সংবিধানৰ ইমানবোৰ সংশোধনৰ প্ৰয়োজন কিয় হল? 

২০০৬ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানে ৫৬ বছৰ পূৰ্ণ কৰিলে। এই ৫৬ বছৰত ইয়াক ৯৩ বাৰ সংশোধন কৰা হয়। সংবিধান সংশোধনৰ তুলতানামূলকভাৱে জটিল প্ৰক্ৰিয়ালৈ চাই সংশোধন হল আৰু তাৰ অৰ্থ কি চাওঁচোন আহা।

    প্ৰথমে আমি সংশোধনৰ চমু ইতিহাসলৈ চাওঁ আহা। তলৰ ৰেখাচিত্ৰটোলৈ সাৱধানে লক্ষ্য কৰা। দুটা পৃথক ধৰণে একোটা তথ্য দাঙি ধৰা হৈছে। প্ৰথম ৰেখাচিত্ৰটিত প্ৰতি ১০ বছৰৰ মূৰে মূৰে সংবিধান সংশোধনী সংখ্যা দেখুওৱা হৈছে। দীঘল ৰেখাচিত্ৰই ১০ টা সংশোধনীৰ বাবে লোৱা সময়সীমা দেখুৱাইছে। তোমালোকে দেখিবা যে ১৯৭০ চনৰ পৰা ১৯৯০ চনলৈ পৰা ১৯৯০ চনলৈ এই দুটা দশকত বহুসংখ্যক সংশোধনী হৈছে। আনহাতে, ২য় ৰেখাচিত্ৰই আৰু এটা কাহিনী কৈছে। ১৯৭৪ চনৰ পৰা ১৯৭৬ চনলৈ এই ৩ বছৰৰ কালছোৱাত ১০ বাৰ সংশোধন হৈছিল। আকৌ ২০০১ চনৰ পৰা ২০০৩ লৈ মাত্ৰ ৩ বছৰত ১০ বাৰ সংবিধান সংশোধন হৈছিল। আমাৰ দেশৰ ৰাজনৈতিক ইতিহাসত এই দুয়োটা সময়ৰ উল্লেখনীয়ভাৱে বেলেগ। প্ৰথম চোৱা সময়ত কংগ্ৰেছ দলৰ প্ৰভূত্ব আছিল। সংসদত কংগ্ৰেছ দলৰ বিশাল বহুমত আছিল।(লোকসভাত ৩৫২ জন সদস্য আৰু বেছিভাগ  ৰাজ্যিক বিধানমগুলতে সংখ্যাগৰিষ্ঠ) আনহাতে, ২০০১ চনৰ পৰা ২০০৩ ৰ মাজৰ সময়ঠছোৱাত সন্মলিত ৰাজনীতিৰ যুগ আছিল। এই সময়ছোৱাত বেলেগ বেলেগ  ৰাজ্যত বেলেগ বেলেগ দলৰ চৰকাৰ আছিল। বি.জে. পি. দল আৰু ইয়াৰ বিৰোধীতাসকলৰ তীব্ৰ প্ৰতিদ্বণ্ডিতা এই সময়ৰ আন এটা বৈশিষ্ট আছিল। কিন্তু তথাপি, মাত্ৰ ৩ বছৰত ১০ টাকৈ সংশোধন হৈছিল। গতিকে শাসকদলৰ সংখ্যাগৰিষ্টতা প্ৰকৃতিৰওপৰতে কেৱল সংশোধনী বিষয়টো নিৰ্ভৰ কৰে।

     সংশােধনৰ সংখ্যা সন্দৰ্ভত সদায়েই সমালােচনা হৈ আহিছে । কোৱা হয় যে ভাৰতৰ সংবিধানখনৰ মাত্ৰাধিক সংশােধন হৈছে । ৫৫ বছৰত ৯৩ বাৰ সংবিধান সংশােধন হােৱাটো আচহুৱা যেন লাগে । কিন্তু ওপৰৰ ৰেখাচিত্র দুটাই দেখুৱায় যে কেৱল ৰাজনৈতিক বিবেচনাৰ বাবে সংশােধন কৰা নহয় । প্রতিটো দশকতে সংশােধন নিয়মীয়া প্ৰৱাহ হৈছে । ইয়াৰ অৰ্থ হ'ল ৰাজনীতিৰ প্রকৃতি আৰু ক্ষমতাত থকা দল নির্বিশেষে সময়ে সময়ে সংশােধনৰ প্রয়ােজন হৈছিল । ই মূল সংবিধানখনৰ স্বল্পতাৰ বাবে হৈছিল নেকি বাৰু ? সংবিধানখন বৰ বেছি নমনীয় নেকি ? 

Type Sumit Patar

Class 11 Political Science 




Post ID : DABP004250