অনৈক্যতা আৰু সংখ্যালঘুৰ অধিকাৰৰ প্রতি সম্মান 

 ভাৰতীয় সংবিধানে বিভিন্ন সম্প্রদায়সমূহৰ মাজত ঐক্যতা আনিব খােজে। এয়া আমাৰ দেশত সহজ নহয়। কাৰণ প্ৰথমতে , বিভিন্ন সম্প্রদায়সমূহৰ সম্পর্ক সমতাৰ ওপৰত নিৰ্ভৰ নহয় , তেওঁলােকৰ সম্পর্ক অধিক্রম নীতিৰ ওপৰত নিৰ্ভৰশীল। দ্বিতীয়তে , সমানভাৱে চাবলৈ যাওঁতে তেওঁলােকৰ মাজত শত্রুতা বাঢ়ে। এইটো সংবিধান প্রণেতাসকলৰ বাবে এক প্রত্যাহ্বান কেনেধৰণেৰে সম্প্রদায়সমূহৰ মাজত পাৰস্পৰিক উদাৰনৈতিক দৃষ্টিভংগী অনা যায় আৰু বলপূৱকভাৱে অধিক্রম নীতিৰ যােগেদিও অনৈক্যৰ মাজত ঐক্য আনিব পাৰি ? 

    এই সমস্যাটো সহজতে নিৰাময় কৰিব পৰা গ'লহেতেন , যদিহে পশ্চিমীয়া উদাৰনৈতিক সংবিধানসমূহৰ দৰে ভাৰতীয় সংবিধানেও সম্প্রদায়সমূহক গুৰুত্ব নিদিলেহেঁতেন। কিন্তু , আমাৰ দেশত ই সম্ভৱপৰ নহয়। অৱশ্যে , এই বিভিন্ন সম্প্রদায়সমূহেই ইয়াৰ কাৰণ নহয়। প্রত্যেকৰে নিজা নিজা সাংস্কৃতিক সম্প্রদায় আছে আৰু প্রত্যেকৰে নির্দিষ্ট মূল্যবােধ , পৰম্পৰা , প্রথা আৰু ভাষা আছে। উদাহৰণস্বৰূপে , ফ্রান্স আৰু জাৰ্মানীৰ ব্যক্তিসকল এক নির্দিষ্টভাষিক , সম্প্রদায়ৰ লগত জড়িত আৰু তেওঁলােকৰ মাজত ঘনিষ্ঠতা আছে। আমাৰ ক্ষেত্ৰত কিন্তু সাম্প্রদায়িক মূল্যবােধৰ গুৰুত্ব অধিক। বিশেষকৈ ভাৰতবৰ্ষ এখন বিভিন্ন সাংস্কৃতিক - সাম্প্ৰদায়ৰ দেশ। আনহাতে জার্মানী বা ফ্রান্সত ভাষিক আৰু ধর্মীয় সম্প্রদায় বেছি। এইখিনিতে ক'ব পাৰি যে কোনাে এটা সম্প্রদায়ে আন এটা সম্প্রদায়ক শাসন কৰিব নােৱাৰে। ইয়াৰ ওপৰতে ভিত্তি কৰি আমাৰ সংবিধানে সম্প্রদায়সমূহৰ ওপৰত অধিকাৰ প্রণয়ন কৰিছে। 

    এটা এনেধৰণৰ অধিকাৰ হৈছে , ধর্মীয় সম্প্রদায়সমূহে নিজা নিজা অনুষ্ঠানসমূহ প্রতিষ্ঠা কৰা আৰু পৰিচালনাৰ অধিকাৰ। এইক্ষেত্ৰত চৰকাৰে বিত্তীয় অনুমােদন জনায়। এই ব্যৱস্থাই ভাৰতীয় সংবিধানৰ উদাৰ প্ৰকৃতিক প্রকাশ কৰে।

Type Sumit Patar

Class 11 Political Science 




Post ID : DABP004011