বাৰা সকলােকে সামৰি লব খুজিছিল। এই খােলা - সমাপ্তীকৰণে প্ৰকাশ কৰিছে যে , মানুহৰ ইচ্ছা শক্তিক বর্তমান গুৰুত্বতকৈ পৰিৱৰ্তন কৰিব পাৰি। চমুকৈ, ফলাফলসমূহক ন্যায়পূৱকভাৱে চাবলৈ হ'লে কাৰণসমূহক জনস্বার্থতকৈ অধিক গুৰুত্ব দিব লাগে। ইয়াৰ লগতে দেখা যায় যে, এক ইচ্ছাশক্তিৰ যােগেদি সৃষ্টি হােৱা মূল্যবোধ অলপ বেলেগ আৰু অ- মতামতৰ দ্বাৰা স্বীকৃতি দিয়া হয় । 

* দ্বিতীয়তে, ই উপযুক্ততা আৰু সন্মতি ভাৱৰ প্ৰতিচ্ছৱি দাঙি ধৰে। আন শব্দত উপযুক্ততা আৰু সন্মতি সকলাে অৱস্থাত অ - প্রমাণিত নহয়। সকলােবােৰ সন্মতি বেয়া নহয়। যদি কিছুমান মূল্যবােধ নিজ - স্বার্থৰ বাবে আদান - প্রদান হয়, তেনে অৱস্থাত আমাৰ সন্মতিৰ ক্ষেত্ৰত বেয়াৰ ফালে যােৱা স্বাভাৱিক। আন ফালে যদি এটা মূল্যবােধ সমসাময়িক লােকৰ মাজত আদান - প্রদান হয়, তেনে অৱস্থাত ফলাফল পৰিলক্ষিত কৰা জটিল। আমি ক'লেই নহ'ব যে, আমি সকলােবােৰ পাব নােৱাৰাে , কিন্তু সকলােবােৰৰ অলপ আহৰণ কৰিব পৰাটো নৈতিকভাৱে কম গুৰুত্বপূৰ্ণ নহয়। ইয়াৰ উপৰিও এটা ধাৰণাৰ ওপৰত সম্পূর্ণ বিশ্বাস কৰা , যিটো হৈছে গুৰুত্বপূৰ্ণ সমস্যাৰ সিদ্ধান্তত উপনিত হ’বলৈ সন্মত হােৱা যদিও সংখ্যাগৰিষ্ঠতা নৈতিকভাৱে সমানেই প্রশংসনীয় ।

Type Sumit Patar

Class 11 Political science 



Post ID : DABP003820