সামাজিক ন্যায়

আমি যেতিয়া ভাৰতীয় সংবিদানক উদাৰবাদী বুলি আখ্যা দিওঁ, তেতিয়া ই ঐতিহ্যগত পশ্চিমীয়া উদাৰনৈতিক ভাৱধাৰক নুবুজায়। ৰাজনৈতিক তত্ত্বৰ কিতাপত উদাৰতাবাদৰ সম্পৰ্কে তোমালোকে বহু কথাই শিকিব পাৰিবা। ই সদায়েই ব্যক্তিগত অধিকাৰ সামাজিক ন্যায় আৰু সাম্প্ৰদায়িক মূল্যক অগ্ৰাধিকাৰ দিয়ে।  

ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত উদাৰনৈতিক দৃষ্টিভংগীয়ে দুটা কথা বুজায়। প্ৰথমতে ইয়াক সামাজিক ন্যায়ৰ  সতে জড়িত কৰিব পাৰি। তাৰ এটা গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে পিছপৰা জাতি -জনজাতি বাবে থকা সংৰক্ষণৰ ব্যৱস্থা। সংবিধানৰ প্ৰণেতাসকলে বিশ্বাস কৰিছিল যে, কেৱল সমতাৰ অধিকাৰ দিয়াৰ ফলত বৃদ্ধ অৱস্থাৰ দুখ বা প্ৰণেতাসকলে পিচপৰা জাতি- জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিধানমগুলৰ স্থান সংৰক্ষণৰ ব্যৱস্থা কৰিছে। সংবিধানে ইয়াৰ উপৰিও বিভিন্ন দিশত চাকৰিৰ ব্যৱস্থা কৰিছে। 

ভাৰতীয় উদাৰনৈতিকতাৰ দুটা দিশ আছে। প্ৰথম দিশটো আৰম্ভ হয় ৰামমোহন ৰায়ৰ পৰা। তেওঁ ব্যক্তিগত  অধিকাৰ, বিশেষকৈ নাৰীৰ  অধিকাৰক গুৰুত্ব দিছিল। দ্বিতীয় দিশত কে.চি.চেন. ৰাণা ন্যায়াধীশ দে আৰু স্বামী বিবেকানন্দৰ মাজেদি সামাজিক ন্যায় আৰম্ভ কৰিছিল। 

Type Sumit Patar

Class 11 Political science



Post ID : DABP004010