পাঠ-১

ভূ-পৃষ্ঠত সময় গণনা


(১) অক্ষৰেখা কাক বোলে ? 

উত্তৰঃ-- বিষুৱৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হ'ল অক্ষৰেখা । 


(২) অক্ষাংশ কাক বোলে ? 

উত্তৰঃ-- কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই হ'ল সেই ঠাইখনৰ অক্ষাংশ ।  


(৩) ডিগ্ৰী একক ক'ত ব্য়ৱহাৰ কৰা হয় ? 

উত্তৰঃ-- গোলাকাৰ অৱয়বৰ পৃষ্ঠভাগত কৌণিক দূৰত্বৰ মান বুজাবলৈ ডিগ্ৰী একক ব্য়ৱহাৰ কৰা হয় । 


(৪) দ্ৰাঘিমাৰেখা কাক বোলে ? 

উত্তৰঃ-- প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হ'ল দ্ৰাঘিমাৰেখা । 


(৫) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে ? 

উত্তৰঃ-- পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০॰ কোণ উৎপন্ন কৰে । 


(৬) স্থানীয় সময় কাক বোলে ? 

উত্তৰঃ-- কোনো এখন ঠাইৰ মধ্য়াহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে । 


(৭) গ্ৰীনিজ মান সময় কাক বোলে ? 

উত্তৰঃ-- প্ৰাথমিক দ্ৰাঘিমাৰেখাডালৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে । 


(৮) মান সময় কাক বোলে ? 

উত্তৰঃ-- দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে যি সময় গণনা কৰা হয় তাকে দেশখনৰ মান সময় বোলে । 


(৯) মান দ্ৰাঘিমাৰেখা কাক বোলে ? 

উত্তৰঃ-- যিডাল দ্ৰাঘিমাৰেখাক মান সময় গণনাৰ বাবে লোৱা হয় তাক মান দ্ৰাঘিমাৰেখা বোলে । 


(১০) আমাৰ সচৰাচৰ ঘড়ীবোৰ সাধাৰণতে কিমান ঘণ্টীয়া ? 

উত্তৰঃ--  আমাৰ সচৰাচৰ ঘড়ীবোৰ সাধাৰণতে ১২ ঘণ্টীয়া । 


(১১) ৩৬০॰ অতিক্ৰম কৰিবলৈ পৃথিৱীক কিমান সময় লাগে ? 

উত্তৰঃ-- ৩৬০॰ অতিক্ৰম কৰিবলৈ পৃথিৱীক ২৪ ঘণ্টা সময় লাগে । 


(১২) নাবিক আৰু বৈমানিকসকলে কিহৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰে ? 

উত্তৰঃ--  নাবিক আৰু বৈমানিকসকলে  ক্ৰনমিটাৰ যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰে । 


(১৩) চেক্সটাণ্ট যন্ত্ৰৰ সহায়ত কি নিৰ্ণয় কৰিব পাৰি ? 

উত্তৰঃ--  চেক্সটাণ্ট যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি। 


(১৪) ১॰ দ্ৰাঘিমাংশৰ অন্তৰত সময়ৰ ব্য়ৱধান কিমান হয় ? 

উত্তৰঃ-- ১॰ দ্ৰাঘিমাংশৰ অন্তৰত সময়ৰ ব্য়ৱধান হয় ৪ মিনিট । 


(১৫) ১ ঘণ্টাত দ্ৰাঘিমাংশৰ ব্য়ৱধান কিমান হয় ? 

উত্তৰঃ-- ১ ঘণ্টাত দ্ৰাঘিমাংশৰ ব্য়ৱধান হয় ১৫॰ । 


(১৬) পৃথিৱীৰ কি গতিৰ ফলত পূবৰ ঠাইসমূহ প্ৰথমেই সূৰ্যৰ মুখামুখি হয় ? 

উত্তৰঃ-- পৃথিৱীৰ আহ্নিক গতিৰ ফলত পূবৰ ঠাইসমূহ প্ৰথমেই সূৰ্যৰ মুখামুখি হয় । 


(১৭) নিশা ১২ বজাৰ পৰা দিনৰ ১২ বজালৈ সময়খিনিক কি বোলে ? 

উত্তৰঃ-- নিশা ১২ বজাৰ পৰা দিনৰ ১২ বজালৈ সময়খিনিক পূৰ্ব মধ্য়াহ্ন বোলে । 


(১৮) আকৌ দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ সময়খিনিক কি বোলে ? 

উত্তৰঃ-- আকৌ দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ সময়খিনিক উত্তৰ মধ্য়াহ্ন বোলে । 


(১৯) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্য়া কিমান ? 

উত্তৰঃ--  দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্য়া ৩৬০ ডাল । 


(২০) আজিকালি কিহৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু ঠাইখনৰ সমুদ্ৰ-পৃষ্ঠৰ পৰা উচ্চতা সহজতে নিৰ্ণয় কৰিব পাৰি ? 

উত্তৰঃ-- আজিকালি জি পি এছ নামৰ সৰু যন্ত্ৰ এটিৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু ঠাইখনৰ সমুদ্ৰ-পৃষ্ঠৰ পৰা উচ্চতা সহজতে নিৰ্ণয় কৰিব পাৰি ।