আমি কিয় খচৰা সমিতিৰ বিষয়ে জানিব লাগে?

আমি কিয় পিছলৈ উভটি চাওঁ আৰু নিজকে অতীতৰ সৈতে সাঙুৰি ৰাখাে ? আইনগত আৰু ৰাজনৈতিক আদৰ্শৰ ভিত্তি বিচাৰি অতীতলৈ উভটি যােৱা সেই কামটো এজন বৈধ বুৰঞ্জীবিদৰ হ’ব পাৰে। সংবিধান ৰচয়িতাসকলৰ অভিপ্রায় আৰু উদ্বিগ্নতা অধ্যয়নৰ বাবে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ - ছাত্ৰীসকল কিয় আগ্রহী হােৱা উচিত ? পৰিবৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংবিধানৰ এটা নতুন আৰু আদৰ্শগত , কার্যৰ

সংজ্ঞা নির্ধাৰণৰ বাবে বিচাৰ কৰি নাচাওঁ কিয় ? 

আমেৰিকাৰ ক্ষেত্ৰত-  সংবিধান লিখা হৈছিল ওঠৰশ শতিকাৰ শেষ ভাগত - বর্তমান একৈশ শতিকাত তাৰ মূল্য আৰু মানদণ্ডৰ মূল্যায়ণ কৰিব নােৱাৰি। কিন্তু ভাৰতৰ ক্ষেত্ৰত প্রাচীন গাঁথনিৰ তুলনাত বর্তমান যুগৰ দ্রুত পৰিবর্তন ঘটা নাই। আমাৰ মূল্যবােধ , আদর্শ আৰু ধাৰণাৰ ক্ষেত্ৰত খচৰা সমিতিয়ে প্রস্তুত কৰা আদৰ্শৰ পৰা পৃথক হৈ যােৱা নাই। আমাৰ সংবিধানৰ ঐতিহ্য বর্তমানেও জীয়াই আছে। 

    আমি ৰাজনৈতিক আৰু ন্যায়িক ব্যৱহাৰৰ ক্ষেত্ৰত বহু কথাই সাধাৰণভাৱে লওঁ।  ফলস্বৰূপে ইয়াত থকা আনুষ্ঠানিক নীতিসমূহৰ প্ৰাসংগিকতাক উলাই কৰাে যেতিয়া এইসমূহ ভালেৰে চলি থাকে , ই অপকাৰ নকৰে। কিন্তু , যেতিয়াই ইয়াৰ ব্যৱহাৰিকাৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হয় , তেতিয়া সাংবিধানিক নীতিসমূহে অপকাৰ কৰিব পাৰে। সেইবাবেই আমি সাংবিধানিক সভাৰ বাদানুবাদৰ সময়লৈ উভতি যাব লাগে , লগতে সময় সাপেক্ষে ঔপনিৱেশিকতা যুগলৈও উভতি যাব লগা হ'ব পাৰে আৰু সেয়ে , আমাৰ সংবিধানৰ ৰাজনৈতিক দার্শনিকতাৰ কথা মনত ৰাখিব লাগে।

Type Sumit Patar

Class 11 Political Science



Post ID : DABP004007