প্ৰাপ্তবয়স্ক ভোটাভিকাৰ 

সংবিধানৰ আৰু দুটা বৈশিষ্ট আছে, যিকেইটা  গুৰুত্বপূৰ্ণ। প্ৰথমটো হৈছে ব্যক্তিক দিয়া প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ ব্যৱস্থাটো। ভাৰতবৰ্ষৰ পাৰস্পৰিক অধিক্ৰম নীতিৰ বিপৰীতে ভোটদানৰ অধিকাৰ মহিলা আৰু শ্ৰেণী লোকসকলক প্ৰদান কৰা হৈছে।

    যি মূহূৰ্ততে অভিজাত শ্ৰেণী মাজত ৰাষ্ট্ৰৰ বাৱধাৰা আৰম্ভ হয় লগে লগে গণতান্ত্ৰিক স্ব- চৰকাৰৰ আৰম্ভণি হয়। ফলস্বৰূপে ভাৰতীয় জাতীয়তাবাদে সদায়ই এক ৰাজনৈতিক ব্যৱস্থা ভিত্তিত প্ৰত্যেক সামাজিক সদস্যৰ মত প্ৰকাস কৰে। প্ৰাপ্তবয়স্ক ভোটাধিকাৰ জাতীয়তাবাদৰ মূল ভিত্তি। পূৰ্বৰ ভাৰতীয় সাংবিধানিক বিল (১৮৯৫) খনেই আচিল অনানুষ্ঠানিক প্ৰথমটো প্ৰচেষ্টাৰ যোগেদি প্ৰত্যেকজন ভাৰতীয় নাগৰিকক দেশৰ সকলো কাৰ্য্যত লিপ্ত হোৱাৰ অধিকাৰ, লগতে ৰাজহুৱা কাৰ্য্যালয়ত দায়িত্ব ভাৰ গ্ৰহণ কৰা সন্মতি দিয়া হৈছিল। মতিলাল নেহৰুৰ ৰিপৰ্ট (১৯২৮) ৰ দ্বাৰা নাগৰিকত্বৰ  এই ভাৱধৰাক পুনৰবাৰৰ বাবে গুৰুত্ব দিয়া হৈছিল। ইয়াত উল্লেখ আছিল প্ৰত্যেকজন ব্যক্তিয়েই একৈশ বছৰ বয়সত ভোটদানৰ অধিকাৰ পাব। সেয়ে, পূৰ্বৰ পৰাই প্ৰাপ্তবয়স্ক ভোটাধিকাৰটো ৰাষ্ট্ৰৰ মত প্ৰকাশ কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম বুলি কোৱা হয়। 

Type Sumit Patar

Class 11 Political Science 



Post ID :DABP003815